মানুহক ঠগিবলৈ‌ আৰম্ভ কৰি দিলেই বোলে, বহুত বুদ্ধিয়ক – চন্দ্ৰ শেখৰ পৰাজুলী

PC - Freepik

মানুহক ঠগিবলৈ‌ আৰম্ভ কৰি দিলেই বোলে, বহুত বুদ্ধিয়ক

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

আচলতে বৰ্তমান সময়তো এনে কিছুমান মানুহ আমাৰ মাজতে বিদ্যামান আছে, যি মানুহৰ মুখৰ আগতে কৈ আৰু বেচিভাগ ক্ষেত্ৰতে সচাঁ, সত্য কথাবোৰ প্ৰকাশ কৰি মনতে বৰ আত্মসন্তুষ্টি লাভ কৰে। কিন্তু এতিয়া প্ৰায়বোৰ মানুহে স্পষ্টবাদী আৰু সত্যবাদী মানুহক একেবাৰে মূৰ্খ মানুহৰ লগত তুলনা কৰিব বিচাৰে নহয়নে ? কাৰণ আজিৰ সময়ত অসত্যৰ পথ অবলম্বন কৰাৰ মানুহৰ সংখ্যা অসংখ্য। সেয়েহে অসৎ পথত গতি কৰি কৰি আজিকালি প্ৰায়বোৰ মানুহৰে সত্য আৰু সুন্ধৰতাৰ প্ৰতি মন বৰ সংকোচিত হৈ পৰিছে। কিন্তু ইয়াৰ বাবে জগৰীয়া কোন ? এনেধৰণৰ পৰিস্থিতি নিজে নিজে আবিৰ্ভাৱ হৈছে নে ? দৰাচলতে মোৰ আন্তৰিক দৃষ্টিকোণৰ জৰিয়তে দৃষ্টিগোচৰ হোৱা মতে,আমি উচ্চ শ্ৰেণীৰ মানুহৰ পৰা আৰম্ভ কৰি একেবাৰে নিম্ন শ্ৰেণীৰ মানুহৰ অসৎ মানসিকতা বাবে এনেধৰণৰ পৰিস্থিতি উদ্ভৱনা হ’বলৈ সক্ষম হৈছে। এনেধৰণৰ সমস্যাৰ উদ্ভাৱনৰ নিৰ্দিষ্ট কোনো এক কাৰণ আমি উল্লেখ কৰাটো অতিকৈ জটিল। তথাপিও আমাৰ মনত অতিমাত্ৰা হাৰত বৃদ্ধি পোৱা লোভ আৰু অসৎ পথ অবলম্বনৰ জৰিয়তে আমাৰ মানুহৰ মাজত অত্যধিক ৰূপত বৃদ্ধি পোৱা ভয় আৰু শংঙ্কাৰ ফলত এনেধৰণৰ সমস্যাৰ সৃষ্টিৰ মুখ্য কাৰণ বুলি ধৰি ল’ব পাৰি।দৰাচলতে আমাৰ মানুহৰ মন, মস্তিষ্কৰ মাজত এনে কিছুমান চিন্তাধাৰায়ে ঘৰ কৰি লৈছে  যে তাৰ প্ৰকৃতি সমাধানৰ বাবে প্ৰতিজন মানুহে নিজে নিজৰ ব্যৱস্থা লোৱাটো উচিত। চাওঁক আজিকালি দিনক দিনে মানুহৰ মানসিকবোৰ এনেধৰণৰ হৈছে ‌যে,মানুহক ঠগিবলৈ‌ আৰম্ভ কৰি দিলেই বোলে বহুত বুদ্ধিয়ক । কিন্তু মানুহক ঠগিবলৈ গৈ নিজে যে কিমান দুনিয়াৰ পৰা ঠগন খাবলগিয়া অবস্থাৰ সন্মুখীন হৈছে তাৰ কেতিয়াবা অনুমান কৰিবলৈ সক্ষম হৈছোগৈনে ? হয় ,সময় অনুসৰি কোনো মানুহকে অসুবিধা সন্মুখীন নকৰাকৈ বৰঞ্চ সকলো মানুহৰ হীতৰ প্ৰতি লক্ষ্য ৰাখি মানুহক ঠগিবলৈ যোৱাটো কোনো ডাঙৰ কথা নহয়। এই কথাষাৰ আচলতে মই কেৱল আজি কোৱা কথা নহয়। কাৰণ আমাৰ হিন্দু শাস্ত্ৰবোৰতো মই কোৱা কথাবোৰৰ বহলাই উল্লেখ কৰা আছে। গতিকে অন্তিমত আপোনালোকক এটা কথায়ে অবগত কৰিবলৈ বৰ মন গৈছে‌ যে,‌মানুহক ঠগিবলৈ‌ আৰম্ভ কৰি দিলেই  বহুত বুদ্ধিয়ক মানুহ নহয়। কাৰণ বৰ্তমান সময়তো এনে‌ ধৰনৰ ভালে সংখ্যক মানুহ আমাৰ মাজতে বিদ্যামান হৈ আছে, যিবোৰ মানুহে এতিয়াও সত্য আৰু নিৰ্ভিকতাৰ সৈতে জীৱন অতিবাহিত কৰিবলৈ আগ্ৰহী। গতিকে সত্যবাদী আৰু স্পষ্টবাদী মানুহে কেতিয়াও মানুহৰ অনিষ্ট সাধন কৰি নিজ জীৱন নিৰ্বাহৰ প্ৰতি প্ৰস্তুত নহয়। আপোনালোকে জানে এনেধৰণৰ সত্যবাদী আৰু স্পষ্টবাদী মানুহৰ বাবেহে সংসাৰখন এতিয়াও দেখিবলৈ শুৱলা হৈ আছে।