মানুহক লৈ নাহাঁহিবা,মানুহবোৰক লগত লৈ হাঁহিবা
চন্দ্ৰ শেখৰ পৰাজুলী,
বিশ্বনাথ চাৰিআলি
” विदेशेषु धनं विद्या व्यसनेषु धनं मति:।
परलोके धनं धर्म: शीलं सर्वत्र वै धनम्॥”
উপৰোক্ত উল্লেখিত কৰা সংস্কৃত শ্লোকৰ অৰ্থবোৰ এইদৰে আছে যে, বিদেশত গলে ধনে বিদ্যা হয়। সংকটৰ সময়ত উপস্থিত বুদ্ধিয়ে ধন হয়।পৰলোক গমনত ধৰ্ম অৰ্জনকে ধন বুলি কব পাৰি।তথা মানুহৰ ভাল চৰিত্ৰবোৰ সৰ্বত্ৰ ঠাইতে ধন হয় বা ধনৰ কাম কৰে। এই সংস্কৃত শ্লোকৰ বাখ্যা কৰাৰ প্ৰয়োজনীয়তা এই কাৰনে আছে যে,একমাত্ৰ চৰিত্ৰৱান লোকসকলে সকলো স্থানতে সৰ্বোচ্চ মৰ্যাদা দখল কৰিবলৈ সক্ষম হয়। এতিয়া কথা হল এজন চৰিত্ৰৱান লোকে একেবাৰে নিকৃষ্টতম মানুহকো ঠাট্টা কৰি কেতিয়াও হাঁহি নামাৰে। পৰাপক্ষত চৰিত্ৰৱান লোকসকলে কেতিয়া আৰু কত সামাজিক ভাবে একলগ হৈ হাঁহিব লাগে তাৰ শিক্ষা প্ৰদান কৰে। অৰ্থাৎ মই কোৱা কথাষাৰৰ তাৎপৰ্য এইটোবে যে, নিজে সদায় চৰিত্ৰৱান লোকৰ শাৰীত পৰিবলৈ যত্ন কৰি কেতিয়াও মানুহক লৈ নাহাঁহিবা,মানুহবোৰক লগত লৈ হাঁহিবা ।
হাঁহি মাৰিলে মানুহৰ বয়সত বৃদ্ধি হয় বুলি বৈজ্ঞানিক সকলে মত পোষণ কৰা বিভিন্ন মাধ্যমৰ জৰিয়তে শুনি আহিছোঁ। এতিয়া কথা হল এতিয়ালৈকে চাগে বৈজ্ঞানিক সকলে এইটো গবেষণা কৰিবলৈ সক্ষম হোৱাগৈ নাই চাগে কেনেকুৱা ধৰনৰ হাঁহি মাৰিলে মানুহৰ বাবে উপকৃত বা লাভদায়ক হয় নহয়নে? মানুহে হাঁহি মাৰোতেও নিশ্চয় বহুতো ভাগ আছে। এইবিলাক ইয়াতে বাখ্যা কৰিবলৈ নাযাওঁ। কাৰণ এইটো আমাৰ আজিৰ বিষয়- বস্তু বাখ্যা কৰাৰ উদ্দেশ্যে নহয়। তথাপিও ইয়াতে এটা উল্লেখ কৰিব পাৰি যে,যি হাঁহি জৰিয়তে আনক হিংসা, ঠাট্টা, নিন্দা,তুচ্ছ,উপলুঙা কৰিবৰ বাবে নহয় তথা কেৱল নিজা আন্তৰিক মনোৰঞ্জন বাবে সামাজিকভাবে যিবোৰ হাঁহি মানুহৰ মুখত ফুটি উঠে তেনেকুৱা ধৰনৰ হাঁহিয়ে সৰ্বকালৰ বাবে সৰ্বশ্ৰেষ্ঠ বুলি আখ্যা দিব পাৰি। আমি প্ৰতিজন মানুহে পৰাপক্ষত কেবল আত্ম তৃপ্তিৰ বাবে হাঁহি এটি মৰাৰ প্ৰতি অগ্ৰসৰ হওঁ। কিন্তু চৰিত্ৰৱান লোকসকলে এটি মিঠা হাঁহি কেৱল নিজৰ আত্মতৃপ্তিৰ বাবে সীমাবদ্ধ নকৰি একেবাৰে ৰাজহুৱা বা বহু লোকৰ অন্তৰত তৃপ্তি প্ৰদান কৰিব পৰাকৈ হাঁহি খিলিকনি ফুটাই তুলা দেখিবলৈ পোৱা যায়। অৰ্থাৎ এজন সচা,সত্য অন্তৰৰ মানুহৰ সমাজখনক বহল দৃষ্টিৰে পৰ্যালোচনা কৰা দেখা যায়। এই আলোচনাৰ জৰিয়তে যিসকল লোকে নিজকে সংশোধন কৰাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে কেৱল মাত্ৰ তেওঁলোকৰ বাবেহে এই লিখনি প্ৰকাশ কৰা হৈছে ।অন্যথা উপলুঙা কৰা মানুহৰ আমাৰ সমাজত অভাৱ একেবাৰে নাই। আৰু তেনেকুৱা ধৰনৰ লোকসকল নিজেই নিজৰ বাবে হাঁহিৰ পাত্ৰ। অৰ্থাৎ সদায় আনৰ উপলুঙা কৰা মানুহবোৰ নিজেই নিজৰ বাবে সন্দেহযুক্ত।
