মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দেৱৰ পৌৰাহিত্যত আজি অনুষ্ঠিত হয় কেবিনেট বৈঠক আৰু কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰে

অনলাইন বার্তাসেৱা–   মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দেৱৰ পৌৰাহিত্যত অনুষ্ঠিত আজিৰ কেবিনেট বৈঠকৰ অন্তত বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ ঘোষণা কৰে। সিদ্ধান্তসমূহ ঘোষণা কৰিবলৈ বিত্ত মন্ত্ৰী অজন্তা নেওঁগ  আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত দেৱৰৰ সৈতে অসম চৰকাৰৰ মুখপাত্ৰ হিচাপে মন্ত্ৰী পিয়ুশ হাজাৰিকাদেৱে এখন সংবাদমেলত সিদ্ধান্ত সমূহ প্ৰেছ বিষয়া সকলৰ আগত জনাই। সিদ্ধান্ত সমূহ এনে ধৰণৰ —

1. অসম চৰকাৰৰ কৰ্মচাৰী তথা পেঞ্চনাৰ সকলে মৰগীয়া বানচ(DA &DR) পূৰ্বে লাভ কৰা ১৭ শতাংশ ৰ ঠাইত ১১ শতাংশ বৃদ্ধি কৰি বৰ্তমান ২৮ শতাংশ কৰাৰ সিদ্ধান্ত লোৱা হয়। এই সিদ্ধান্ত চলিত বৰ্ষৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হব।

২/ অসম চৰকাৰে নিযুক্তি দিবলৈ লোৱা ১লাখ চৰকাৰী পদৰ ভিতৰত আজি স্বাস্থ্য বিভাগত ৮,৮৫৫ টা কাৰিকৰী পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে কেবিনেটে অনুমোদন জনায়। আৰু এতিয়া লৈকে অনুমোদিত শিক্ষা বিভাগ, গৃহ বিভাগ আৰু স্বাস্থ্য বিভাগৰ সৰ্বমুঠ ৫২,৫০০ পদ পূৰণৰ প্ৰক্ৰিয়া ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হব।

৩/ ক’ভিড অতিমাৰীৰ পৰিপ্ৰেক্ষিতত ২০২০ চনৰ ২০ মাৰ্চৰ আগতে ছুটিত থকা যিসকল কৰ্মচাৰী কৰ্মস্থলীৰ বাহিৰত থকাৰ বাবে কৰ্তব্যত অনুপস্থিত আছিল, তেওঁলোকৰ সেই অনুপস্থিতিৰ কালছোৱা নিয়মীয়াকৰণৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷

৪/ নিবনুৱা সমস্যা সমাধানৰ লক্ষ্যৰে পৰিবহন বিভাগ আৰু দক্ষতা বিকাশ অভিযানে একেলগে মিলি চালকক বৃত্তি হিচাপে গ্ৰহণ কৰিব খোজা প্ৰত্যেক সমষ্টিৰ ৫০ জনকৈ ,সৰ্বমুঠ ৬,৬০০ গৰাকী যুৱক যুৱতীক ৪৫ দিনীয়াকৈ গাড়ী চালনৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰাৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায়।
এই প্ৰশিক্ষণৰ অন্তত তেওঁলোকে গাড়ী চালনৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ লগতে বাণিজ্যিক অথবা যাত্ৰীবাহী বাহন ক্ৰয় কৰিলে অসম চৰকাৰৰ পৰা ১ লাখ টকাকৈ ৰাজসাহাৰ্য্য (Subsidy) লাভ কৰিব।

৫/ ৰাজ্যখনৰ অনুসূচিত জনজাতিৰ “লালুং” নামেৰে তালিকাভুক্ত উপজনজাতিটোক তেওঁলোকৰ ইচ্ছা অনুযায়ী “লালুং”ৰ স্থানত ‘তিৱা’ শব্দটো ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰে ভাৰত চৰকাৰক অনুৰোধ জনাব বুলি আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷

Source – fb