মানুহক ইজ্জৎ ইমানেই দিয়া উচিত যিমান ইজ্জৎ সন্মুখৰ জনে আপোনাক দিয়ে
চন্দ্ৰ শেখৰ পৰাজুলী,
বিশ্বনাথ চাৰিআলি
আচলতে আমি মানৱ সমাজ এজনে আনজনৰ পৰিপূৰক বুলি কব পাৰি। প্ৰকৃত অৰ্থত কবলৈ গলে মানুহে মানুহৰ কামত অহা বা সহায় কৰা পৰিলক্ষিত হয়। গতিকে আমি এক সামাজিক জীৱ হিচাপে নিজা নিজা একো একোখন মানৱ সমাজতে ডাঙৰ-দীঘল হৈ তাতে স্থায়ীভাবে বসবাস কৰিবলৈ ধৰো নহয়নে ? গতিকে আমি বসবাস কৰি থকা সমাজ এখনৰ সকলো বৰ্গৰ, সকলো শ্ৰেণীৰ,শিশু, ডেকা, বুঢ়া আদি সকলোকে সন্মান প্ৰদৰ্শন কৰি অহাটো আমাৰ কৰ্তব্য ।কিন্তু আমি সন্মান সকলোৰে আগত প্ৰদান কৰিলেও মানুহক ইজ্জৎ ইমানেই দিয়া যিমান ইজ্জৎ সন্মুখৰ জনে আপোনাক দিয়ে। ইয়াতে হয়তো আপোনালোকৰ মনত প্ৰশ্ন এটা উত্থাপন হব পাৰে যে , সন্মান আৰু ইজ্জৎ শব্দ অৰ্থটো একে নহয় জানো ? আচলতে সন্মান প্ৰদৰ্শন কৰা আৰু মানুহক ইজ্জৎ প্ৰদান কৰা ক্ষেত্ৰত কিছু অন্তৰ আহি পৰে। কাৰণ এজন মানুহক ইজ্জৎ প্ৰদান কৰা মানে মানুহ এজনক এক উচ্চ আসনত বহুৱাই দিয়া। গতিকে যিকোনো মানুহৰ আগতে আমি সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ বা এইটো আমাৰ জন্মগত সংস্কাৰ বুলি ধৰি লব পাৰি। কিন্তু আনহাতে যিকোনো ব্যক্তিকে আমি যধে-মধে ইজ্জৎ প্ৰদান বা কোনো উচ্চ আসনত বহুৱাই দিব নোৱাৰোঁ।
আমি যেতিয়া অন্য যিকোনো কোনো ব্যক্তি এজনৰ নিজতকৈ বেছি শক্তি, ক্ষমতা, সম্পন্নতা, পদ, প্ৰতিষ্ঠা আদি লক্ষ্য কৰোঁ তেন্তে তেনেকুৱা ধৰণৰ ব্যক্তি সকলক একেবাৰে উচ্চ আসন প্ৰদান কৰা বা বহু ইজ্জৎ প্ৰদানৰ প্ৰতি চেষ্টা কৰোঁ। কিন্তু আপুনি বৰ বেছি নভবাকৈ যাক আপুনি এক সুকীয়া আসন দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছে। আচলতে সেই ব্যক্তি গৰাকীয়ে আপোনাক কিমান ইজ্জৎ বা মান-মৰ্যাদা প্ৰদান কৰি আহিছে সেইটো প্ৰথমতে লক্ষ্য কৰা উচিত। সেয়েহে কেতিয়াও ভয়ভিত নহব আৰু যিকোনো মানুহক ইজ্জৎ ইমানেই দিয়া উচিত যিমান ইজ্জৎ সন্মুখৰ জনে আপোনাক দিয়ে । কেৱল এফালেদিয়ে আপুনি হাতৰ তালি বজাই থাকিব আৰু আনফালে নাকত তেল দি একেবাৰে ৰাজকীয় নিদ্ৰা লৈ থাকিব এইটো আজিৰ সময়ত যুক্তি বিহীন কথা। নাম আৰু কাম সমান্তৰাল ৰূপত কৰিলেহে দুজনৰ মাজত থকা সম্পৰ্কবোৰত এক মধুৰতাৰ সৃষ্টি হয়।