মানকাচৰৰ মীৰ জুমলা আৰু কামাখ্যা মন্দিৰত এভূমুকি।
—————————— ———-
বহু দিনৰ হাবিয়াস অৱশেষত পূৰণ হ’ল। যোৱা নৱেম্বৰ মাহৰ ২০ তাৰিখে মানকাচৰৰ ঐতিহাসিক পৰ্যটন থলী মীৰ জুমলাৰ সমাধি ক্ষেত্ৰ আৰু কামাখ্যা দেৱীৰ মন্দিৰ প্ৰদক্ষিণ কৰি মীৰ জুমলাৰ সমাধি ক্ষেত্ৰৰ পৰিচালনা কমিটী আৰু কামাখ্যা দেৱীৰ মন্দিৰৰ পূজাৰী আৰু তেওঁৰ সতীৰ্থ সকলৰ পৰা সেই ক্ষেত্ৰসমূহৰ বিষয়ে আলোচনা কৰি যিখিনি তথ্য জানিবলৈ পালোঁ,তাক সংক্ষেপে উল্লেখ কৰিবলৈ প্ৰয়াস কৰিম। তাৰ আগতে মানকাচৰৰ ঐতিহাসিক পটভূমি সম্পৰ্কে সংক্ষেপে উল্লেখ কৰিব বিচাৰিছোঁ।
অসমৰ একেবাৰে পশ্চিম সীমান্তত অৱস্থিত মানকাচৰৰ প্ৰাচীন ইতিহাস সম্পৰ্কে বিতংকৈ জানিবলৈ পোৱা নাযায় যদিও কিছু তথ্য মতে ১৬০০ শতিকাত মানকাচৰৰ বুকুৱেদি প্ৰৱাহিত বিশাল ব্ৰহ্মপুত্ৰ নদীত জাহাজ চলাচল কৰিছিল। এই ব্ৰহ্মপুত্ৰ নদীৰ পৰা ভাঁহি উঠা মানকাচৰ ঠাইখন এসময়ত ঘন জংঘলেৰে পৰিপূৰ্ণ হৈ আছিল। ১৭০০ শতিকাৰ শেষৰ পিনে এই অঞ্চলৰ অল্পসংখ্যক বাসিন্দাই ঘন জংঘল চাফা কৰি গাঁও গঢ়ি তুলিছিল। কালক্ৰমত এই মানকাচৰ ঠাইখন ঘন বসতিপূৰ্ণ হৈ উন্নত চহৰলৈ পৰিণত হয়। অসম চৰকাৰৰ অৱহেলাৰ বাবে মানকাচৰ চহৰখন অৱনমিত হৈ আকৌ গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত হৈ পৰে। থুলমূল ভাৱে এয়াই মানকাচৰ ঠাইখনৰ পটভূমি।
এতিয়া মীৰ জুমলাৰ মাজাৰ শ্বৰীফ আৰু মা কামাখ্যা দেৱীৰ মন্দিৰ প্ৰতিষ্ঠাৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰয়াস কৰিম।
১৬৫৯ চনত ৬৯ বছৰ বয়সত মীৰজুমলাই বঙ্গদেশৰ শাসনভাৰ গ্ৰহণ কৰিয়েই দিল্লীশ্বৰ মোগল সম্ৰাট ঔৰংজেৱৰ আদেশ মৰ্মে কোচবিহাৰ ৰাজ্য আক্ৰমণ কৰি কোচবিহাৰ ৰাজ্যৰ ৰজাক বশীভূত কৰি ১৬৬২ চনৰ জানুৱাৰী মাহৰ ৪ তাৰিখে সসৈন্য অসম আক্ৰমণ কৰে। ১৭ মাৰ্চত আহোম ৰজা জয়ধ্বজ সিংহৰ ৰাজধানী গড়গাঁও অধিকাৰ কৰি লয়। ইয়াৰ কিছুদিন পিছত মীৰ জুমলা কালাজ্বৰত আক্ৰান্ত হৈ অসুস্থ হৈ পৰে। তেতিয়া সসৈন্যই ঢাকা প্ৰত্যাৱৰ্তন কৰাৰ সময়ত১৬৬৩ চনৰ ৩০ মাৰ্চত মীৰ জুমলাৰ মৃত্যু হয়।
