মানসিক স্বাস্থ্য আৰু মহামাৰী
ডঃ অভিজিত কুমাৰ দত্ত
মানুহে সপোন দেখে। সপোনত সাকাৰ হৈ উঠে প্ৰত্যাশিত জীৱনৰ মধুময় ছন্দ। কেতিয়াবা আকৌ উজ্বল জীৱনৰ ক্ষেত্ৰত দেখা দিয়া অন্তৰায় সমূহ প্ৰকাশিত হ’য় সপোনৰ মাধ্যমেৰে। সপোন একোটাই হিয়াত প্ৰোথিত কৰে যোগাত্মক জীৱন এটিৰ হেপাঁহ। সেই যে নিশা আমি সপোন দেখো, সেই সপোন সম্পৰ্কে এই লেখাত আচলতে আলোচনা কৰা হোৱা নাই। ‘সপোন’ শব্দটিৰে আমাৰ মনটোত বাস কৰা আশা-প্ৰত্যাশা আদিকহে লেখাটোত সামৰি লোৱাৰ এক প্ৰয়াস কৰা হৈছে। বৰ্তমানৰ সময়ছোৱাত যুৱ প্ৰজন্ম বিশেষকৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যত জীৱনৰ প্ৰত্যাশাসমূহ কেনেদৰে অক্ষুণ্ণ ৰাখিব পৰা যায়, সেই সম্পৰ্কে আলোচনা কৰিবলৈ বিচৰা হৈছে এই লেখাটোত। উল্লেখযোগ্য যে বিভিন্ন প্ৰবন্ধ, লিখনি আদি পঢ়ি মনত সৃষ্টি হোৱা কথাখিনিকহে এই লেখাটিত আলোচনা কৰা হৈছে।কথাখিনি নিশ্চয় এক সৰ্বসন্মত মত নহ’য়। বৰং এইয়া লিখকৰ এক ব্যক্তিগত ধাৰণা বুলিহে পাঠকসকলে ভাবিলে লেখাটি সাৰ্থক হৈ পৰিব। সপোন আচলতে এক প্ৰত্যাশা। আমাৰ মনত প্ৰৱাহমান হৈ থকা আশা- আকাংক্ষাবোৰ যেতিয়া পৰিস্ফুট হৈ উঠে, তেতিয়াই আমাৰ সপোন বাস্তৱ হৈ পৰে। সপোন এটা সাৰ্থক কৰি তুলিবলৈ হলে বৰ্তমানটোৰ প্ৰতিটো পদক্ষেপ সাৱধানতাৰে দিয়া নিতান্তই গুৰুত্বপূৰ্ণ। ভবিষ্যত জীৱনৰ সপোনক বৰ্তমানৰ সুসংঘবদ্ধ ছন্দই প্ৰতিনিয়ত পৰিচালনা কৰে। অৰ্থাৎ বৰ্তমান জীৱনৰ সফলতা আৰু পৰিশীলিত খোজে আমাৰ সোণালী ভৱিষ্যতৰ সপোন ৰচে। ভৱিষ্যতৰ সপোনটোক সাকাৰ কৰি তোলে। ব্যক্তি হিচাবে আমাৰ প্ৰথম কৰণীয় হ’ল আমাৰ বৰ্তমানৰ বাস্তৱটোক স্বীকাৰ কৰি লোৱা। এই বাস্তৱক স্বীকাৰ কৰাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকৰ ভুমিকা সম্পৰ্কে এই লেখাটোত আলোকপাত কৰিবলৈ চেষ্টা কৰা হৈছে। সপোন অথবা প্ৰত্যাশা এটাৰ মৃত্যু ঘটিলেই জীৱনটো শেষ হৈ নাযায়। কাৰণ জীৱনটো অকল এটা সপোন বা এক প্ৰত্যাশাৰ লগতেই জড়িত হৈ নাথাকে। এটা সপোনৰ অন্তত আন এটা সপোন বা প্ৰত্যাশা সৃষ্টি কৰি ছাত্ৰ-ছাত্ৰী অথবা যুৱ সমাজক আকৌ আগবাঢ়ি যাবলৈ উৎসাহ প্ৰদান কৰিব পাৰি। আচলতে মানুহৰ জীৱনত সফলতা বা বিফলতাৰ ধাৰণাটো আপেক্ষিক। কোনো এজন ব্যক্তিয়ে জীৱনত সম্পূৰ্ণ পাৰ্থিৱ সুখ আহৰণ কৰিও সুখী নহব পাৰে। একেদৰেই পথৰ ভিক্ষাৰী এজনেও এটি নিশাত এসাঁজ ভাতৰ ব্যৱস্থা কৰিও অত্যাধিক সুখী হৈ আহৰণ কৰিব পাৰে সুখনিদ্ৰা। বাস্তৱ পৃথিৱীখনত আচল কথাটো হ’ল মানসিক সুখ। এই মানসিক সুখৰ ধাৰণাটো নিৰ্ভৰ কৰে ব্যক্তি এজনৰ মানসিক স্বাস্থ্যৰ ওপৰত। হ’য়, জীৱনত সফলতা লাভ কৰা কথাটোৱে বহুক্ষেত্ৰত মানসিক শান্তিৰ জন্ম দিয়ে। কিন্তু প্ৰত্যাশিত ফলাফল এটা নাপালে নিশ্চয় জীৱনটো শেষ হৈ নাযায়। বিফলতাৰ পিছতো নতুন উদ্যমেৰে কামত হাত দি সফলতা আহৰণ কৰিব পৰা যায়। সেই সফলতা আহৰণ কৰিবলৈ যুৱ প্ৰজন্মই হতাশাত ভোগাটো নিতান্তই ক্ষতিকাৰক। তাৰ বিপৰীতে প্ৰতিজন যুৱক বা যুৱতীয়ে বিফলতাৰ পিছতো নতুন উদ্যমেৰে নিজৰ অভীষ্ট সাধন কৰাটোতহে লুকাই থাকে জয়ৰ মানসিকতা আৰু উদ্যম। এই ক্ষেত্ৰত আৰ্নেষ্ট হেমিংৱেৰ ‘The Old Man and the Sea’ নামৰ উপন্যাসখনৰ Santiago নামৰ বুঢ়া মাছমৰীয়াজনৰ চৰিত্ৰটোক উনুকিয়াব পাৰি।
বহুদিন যুদ্ধ কৰি Marlin নামৰ মাছটোক ধৰি সাগৰৰ পাৰলৈ ঘূৰাৰ সময়ত হাংগৰে মাছটোৰ মঙহ খাই তহিলং কৰিলে। মৃতপ্ৰায় বুঢ়া মানুহজন পিছে ইয়াৰ পিছতো হতাশ নহ’ল। বৰং তেওঁ পিছদিনাখন আকৌ সাগৰৰ মাজলৈ মাছ ধৰিবলৈ যোৱাৰ সংকল্পটি আগত ৰাখি টোপনিত পৰিল। বিফলতাৰ সন্মুখীন হলেও Santiago ৰ দৰেই যুৱ প্ৰজন্মই হতাশাক প্ৰশ্ৰয় নিদি ন উৎসাহেৰে আগুৱাই নিশ্চয়েই সফলতাৰ শিখৰত আৰোহণ কৰিব পাৰে। এই ক্ষেত্ৰত যুৱ-প্ৰজন্মক অভিভাৱক তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে অনুপ্ৰেৰণা যোগোৱাটো তেওঁলোকৰ প্ৰতি এক পৱিত্ৰ দায়িত্ব বুলি গণ্য কৰিলে পৰিবেশটো বহুলাংশে অনুকূল হৈ পৰাৰ সম্ভাৱনা থাকে।
বৰ্তমানৰ সময়ছোৱা নিশ্চয়েই মানৱ সভ্যতাৰ বাবে এক ব্যতিক্ৰমী সময়। বোপা- ককাৰ সময়তো এনে এক পৰিবেশৰ সৃষ্টি হোৱা নাছিল। দিনৰ পিছত দিন অথবা মাহৰ পিছত মাহ আমি এনেদৰে আৱদ্ধ হৈ থকা নাছিলোঁ। কৰণা ভাইৰাছ অৰ্থাৎ কভিড ১৯ মহামাৰী আহি আজি যেন আমাৰ দুৱাৰদলিত উপস্থিত হৈছে। এই ৰোগক প্ৰতিহত কৰিবলৈ বিভিন্ন ধৰণৰ চিন্তা- চৰ্চা চলি থকা দেখা গৈছে। বিশ্ব, ভাৰতবৰ্ষ আৰু অসমতো কৰণা ভাইৰাছৰ পৰা নাগৰিকসকলক ৰক্ষা কৰিবলৈ বিভিন্ন ধৰণৰ উপায় উদ্ভাৱন কৰা হৈছে। আজিৰ তাৰিখত স্বাস্থ্য কৰ্মী সকলৰ উপৰিও যুৱ-প্ৰজন্মৰ লোকসকলেও প্ৰত্যক্ষ অথবা পৰোক্ষভাবে এই ৰোগৰ বিপক্ষে চলি থকা যুদ্ধখনত এগৰাকী সেনানী হিচাবে বিভিন্ন ধৰণে সেৱা আগবঢ়াইছে। বহুজনে আকৌ এই মহামাৰীৰ পৰা ৰক্ষা পাবলৈ যথেষ্ট সাৱধানতাৰে জীৱন নিৰ্বাহ কৰিছে।
