*অৱলোকন*
মানসিকতা (mentality)
কনক শৰ্মা,
দমদমা-হাজো
” Healthy thoughts, Clean thoughts, Elevating Noble thoughts.”
মানুহৰ মানসিক অৱস্থাৰ উত্তৰণৰ ক্ষেত্ৰত “Thoughts” অৰ্থাত “চিন্তা”ৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ সম্পৰ্কত সাহিত্য ৰথী বেজবৰুৱাই অতি সুন্দৰকৈ ব্যাখ্যা কৰি গৈছে।
১৯১৬ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিবেশনত সভাপতিত্ব কৰি তেখেতে যি অভিভাষণ পাঠ কৰিছিল তাতে কৈ গৈছে যে চিন্তাক কোনেও দেখিবলৈ নাপায়। কিন্ত্ত মানুহৰ কৰ্মৰ মাজেৰে তেওঁৰ চিন্তাৰ প্ৰতিফলন ঘটে। আনহাতে বাক্য, চিন্তাৰ বাহিৰৰ পৰিব্যপ্তি মাথোন।
তেখেতে কৈছে, – “চিন্তাবোৰ একো একোটা শক্তি। এইটো বৈজ্ঞানিক সত্য যে “Like attracts like” অৰ্থাত সমধৰ্মী বস্তুৱে সমধৰ্মী বস্তুক আকৰ্ষণ কৰে।”সাহিত্যৰথীজনাৰ দৃষ্টিৰে ক’ব পাৰি য’ত আকৰ্ষণ (attract) আছে তাত বিকৰ্ষণো (repulsion) থাকে।
সাহিত্য, সংস্কৃতি, শিল্প, বাণিজ্য আনকি বৃত্তিগত দিশৰ নিজৰ প্ৰতিভা (talent) বা উৎপাদন (product) ক লৈ যেতিয়াই সমকক্ষ (of equal power) ৰ মাজত তুলনা কৰাৰ চিন্তাই ক্ৰিয়া কৰে তেতিয়া ইজনৰ প্ৰতি আনজনৰ এক অবাঞ্ছিত বিদ্বেষ (hatred) ভাৱৰ সঞ্চাৰ হয়। পৰিণতিত প্ৰকৃতকে অপ্ৰকৃত সজোৱাৰ সাধাৰণ সুবিধা (advantage) লৈ এজনে আনজনৰ সৃষ্টিক বিকৃত কৰাৰ উদাহৰণ আজিৰ সময়ত অলেখ।
উৎপাদনৰ ক্ষেত্ৰখনত বিদ্বেষ পূৰ্ণ পৰিঘটনাই যিমান অনিষ্ট সাধন কৰিব প্ৰতিভাক লৈ উদ্ভৱ হোৱা বিদ্বেষ পূৰ্ণ পৰিৱেশে কিন্ত্ত প্ৰতিপক্ষক হতাশ কৰিব গুৰুতৰ ভাৱে। কিয়নো উৎপাদিত বস্তুৰ বিকল্প থাকিব। কাৰণ সেইবোৰ বস্তু বা পদাৰ্থ (material noun)। গ্ৰাহকৰ ভোগ্য পণ্য। গ্ৰাহকৰ ৰুচিবোধ আৰু ক্ৰয়ৰ ক্ষমতাৰ ওপৰত এনে পণ্য সামগ্ৰীৰ বজাৰখন নিৰ্ভৰশীল।
আনহাতে সৃষ্টিশীল প্ৰতিভাক লৈ বিদ্বেষপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ’লে সংশ্লিষ্ট ব্যক্তিতকৈও কোনো অনুষ্ঠান বা সমাজৰ ক্ষতি প্ৰচুৰ হয়। কলিতে মৰহি যোৱা ফুল এপাহৰ ৰূপ-ৰস-গন্ধ- স্পৰ্শৰ পৰা বঞ্চিত হোৱাৰ লেখীয়া কোনো এক সৃষ্টিশীল কৰ্ম-সংস্কৃতিক বিকৃত কৰিলে সংশ্লিষ্ট অনুষ্ঠান বা সমাজৰ ঐতিহ্যত আঘাত পৰে। কিয়নো এইবোৰ গুণবাচক (abstract noun) বিশেষ্যৰ উৎসত সাধাৰণতে কোনো অনুষ্ঠান বা সমাজ কেন্দ্ৰীভূত হৈ থাকে।
সাহিত্য ৰথী বেজবৰুৱাই সৃষ্টিশীল কৰ্ম-সংস্কৃতিক নিষ্ঠুৰ আঘাতৰ পৰা ৰক্ষাৰ উপাই স্বৰূপে দিহা দি কৈছে, -” সেই দেখি আমাৰ চিন্তা এনে ‘গডলি’ সুনিৰ্মল, ওখ আৰু পৱিত্ৰ হোৱা আৱশ্যক যে সি যেন নিৰ্মল নিৰঞ্জন ঈশ্বৰৰ চিন্তা হয়। বিপৰীত ধৰ্মী নহৈ সমধৰ্মী হব লাগে। তেনেহলেহে আমাৰ অধঃপতন নহৈ উদ্গতি হব।
সজ চিন্তা, সজ আলাপ, সৎ সঙ্গ, সজ কিতাপ পঢ়া সেই দেখি আমাৰ অতি আৱশ্যকীয়– কায়-বাক্য-মনেৰে আৱশ্যকীয় আৰু তেনেহলেহে আমাৰ উন্নতি অনিবাৰ্য্য। তেনেকৈ ইয়াৰ বিপৰীতমুখী জীৱনৰ অধোগতিও অনিবাৰ্য্য।”
