মানুহবোৰ যদি মানুহেই নহ’ল হেঁতেন
বনজিত দাস
ৰিহাবাৰী, বজালী
ক’ব পাৰিবানে বাৰু
মানুহ বোৰ কিমান নৰাধম হ’লে
আপোন জনক হত্যা কৰিব পাৰে
কিমান পশুতুল্য হ’লে
প্ৰকৃতিৰ বন-বননি জ্বলাই শেষ কৰিব পাৰে
মানুহবোৰ যদি মানুহেই নহ’ল হেঁতেন !
ক’ব পাৰিবানে বাৰু
কিমান মানুহ অমানুহ হ’লে
জ্বলাই দিব পাৰে জীয়া জীয়া মানুহ
মানুহ বাৰু পিশাচৰ দৰেই
হাঁহিব পাৰেনে হত্যা কৰি
মানুহ বোৰ যদি মানুহেই নহ’ল হেঁতেন !
ধৰ্মৰ বাবেই যদি মানুহ হত্যা হয়
সিটো বাৰু কোন ধৰ্ম কয়
ক’ব পাৰিবনে বাৰু
কিমান ত্যাগৰ বিনিময়ত
মুকলি আকাশত তলত জিৰাব পাৰি
মুখা মুখিকৈ বহি লৈ
অন্তৰে অন্তৰলৈ বৈ যায় নদী
হৃদয় জিনিবলৈ কিমান বাকী
কাৰ বাবে হেৰাই মাটি
কোনে কাঢ়ি নিলে সুৰীয়া বাঁহী ?
মানুহ বোৰ যদি মানুহেই নহ’ল হেঁতেন !
