মানসিক উদ্বিগ্নতাৰে নিৰ্বাচনী বতৰত বসন্ত
নমিতা দাস,শুৱালকুছি
মন মগজুত কোনো এক সিন্ধান্ত লোৱাৰ সময়তে যদি অস্থিৰতাই বাহ লয় সেই সময়ত শুদ্ধ সিদ্ধান্ত লবলৈ জতিল হৈ পৰে । উদ্বিগ্নতাই অস্থিৰ কৰি তোলা মনক বিবেকক দংশন কৰি শ’লঠেকত পেলাই ,তেতিয়াই শুদ্ধ সিদ্ধান্ত লোৱাৰ বিপৰীতে ভুল পথত খোজ দিবলৈ আগবাঢ়া দেখা যায় । মানসিক ভাবে সুস্থিৰ হৈ বিবেচনা কৰিবলৈ হ’লে নিজৰ ব্যক্তিত্ব ঠিকে ৰাখি , চৌকাষৰ পৰিবেশৰ প্ৰতি গুৰুত্ব নিদি নিজৰ মন মগজুৰে সুস্থিৰ ভাৱে সিদ্ধান্ত লৈ নিজৰ কৰ্মৰে বিশ্বাস সহকাৰে আগবাঢ়ি যোৱাৰ সময়তে ৰাজনৈতিক ভাবে চলোৱা কিছুমান প্ৰচাৰে ভোটাৰ সকলৰ মন- মগজুত বিভ্ৰান্তিৰ সৃষ্টি কৰে । এই বিভ্ৰান্তি বোৰৰ বাবেই ভোটাৰৰ প্ৰতি সন্দেহৰ জন্ম লয় উপযুক্ত ব্যক্তিক নিৰ্বাচন কৰাৰ সময়ত উদিগ্নতাই বাৰুকৈয়ে প্ৰভাৱ পেলাই । ভোটাৰ সকলৰ কৰ্মই বা বাৰে বাৰে দিয়া প্ৰতিশ্ৰুতি ভংগই মন বোৰ অশান্ত কৰি তোলে তেতিয়াও সুস্থ সিদ্ধান্ত লবলৈ কঠিন হয় আশাবাদী মনেৰে বিশ্বাস কৰাৰ ফলত আশা ভংগই নেতিবাচক প্ৰভাৱ পেলাই। যিয়েই নহওক সময় প্ৰতি মুহুৰ্ততে প্ৰৱাহমান ওলোটাই ঘূৰাই পোৱা নাযায়, কিন্তু আমাক পৰিপক্ক হ’বলৈ শিকাই । অস্থিৰ সময়ে হাঁহি ধেমালীত কৈ দুখ বোৰক ৰোমন্থন কৰোৱাই, সমযে কোনো কোনো সময়ত বন্ধুত্ব আৰু কোনো কোনো সময়ত শত্ৰুতাৰ স্থান লয় যদিও সময়ৰ কোৱাল সোঁতৰ বিপৰীতে অগ্ৰসৰ হোৱা মানসিক চাপে দুঃসাহসিকতাত পৰিগনিত হয় । সময়ৰ সোঁতত এৰি অহা মধূৰ স্মৃতিবোৰে কেতিয়াবা জীৱনত আগুৱাই যাবলৈও প্ৰেৰণা দিয়ে আৰু কেতিয়াবা কৰুণ স্মৃতিয়ে মনটো দুৰ্বল কৰি তোলে। অতিত আৰু বৰ্তমানৰ মাজত সময়ৰ বহু সাল সলনি হলেও সময়ৰ লগত খোজ মিলাই আমি আগুৱাই যাবই লাগিব এয়াই জীৱনৰ চৰম সত্য । এৰি অহা সময়ক পাহৰণিৰ সোঁতত এৰি দিবলৈও কঠিন কিন্তু বৰ্তমানৰ লগত একাত্ম হৈ চলিলেহে সমাজৰ লগত একেলগে খোজ মিলাবলৈ সক্ষম হ’ম । কিন্তু সাধাৰণ ভাৱে জীয়াই থকা মানুহে এই জতিলতা বুজি পোৱা কঠিন মনৰ উদিগ্নতাৰ মাজত নিজৰ অধিকাৰ হেৰুৱাই পেলাবলৈ অগ্ৰসৰ হোৱা যেন অনুভৱ হয় ।
