মানুহক মানুহ লাগে
টিংকু বৰা,লখিমপুৰ
মোৰ হাতৰ মুঠিৰ পৰা সৰি পৰিছিল
এমুঠি পয়ালগা সপোন,
ৰঙবিহীন অথচ প্ৰাণাকুল ।
ভাঙি ছিঙি চূৰমাৰ হৈ যোৱা সপোনবোৰক
পুনৰুজ্জীৱিত কৰিবলৈও
নাছিল এখনি বিশ্বাসৰ হাত !
জীয়াই থাকিবলৈ কিছুমান সপোন লাগে ।
আৰু সপোনবোৰক জীৱন্ত ৰূপ দিবলৈ,
মানুহক মানুহ লাগে ।
সপোনবোৰ মৰহি যোৱাৰ পিছত ,
জীৱনক নৱৰূপ দিবলৈও
মানুহক মানুহ লাগে
হয়তো, কাৰোবাৰ সাহস হʼবলৈ,
কাৰোবাৰ দুৰ্বলতা হʼবলৈ,
কিম্বা, কাৰোবাক বিশ্বাসঘাটকতা কৰিবলৈ…