তেওঁৰ সমাধি ক্ষেত্ৰ লৈ বিভিন্ন জনৰ বিভিন্ন মত আছে। কিছুমান ঐতিহাসিকৰ মতে ১৬৬৩ চনৰ ২ ফেব্ৰুৱাৰীৰ দিনা নামনি অসমত প্ৰাকৃতিক দুৰ্যোগ দেখা দিছিল। প্ৰবল বজ্ৰপাত আৰু ভূমিকম্পই গোটেই ঠাইখন জোঁকাৰি গৈছিল। লগে লগে আৰম্ভ হৈছিল মহা সংক্ৰামক ব্যাধি কালাজ্বৰ (Black Fever) । ঘটনা ক্ৰমে মীৰ জুমলাই স্থল পথেৰে সসৈন্যই স্থল পথেৰে ভটিয়াই আহি ৰঙামাটি পায় আৰু সেই সময়ত কালাজ্বৰত আক্ৰান্ত হৈ তেওঁৰ জীৱন সংকটপূৰ্ণ হৈ পৰে । তেতিয়া তেওঁ সসৈন্যই ঢাকা প্ৰত্যাৱৰ্তন কৰাৰ সময়ত মানকাচৰৰ ঠাকুৰান বাৰীৰ এটি পাহাৰৰ টিলাত ছিবিৰ পাতে আৰু তাতেই তেওঁ মৃত্যু মুখত পৰে। তেওঁক মানকাচৰৰ টিলাত সমাধিস্থ কৰা হয়। তেওঁৰ লগত অহা বহুতো সৈন্য সামন্তও প্ৰাকৃতিক দুৰ্যোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। তেওঁলোককো মীৰজুমলাৰ সমাধি ক্ষেত্ৰত সমাধিস্থ কৰা হৈছিল।
কিছুমান ঐতিহাসিকৰ মতে তেওঁ ঘূৰাৰ পথত ঢাকাত গৈ তেওঁৰ মৃত্যু হয় আৰু ঢাকাতেই তেওঁক সমাধিস্থ কৰা হয়।
১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত মানকাচৰত আহি আশ্ৰয় লোৱা ঢাকা বিশ্ববিদ্যালয়, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ আৰু বিভিন্ন কলেজৰ ছাত্ৰসকলে মুক্তি বাহিনী ৰূপে মীৰ জুমলা টিলাৰ তলতে ছাউনি পাতি ট্ৰেইনিং লৈ আছিল। তেওঁলোকেও মীৰ জুমলাৰ সমাধি ক্ষেত্ৰক অতি শ্ৰদ্ধাৰ সৈতে পৰিচৰ্যা কৰিছিল। ১৯৭৬ চনত গোৱালপাৰা জিলাৰ অনুসন্ধান সমিতিৰ দল এটাই বাংলাদেশ ভ্ৰমণ কৰি এই সিদ্ধান্তত উপনীত হয় যে, মীৰ জুমলাৰ ঢাকাত মৃত্যু হোৱা নাছিল বা ঢাকাত তেওঁৰ কোনো সমাধি ক্ষেত্ৰ নাই। গতিকে নিঃসন্দেহে মীৰ জুমলাৰ মানকাচৰত মৃত্যু হৈছিল।
মীৰ জুমলাৰ মাজাৰ শ্বৰীফৰ পৰিচালনা ব্যৱস্থা: মীৰ জুমলাৰ মাজাৰ শ্বৰীফ পৰিচালনা কৰাৰ বাবে এজন সম্পাদকৰ সৈতে ৩২ জনীয়া এটি কমিটী আছে। মীৰ জুমলাৰ মাজাৰ শ্বৰীফত এখন কবৰ স্থান আছে। এই অঞ্চলৰ মৃত মুছলমান সকলক এই কবৰ-স্থানত সমাধিস্থ কৰা হয়। ইয়াত এখন অত্যাধুনিক মছজিদ আৰু দুখন মাদ্ৰাছা ( হাফেজি আৰু খাৰেজি) , এখন ঈদগাহ ময়দান ( য’ত মুছলমান সকলে বছৰত দুবাৰ ঈদুল ফিতৰ আৰু ঈদুল আজহা নামাজ আদায় কৰে) , এখন অতিথি শালা আৰু এখন কাৰ্যালয় আছে।
