মানচেষ্টাৰ টেষ্টৰ পূৰ্বে ভাৰতীয় দলত অংশুল কম্বোজ
ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰৰ পৰা মানচেষ্টাৰত ইংলেণ্ডৰ বিৰুদ্ধে চতুর্থ টেষ্টত খেলিব ভাৰতে। তাৰ পূৰ্বে ভাৰতীয় দলত পেচাৰ অংশুল কম্বোজক অন্তর্ভুক্ত কৰা হৈছে। মানচেষ্টাৰ টেষ্টৰ বাবে অনুশীলন চলাই থকাৰ সময়তে আঘাতৰ পাইছিল অর্শদ্বীপ সিঙে। তেওঁ কেবল চতুর্থ টেষ্টতেই নহয়, শৃংখলাৰ পৰাই আঁতৰি যাব পাৰে। সেই বাবে আগতীয়াকৈ কম্বোজক দললৈ আমন্ত্রণ জনোৱা হৈছে। আইপিএলত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিছিল কম্বোজে। উল্লেখ্য যে মানচেষ্টাৰত উপস্থিত হোৱাৰ দিনাই অনুশীলনত আঘাত পায় অর্শদ্বীপে। ছাই সুদৰ্শনৰ এটা শ্বট ধৰিবলৈ গৈ আঙুলিত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয় তেওঁ। ফলত চতুর্থ টেষ্টৰ পৰা তেওঁ বাহিৰ হয় ইপিনে ইংলেণ্ডত খেলাৰ অভিজ্ঞতা আছে কম্বোজৰ। ভাৰতৰ এই শৃংখলাৰ পূৰ্বে ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধে ভাৰত ‘এ’ দলত আছিল কম্বোজ। দুখন মেচ খেলি কম্বোজে ৫টা উইকেট দখল কৰিছিল । ইয়াৰ উপৰি কম্বোজে এটা অর্ধ শতৰাণো কৰিছে। সেইবাবেই হয়তো তেওঁক মাতি পঠিওৱা হৈছে। আইপিএলত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলা কম্বোজে ২১.৫০ গড় আৰু প্ৰতি অভাৰত ৮ ৰান দি ৮ উইকেট দখল কৰিছিল। হাৰিয়ানাৰ এইগৰাকী পেচাৰে প্ৰথম দৃষ্টি আকৰ্ষণ কৰিছিল ৰঞ্জি ট্রফীত। ২০২৪-২৫ বৰ্ষত কেৰালাৰ বিৰুদ্ধে তেওঁ এক ইনিংছত ১০টা উইকেট দখল কৰিছিল। ৰঞ্জি ট্রফীৰ ইতিহাসত এই কৃতিত্ব অর্জন কৰা তেওঁ হৈছে তৃতীয়গৰাকী বলাৰ। ৩০.১ অভাৰ বলিং কৰি ৪৯ ৰানত ১০ উইকেট দখল কৰিছিল কম্বোজে। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁ এইপর্যন্ত ৭৯টা উইকেট দখল কৰিছে। উল্লেখ্য যে আকাশ দ্বীপৰ পিছত অৰ্শদ্বীপৰ আঘাতে উদ্বিগ্ন কৰি তুলিছে ভাৰতীয় দল মেনেজমেণ্টক। জানিব পৰা মতে বুমৰাহ আৰু আকাশদ্বীপক একেলগে খেলাব পৰা নাযাব। আকাশদ্বীপৰ পিঠিৰ আঘাত পুনৰ আৰম্ভ হৈছে। লৰ্ডছত তেওঁৰ অন্তিম স্পেলত পিঠিৰ আঘাতত ভোগা দৃষ্টিগোচৰ হৈছে। সেইবাবেই কম্বোজক মাতি পঠিওৱা হৈছে। মানচেষ্টাৰত বুমৰাহে খেলাটো নিশ্চিত। যাৰ বাবে প্রশিক্ষক গম্ভীৰে বলিং আক্রমণ সলনি কৰিবলৈ বাধ্য হ’ব।