ভোট হৈছে সাধাৰণ জনতাৰ মৌলিক অধিকাৰ এই অধিকাৰৰ পৰা কোনেও আমাক বঞ্চিত কৰিব নোৱাৰে কিন্তু নিৰ্বাচনী ঢৌৱে সাধাৰণ ভোটাৰৰ মৌলিক অধিকাৰ বোৰৰ কথা বিবেকেৰে বিবেচনা কৰিবলৈ যেন এৰি দিব বিচৰা নাই । নিৰ্বাচনৰ অকোৱা – পকোৱা প্ৰচাৰে সাধাৰণ জনতাৰ নিৰ্বাচনী প্ৰচাৰ আৰু ইজনে আনজনৰ প্ৰতি কৰা কটু মন্তব্যই নিৰ্বাচনী প্ৰচাৰৰ এতিয়া অবিচ্ছেদ অংগ যেন অনুভৱ হয় । এইবোৰ বাতৰিয়ে শ’ল ঠেকত পেলাইছে সাধাৰণ জনতাক আনফালে নিৰ্বাচিত নিজ নিজ প্ৰাৰ্থীৰ জয় ধ্বনীয়ে উদিগ্নতাৰ সৃষ্টি কৰিছে । ৩৯৫ অনুচ্ছেদত ভাৰতবৰ্ষৰ সংবিধানত থকা মৌলিক অধিকাৰ ভোটাধিকাৰৰ কথা ভাবিবলৈ সুস্থ বাৰ্তাবৰণৰ নিত্যান্তই প্ৰয়োজন যেন অনুভৱ হয় ।
বসন্তৰ আগমনে ধৰা লৈ নমাই আনিলে লঠঙা ডালত কোমল কুঁহিপাত, সেউজীয়া প্ৰকৃতিয়ে ৰঙালীৰ ৰঙেৰে উৎবাউল কৰিলে। ৰঙালী বিহু সমাগত চাৰিও ফালে উচ্ছাস উদ্দিপনা বিহুক আদৰাৰ । কিন্তু এইবাৰ যেন ঢোলৰ গুম গুমনিয়ে বিহুৰ উচ্ছাসো ম্লান কৰিছে । কুলিৰ মাতত বিষাদে আৱৰিছে বাপতি সাহোন ৰঙালী বিহুৰ সময়তে নিৰ্বাচনী বতৰ নিৰ্বাচনীৰ ধুমুহাৰ মাজত আপোন জনৰ মাজতে ইজনে আনজনৰ প্ৰতি হিংসাৰ জুইত দগ্ধ । এজনে আনজনৰ গাত বোকা চতিয়াই নিজ নিজ সমৰ্থনৰ প্ৰাৰ্থীৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ জনগণক আহ্বান, নিৰ্বাচনৰ ধুমুহাই প্ৰাণৰ শিল্পী গৰাকীৰ মৃত্যুৰ শোকত দগ্ধ হোৱা লোকসকলক কিছু পৰিমানে হলেওঁ শিল্পী গৰাকীৰ মৃত্যুৰ শোক পাহৰাই ৰাখিছে । ঈশ্বৰ পুত্ৰ বুলি বিশ্বাস কৰা শিল্পী গৰাকীক ৰাজনীতিৰ মাজলৈ টানি আনি সাধাৰণ জনতাক উত্তাল কৰিছে এয়াই সময় । নিৰ্বাচনৰ সময়ৰ লগত বসন্ত ঋতুৰ আগমনে ম্লান কৰিছে ৰঙালীৰ উৎসাহ উদ্দিপনা ।