মীৰ জুমলাৰ মাজাৰ শ্বৰীফৰ মুঠ মাটিকালি ৩৩ বিঘা।
মূল মাজাৰ শ্বৰীফ খন উন্নত পকী দেৱালেৰে আৱৰা। উন্নত মানৰ ওজু খানা ( মুখ হাত ধোঁৱা) , লগতে বহাৰ ব্যৱস্থা, পেছাৱ-পায়খানাৰ উন্নত পৰিৱেশ।
মীৰ জুমলাৰ মাজাৰ শ্বৰীফত থকা সকলো ব্যৱস্থা এই অঞ্চলৰ ৰাইজৰ দান বৰঙণিৰে চলে। এই দান বৰঙণিৰে মিস্ত্ৰী খৰচ, মাদ্ৰাছাত থকা শিক্ষক সকলৰ দা-দৰমহা , প্ৰায় চাৰিশ ছাত্ৰ-ছাত্ৰীৰ যাবতীয় খৰচ, কবৰ বিলাক চাফ চিকোন কৰা , প্ৰতি বছৰে গৃহ বোৰত ৰং সনাৰ বাবে হাজিৰা লোৱা বনুৱা সকলৰ মজুৰি আদি উল্লেখযোগ্য।
এই অঞ্চলৰ মানুহে প্ৰতি সপ্তাহে আগবঢ়োৱা দান বৰঙণিৰে সকলো কাম সুন্দৰ ভাৱে সমাধান কৰিবলৈ সক্ষম নহয় । এতিয়াও কবৰ স্থানক দেৱালেৱেৰে ঘেৰা সম্পূৰ্ণ হোৱা নাই। পানী যোগান বা বিজুলী সৰবৰাহ ইয়াত এতিয়াও পৰ্যাপ্ত পৰিমানে হোৱা নাই।
এই ক্ষেত্ৰত মীৰ জুমলাৰ মাজাৰ শ্বৰীফ ঐতিহাসিক পৰ্যটন থলী হোৱা স্বত্ত্বেও এই পৰ্যন্ত কোনো এখন চৰকাৰে ধন আৱন্টন দিয়া নাই ।
মীৰ জুমলা মাজাৰ শ্বৰীফৰ সমান্তৰাল ভাৱে নিচেই ওচৰত আন এটি টিলাত অতি প্ৰাচীন কালতেই এই অঞ্চলৰ দেশী জনগোষ্ঠীৰ হিন্দু,বাঙালী হিন্দুৰ প্ৰচেষ্টাত মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত কামাখ্যা দেৱীৰ মন্দিৰ প্ৰতিষ্ঠা হৈছিল। কামাখ্যা দেৱী মন্দিৰৰ পূজাৰী আৰু তেওঁৰ সতীৰ্থ সকলে এই মন্দিৰৰ প্ৰাংগণত হিন্দু ধৰ্মাৱলম্বীৰ বিভিন্ন পূজা অৰ্চনা কৰাৰ উপৰিও মন্দিৰৰ ভিতৰত স্থাপন কৰা কামাখ্যা দেৱীক জীৱন্ত দেৱী ৰূপে পুৱা গধূলি ধূপ ধূনাৰে নিয়মীয়াকৈ পূজা অৰ্চনা কৰে। প্ৰতি দিনাই অসম তথা ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা এনেকি প্ৰতিবেশী বাংলাদেশৰ পৰা ভক্তগণ আহি কামাখ্যা দেৱীৰ চৰণত ভক্তিভাৱেৰে নিজকে সমৰ্পিত কৰে আৰু আশীষ কামনা কৰে। মীৰ জুমলাৰ মাজাৰ শ্বৰীফৰ পৰা মা কামাখ্যা দেৱীৰ মন্দিৰলৈ যোৱাৰ বাবে এটি ৰাস্তা নিৰ্মাণ কৰা হৈছে। উক্ত ৰাস্তায়েদি ভ্ৰমণকাৰী সকলে অহা যোৱা কৰি দুয়োখন পবিত্ৰ স্থান দৰ্শন কৰে। কামাখ্যা দেৱীৰ মন্দিৰৰ ঠিক