এই সময়ছোৱাত শাৰিৰীক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ কথাটোও গুৰুত্বপূৰ্ণ হৈ পৰিছে। হয়তো এই সময়তেই ছাত্ৰ-ছাত্ৰীসকলৰ সপোন একোটাৰ অপমৃত্যু ঘটিছে। কোনোবা চিন্তাগ্ৰস্ত হৈছে দিন নোযোৱা আৰু ৰাতি নুপুওৱা সময়ৰ বাবে। কোনো ছাত্ৰ-ছাত্ৰী হয়তো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু হৈ এই মহামাৰীৰ বাবে স্থবিৰ হৈ পৰিছে। এনেবোৰ কথাৰ বাবে নিশ্চয়েই যুৱ প্ৰজন্মৰ মাজত মানসিক চাপ অথবা উদ্বেগৰ সৃষ্টি হৈছে।
যুৱ-প্ৰজন্ম বিশেষকৈ শিক্ষা গ্ৰহণ কৰি থকা ছাত্র-ছাত্ৰীসকলে এই সময়ত কি কৰা উচিত? কেনেদৰে তেওঁলোকক অভিভাৱক তথা শিক্ষক-শিক্ষয়িত্ৰীয়ে চাপমুক্ত কৰি তুলিব পাৰে? কেনেদৰে এই সময়ত তেওঁলোকৰ মানসিক স্বাস্থ্য অটুট ৰাখিব পৰা যায় আদি কথাবোৰ আজিৰ তাৰিখত যথেষ্ট তাৎপৰ্যমূলক হিচাবে পৰিগণিত হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক স্বাস্থ্য অটুট ৰাখি তেওঁলোকক মানসিক অশান্তি, হতাশা, উদ্বিগ্নতা আদিৰ পৰা মুক্ত ৰাখিবলৈ নিমোক্ত পদ্ধতিসমূহৰ প্ৰণয়ন কৰিলে হয়তো তেওঁলোকৰ মানসিক স্বাস্থ্য কিছুপৰিমাণে অক্ষুন্ন ৰাখিব পৰা যাব। পদ্ধতিসমূহ হ’ল-
(ক) #আশ্বাস #প্ৰদান: বৰ্তমান সময়ছোৱাত অভিভাৱক তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ক্ষেত্ৰত আশ্বাস প্ৰদান কৰাটো জৰুৰী হৈ পৰিছে। তেওঁলোকৰ সতে অভিভাৱকসকলে সময় কটাই এই বিপদসংকুল পৰিবেশৰ যে এদিন অৱসান ঘটিব ,তাৰ আশ্বাস প্ৰদান কৰাটো আৱশ্যকীয়। একেদৰে বৰ্তমান সময়ত zoom, Google Classroom আদিৰে শিক্ষাদান কৰি থকা শিক্ষক-শিক্ষয়িত্ৰীসকলেও নিৰ্দিষ্ট পাঠদানৰ অন্তত ছাত্ৰ-ছাত্ৰীৰ মনৰ খবৰ লৈ তেওঁলোকক স্বাভাৱিক জীৱনৰ প্ৰতি আকৰ্ষিত কৰি তুলিব পাৰে।
(খ) ধাৰণা আৰু মত প্ৰকাশ: যুৱ প্ৰজন্মৰ ক্ষেত্ৰত সততে দেখা দিয়া এটা প্ৰধান সমস্যা হ’ল এইয়েই যে তেওঁলোকে বহুক্ষেত্ৰত বিভিন্ন কাৰণৰ বাবে নিজৰ ধাৰণা বা মত প্ৰকাশ কৰিব নোৱাৰে। নিশ্চয়েই মহামাৰীৰ ক্ষেত্ৰতো তেওঁলোকৰ এক ধাৰণা বা মত গঢ় লৈ উঠিছে। অভিভাৱক তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে তেওঁলোকক মত প্ৰকাশৰ সুবিধা দি এই ধাৰণা বা মতৰ বৰ্তমান সময়ছোৱাত যুক্তিযুক্ততা আছে নে নাই তাক ফহিয়াই চাব পাৰে।
