মানসিক স্বাস্থ্য সম্পৰ্কীয় ৰাষ্ট্ৰীয় অভিৱৰ্তনত বাহাৰুল ইছলাম আৰু ভাগীৰথী আমন্ত্ৰিত 

মানসিক স্বাস্থ্য সম্পৰ্কীয় ৰাষ্ট্ৰীয় অভিৱৰ্তনত বাহাৰুল ইছলাম আৰু ভাগীৰথী আমন্ত্ৰিত  

ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট নাট্য দম্পত্তি বাহাৰুল ইছলাম আৰু ভাগীৰথী বাই এ অহা ৭ অক্টোবৰত মহাৰাষ্ট্ৰৰ পুনে চহৰত হ’বলগীয়া “ভেদ” অভিৱৰ্তনত unity in diversity বিষয়ত নিজৰ বক্তব্য ৰাখিব আৰু অন্যৰ সতে মত বিনিময় কৰিব।থিয়েটাৰৰ জৰিয়তে মানসিক, সামাজিক তথা ৰাজনৈতিক উৎকৰ্ষ সাধন আৰু সম্ভাৱনাই হ’ব দুয়ো গৰাকী নাট্যশিল্পীৰ আলোচনাৰ বিষয়৷উল্লেখযোগ্য যে মানসিক স্বাস্থ্য বিকাশৰ বাবে প্ৰখ্যাত চিকিৎসক ডঃ আনন্দ নাদকাৰণীএ প্ৰত্যেক বছৰে “ভেদ” (VEDH) শীৰ্ষক অধিৱেশনৰ আয়োজন কৰি আহিছে- য’ত এইবাৰ দেশৰ পাঁচশ ৰো অধিক চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে ভাগ লব।