সন্মুখতে টিলাৰ নামনিত এটি সৰু পুখুৰী আছে। এই পুখুৰীত অসংখ্য সৰু বৰ অতি পুৰণি মাছ বিচৰণ কৰি থাকে। হিন্দু-মুছলিম সকলোৱে পুখুৰীৰ পাৰত থিয় হৈ মাছৰ কাৰণে বিভিন্ন খাদ্য ছটিয়াই দি মাছৰ উজ্জ্বল গতিশীলতা উপভোগ কৰে ; কোনোৱে মাছ ধৰিবলৈ চেষ্টা নকৰে। কামাখ্যা দেৱীৰ মন্দিৰ অতি আটকধুনীয়াকৈ ৰখা হয় আৰু ইয়াৰ ভিতৰত অৱস্থিত মা কামাখ্যা দেৱীৰ মূৰ্তিটো সদায় জীৱন্ত ৰূপত থকা যেন লাগে।
মীৰ জুমলাৰ মাজাৰ শ্বৰীফ আৰু মা কামাখ্যা দেৱীৰ মন্দিৰৰ ভূমিকা:- মানকাচৰৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলে যেনে দেশী জন গোষ্ঠীৰ হিন্দু, মুছলমান, হিন্দু বাঙালী, বিহাৰী, মাৰোৱাৰী, হাজং,কোচ, গাৰো সকলে মিলাপ্ৰীতিৰে বসবাস কৰে আৰু তেওঁলোকৰ প্ৰচেষ্টাত মীৰ জুমলাৰ মাজাৰ শ্বৰীফ আৰু মা কামাখ্যা দেৱীৰ মন্দিৰ অতি আকৰ্ষণীয় ভাৱে ৰখা হৈছে। প্ৰতি দিনাই সকলো জনগোষ্ঠীৰ সমন্বয় ক্ষেত্ৰ হিচাপে এই ক্ষেত্ৰটি পৰিগণিত হৈছে।
অসমৰ ভিতৰতে মানকাচৰ এখন ঐতিহাসিক ভাৱে ঐতিহ্যপূৰ্ণ আৰু ইয়াত অৱস্থিত মীৰ জুমলাৰ মাজাৰ শ্বৰীফ আৰু মা কামাখ্যা দেৱীৰ মন্দিৰ এক ঐতিহাসিক স্বাক্ষৰ বহন কৰা সত্ত্বেও অসম তথা ভাৰত চৰকাৰে মাহী আইৰ দৃষ্টিৰে চোৱাৰ বাবে এই ঐতিহাসিক ঐতিহ্যবাহী ঠাইখন সকলো ফালৰ পৰা অৱহেলিত হৈ পৰিছে। মানকাচৰ ঠাইখনৰ যাতায়তৰ ব্যৱস্থা জৰাজীৰ্ণ ৰূপ লাভ কৰিছে। মীৰ জুমলাৰ মাজাৰ শ্বৰীফ আৰু মা কামাখ্যা দেৱীৰ মন্দিৰৰ চাৰিওফালে আকৌ জংঘলেৰে পৰিপূৰ্ণ হৈ পৰিছে। তথাপি অসম , মেঘালয়কে আদি কৰি বিভিন্ন ঠাইৰ মানুহে প্ৰতি বছৰে এই মাজাৰ শ্বৰীফ আৰু মা কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰিবলৈ আহে। গতিকে চৰকাৰৰ পৃষ্ঠপোষকতাত মীৰ জুমলাৰ মাজাৰ শ্বৰীফ আৰু মা কামাখ্যা দেৱীৰ মন্দিৰক পৰ্যটন থলী হিচাপে নিৰ্মাণ কৰিলে বিভিন্ন দেশ-বিদেশৰ হাজাৰ হাজাৰ ভ্ৰমণকাৰীয়ে এই পৰ্যটন থলী দৰ্শন কৰিবলৈ আহিব বুলি আশা কৰিব পাৰি । তাৰ ফলত চৰকাৰেও কোটি কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰি লাভৱান হ’ব পাৰিব বুলি মনে ধৰে।
নাছিৰ আহমেদ
শিমলাবাৰী গোৱালপাৰা