(গ) কৰ্ম- নিয়োজন: এই সময়ছোৱাত যুৱ প্ৰজন্ম অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন আভ্যন্তৰীণ কাৰ্য্যত নিয়োজিত হৈ থাকিলে মানসিক অৱসাদ আৰু হতাশাৰ পৰা আতৰি থাকিব। তেওঁলোকে ভাল পোৱা অথচ দৈনন্দিন জীৱনৰ ব্যস্ততাৰ বাবে সময় দিব নোৱাৰা বিভিন্ন ক্ষেত্ৰত এই সময়ছোৱা অতিবাহিত কৰিলে নিশ্চয় তেওঁলোকৰ ব্যক্তিত্ব বিকশিত হব।
(ঘ) সামাজিক সম্পৰ্ক গঠন: বৰ্তমানৰ পৰিস্থিতিত ইজনে সিজনৰ পৰা সামাজিক দূৰত্ব বজাই ৰখাটো আৱশ্যকীয় হৈ পৰিছে। পিছে সামাজিক দূৰত্ব বজাই ৰখা কথাটোৱে মানসিক দূৰত্ব বজাই ৰখা নুবুজায়। বৰং এই সময়ত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন মাধ্যমৰ যোগেৰে সহপাঠী আৰু বন্ধু-বান্ধৱীসকলৰ সৈতে মানসিক সম্পৰ্ক বজাই ৰাখি ইয়াক সুদৃঢ় কৰাত গুৰুত্ব আৰোপ কৰা বাঞ্চনীয়। এই ক্ষেত্ৰত অৱশ্যে ইন্টাৰনেটৰ অসূচল ব্যৱস্থাই বাঘ্যাতৰ সৃষ্টি কৰিব পাৰে। এনে ক্ষেত্ৰত প্ৰতিবেশীসকলৰ সতে সামাজিক দূৰত্ব বজাই ৰাখি মানসিক সম্পৰ্ক গঢ় দি তুলিব পৰা যায়।
(ঙ) প্ৰকৃত তথ্যৰ সৰবৰাহ: যুৱ প্ৰজন্মই যাতে মহামাৰী সম্পৰ্কে প্ৰকৃত তথ্যৰ সম্ভেদ লাভ কৰে, তাৰবাবে অভিভাৱক / শিক্ষক-শিক্ষয়িত্ৰীসকলে ব্যৱস্থা গ্ৰহণ কৰা জৰুৰী। তেওঁলোকে যাতে মহামাৰী সম্পৰ্কে অৰ্দ্ধেক খবৰ জানি দ্বিধাগ্ৰস্থ হৈ নপৰে, তাৰ ব্যৱস্থা অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে হাতত লোৱা আৱশ্যক। সমগ্ৰ বিশ্বৰ তুলনাত ভাৰতবৰ্ষ অথবা অসমত মহামাৰীৰ প্ৰকোপ যে আপেক্ষিকভাবে কম, সেই সম্পৰ্কে যুৱক-যুৱতীসকলে জানিলে তেওঁলোকে মানসিক উদ্বিগ্নতাৰ পৰা কিছুপৰিমাণে সকাহ পাব।
(চ) দিনপঞ্জীৰ ব্যৱহাৰ: বৰ্তমানৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলে এক দিনপঞ্জী প্ৰস্তুত কৰি লৈ সময় অতিবাহিত কৰিব পাৰে। এই দিনপঞ্জীত পঢ়া শুনাৰ উপৰিও তেওঁলোকে ভাল পোৱা/লগা কামসমূহ অন্তৰ্ভুক্ত কৰি লব পাৰে।
(ছ) দিনলিপিৰ ব্যৱহাৰ: ছাত্ৰ-ছাত্ৰীসকলে এই সময়ছোৱাক দিনলিপিত লিপিবদ্ধ কৰিব পাৰে। যিহেতু মানৱ সভ্যতাৰ কালৰ এইয়া এক নোহোৱা নোপোজা ঘটনা, সেয়েহে এই মহামাৰী সম্পৰ্কে আৰু মহামাৰীৰ সময়ত লাভ কৰা তেওঁলোকৰ বিৰল অভিজ্ঞতা সম্পৰ্কে ছাত্র-ছাত্ৰীসকলে দিনলিপিত লিপিবদ্ধ কৰিব পাৰে।
মহামাৰীৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য অটুট ৰখাৰ ওপৰত বিভিন্ন অনুষ্ঠান, প্ৰতিস্থান তথা বিশ্ববিদ্যালয় অনুদান আয়োগেও গুৰুত্ব আৰোপ কৰিছে। এই সম্পৰ্কত যোৱা বছৰ অৰ্থাৎ ২০২০ চনৰ এপ্ৰিল মাহৰ পাচ (৫) তাৰিখে বিশ্ববিদ্যালয় অনুদান আয়োগৰ সচিব অধ্যাপক ৰাজনীশ জৈনৰ দ্বাৰা স্বাক্ষৰিত এক পত্ৰৰ কথা উল্লেখ কৰিব পাৰি। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহলৈ প্ৰেৰণ কৰা এই পত্ৰত ছাত্র-ছাত্ৰীৰ মানসিক স্বাস্থ্য অক্ষুন্ন ৰখাৰ উদ্দেশ্যে কেতবোৰ পৰামৰ্শৱলী উল্লেখ কৰা হৈছে। একেদৰে ‘ল’কডাউন’ৰ সময়ত ছাত্র-ছাত্ৰীৰ মানসিক উদ্বিগ্নতা দূৰ কৰাৰ বাবে আয়োগে বহুকেইটা ‘হেল্পলাইন নম্বৰ’ৰো ব্যৱস্থা কৰিছে। আনহাতে তেওঁলোকৰ পঢ়াশুনা বিঘ্নিত নহবলৈ ভাৰত আৰু অসম চৰকাৰৰ তৰফৰ পৰা বহুকেইটা App মুকলি কৰা হৈছে। ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য অটুট ৰাখি নিয়মীয়া পাঠদান আৰু পাঠ গ্ৰহণৰ বাবে চৰকাৰে গ্ৰহণ কৰা এনেধৰণৰ কাৰ্য নিশ্চয়েই আশাব্যঞ্জক।
এইখিনিতে উল্লেখ কৰা ভাল হব যে যদিও এই লেখাটিত কভিড ১৯ মহামাৰীৰ সময়ত যুৱ প্ৰজন্ম বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য অটুট ৰখাত গুৰুত্ব আৰোপ কৰা হৈছে, তেওঁলোকৰ এই মানসিক স্বাস্থ্য সকলো সময়তেই অটুট ৰখা নিতান্তই আৱশ্যকীয়। এই ক্ষেত্ৰত ইতিমধ্যে বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে। ভবিষ্যতে এনেবোৰ কাৰ্যসূচীৰ অধিক ৰূপায়ণে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন উন্নতি সম্ভৱ কৰি তুলিব।
সামৰণিত প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে এই সংকটকালত অথবা স্বাভাৱিক জীৱন যাপনৰ প্ৰক্ৰিয়াত নিজকে সুনিয়ন্ত্ৰণ কৰি অভীষ্ট সাধনৰ দিশে অগ্ৰসৰ হোৱাটো আমি কামনা কৰোঁ। সমাজৰ প্ৰতিটো স্তৰৰ লোকে তেওঁলোকৰ সমস্যাসমূহ অনুধাৱন কৰি আৰু যুক্তিযুক্ততা বিচাৰ কৰি তেওঁলোকৰ মানসিক উৎকৰ্ষ সাধন কৰক। প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে Santiago ৰ দৰে নিজৰ লক্ষ্যত উপনীত হবলৈ দৃঢ়প্ৰতিজ্ঞ হওক। ফেহুজালি এটা উজ্বল দিনটোৰ প্ৰতিশ্ৰুতি হোৱাৰ দৰেই প্ৰতিজন ছাত্ৰ-ছাত্ৰী ভৱিষ্যতৰ সফল সমাজ এখনৰ বাহক হৈ পৰক।