মানপত্ৰ – ৰশ্মি ৰেখা দুৱৰা

Pc Shutterstock

অণুগল্প

মানপত্ৰ

ৰশ্মি ৰেখা দুৱৰা

মই আৰু কোনোদিনে প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰোঁ।তাই মনতে ভাবিলে।মাকে তাইক অংশগ্ৰহণ কৰাব বিচাৰিলেও তাই প্ৰতিযোগিতাবোৰৰ পৰা আঁতৰি থাকিব বিচাৰে।

ওচৰৰ প্ৰাথমিক বিদ্যালয়ত স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনত তাই যাব নুখোজিলেও মাকে জোৰ কৰি লৈ গ’ল।প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলোকে মানপত্ৰ প্ৰদান কৰিলে।আজি তাই সুখী।উৎসাহিত হৈছে বহুত।