মানব মুক্তিৰ একমাত্ৰ পথ ভদ্ৰতা শিষ্টাচাৰ আৰু নৈতিক জীৱন যাপন ঃ ভৱ গোস্বামী
বৃহত্তৰ পাঞ্জাবাৰী বতাহঘুলী বৰনাম ঘৰত জয়-বিজয় উন্মোচন
গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- আজিৰ সময়ত মানুহে মুক্তি লাভ কৰিবলৈ হলে ভদ্ৰতা, শিষ্টাচাৰ আৰু নৈতিক জীৱন যাপন কৰাটোৱেই একমাত্ৰ পথ। এই মন্তব্য কৰিছে অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সম্পাদক প্ৰধান তথা তেজপুৰ চেঁচা সত্ৰৰ সত্ৰাধিকাৰ ভৱ গোস্বামীয়ে। আজি গুৱাহাটী পাঞ্জাবাৰী বতাহঘুলী বৰনাম ঘৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে জয় বিজয় উন্মোচন কৰি দিয়া ভাষণত সত্ৰীয়া সংস্কৃতিৰ সাধক জনে এই দৰে কয়। তেওঁ বৈকুণ্ঠৰ দ্বাৰ পাল জয় বিজয়ৰ প্ৰসংগ উল্লেখ কৰি কয় যে ভগৱানৰ কৃপা লাভ কৰিবলৈ হলে মানুহে সকলোৰে প্ৰতি সমভাব প্ৰদৰ্শন কৰিব লাগিব। প্ৰেম ভাতৃত্ববোধ মানৱ-সভ্যতাৰ গুৰি, যাৰ জৰিয়তে মানুহ ধ্বংসৰ পৰা ৰক্ষা পাব পাৰে।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক তথা নিৱন্ধকাৰ ভূপেন গোস্বামীয়ে কয় যে শংকৰদেৱৰ আদৰ্শ হল আৰু সাম্যবাদৰ ভেটিত মানৱতাবাদ স্থাপন কৰা। তেওঁ জাতি-ধৰ্ম-বৰ্ণৰ ভেদাভেদ আঁতৰাই মানৱীক একতা আৰু সমতাৰ বাৰ্তা দিছিল। তেওঁৰ আদৰ্শ সমাজত গণতান্ত্ৰিক চিন্তাৰ ভেটি স্থাপন কৰিছিল। এইক্ষেত্ৰত বৃহত্তৰ পাঞ্জাবাৰী বতাহঘুলী ৰাইজে যি আদৰ্শ দেখুৱাই আহিছে ই সঁচাকৈ অতি প্ৰশংসনীয়। ইয়াৰ আগতে ২৩ তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নামঘৰত হিন্দু পুৰাণ অনুসৰি শ্ৰীবিষ্ণুৰ আবাস অৰ্থাৎ বৈকুণ্ঠৰ দুজন দ্বাৰপাল জয় বিজয়ৰ দাতাদ্বয় ক্ৰমে দেৱেশ্বৰ কাকতি আৰু সত্য প্ৰসাদ ভৰালীক ৰাইজে দেৱবাদ্য পৰিবেশন কৰি আৰ্শীবাদ দিয়ে। পৰিচালনা সমিতিৰ সভাপতি বিজয় বল্লভ গোস্বামী, কাৰ্যকৰী সভাপতি ৰণজিত কুমাৰ বৰুৱা আৰু সাধাৰণ সম্পাদক দেৱেশ্বৰ কাকতিৰ পৰিচালনাত পুৱা ৪.৩০ বজাৰ পৰা মঙ্গলাচৰণ আৰম্ভ হয়।
৬.৩০ পৰা ধৰ্মধ্বজা উত্তোলন কৰে সভাপতি বিজয় বল্লভ গোস্বামীয়ে। গায়ন-বায়নৰ মঙ্গল ধ্বনি আয়তীৰ উৰুলি শংখ ঘণ্টা ডবা কাঁহ বজায় জয় বিজয় উন্মোচন কৰা হ’য়। অনুষ্ঠানত বিশেষ ভাৱে সহায় আগবঢ়োৱা ভুলি গগৈ,প্ৰবীণ ভট্ৰ, পুলিন গোস্বামী, অপূৰ্ব গগৈ,কমল চন্দ্ৰ বৰা, কেশৱ বৰা,কমল চন্দ্ৰ বৰা, গকুল চন্দ্ৰ সিংহ, সভাৰাম কেওঁট, লক্ষ্মী ৰাজখোৱা, সদানন্দ বৰগোহাঁই, তিলেশ্বৰ হীৰা,তোষেশ্বৰ চেতিয়া, পংকজ বৰদলৈ, অজিত গগৈ, অতুলচন্দ্ৰ দত্ত, প্ৰভা কলিতা, মিনতি বৰগোহাঁই, জ্যোৎস্না দাস,অনিমা হাজৰিকা, মিনু বৰুৱা,নিৰু বৰা, স্বৰ্ণলতা গগৈ,কুম কুম হাজৰিকা,দীপশিখা গগৈ, ইন্দিৰা হাজৰিকা আদিকে প্ৰমূখ্য কৰি শতাধিক গণ্য মান্য ভক্ত প্ৰাণ লোক উপস্থিত থাকে।
মূল অনুস্থানৰ আগত আয়তীসকলৰ উৰুলি ধ্বনিৰ সমান্তৰালকৈ গায়ন-বায়ন,ডবা, কাঁহ, শংখ, ঘন্টাৰ এক আকৰ্ষণীয় মাঙ্গলিক কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ পাছত সত্ৰাধিকাৰ ভৱ গোস্বামীৰ নামাচাৰ্যত সমূহীয়া নাম প্ৰসংগ অনুষ্ঠিত হয় । অহ ২ অক্টোবৰত অনুষ্ঠিতব্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭তম জন্মোউৎসৱৰ কাৰ্যসূচীত আজিৰ দৰে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি উদ্বোক্তা সকলে একান্তই কামনা কৰিছে।