মাধৱদেৱ বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত চৌহদ উন্মোচন কৰে মুখ্যমন্ত্রী ড° শর্মাই

মাধৱদেৱ বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত চৌহদ উন্মোচন কৰে মুখ্যমন্ত্রী ড° শর্মাই

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মঙলবাৰে মহাপুৰুষ মাধৱদেৱৰ নামেৰে প্রতিষ্ঠিত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ নৱনির্মিত গৃহ আৰু চৌহদ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। বিশ্ববিদ্যালয়খনৰ নৱনিৰ্মিত গৃহ আৰু চৌহদ উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই ‘এয়া আমাৰ চৰকাৰৰ শৈক্ষিক এক জাগৰণ যাত্ৰা’ৰ অংশ বুলি অভিহিত কৰে। উল্লেখ্য যে এদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলা ভ্ৰমণ কৰা মুখ্যমন্ত্রী ড° শৰ্মাই নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ, শ্রীশ্রীমাধৱদেৱ কলাক্ষেত্রত নিৰ্মাণ কৰা শ্ৰীশ্ৰীবদলা পদ্ম আতা কলাতীৰ্থৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। তদুপৰি নাৰায়ণপুৰৰ শ্ৰীশ্ৰীধুৱাহাট বেলগুৰি সত্ৰৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই উদ্বোধন কৰা ৬৮১খন আসনবিশিষ্ট শ্রীশ্রীবদলা পদ্ম আতা কলাতীর্থ শব্দ নিয়ন্ত্রণ আৰু মঞ্চ আলোকৰ অত্যাধুনিক ব্যৱস্থা, যন্ত্রচালিত পট, বিশাল এলইডি স্ক্রীন আদিৰে সুসজ্জিত কৰা হৈছে। এই উপলক্ষে মাধৱদেৱ বিশ্ববিদ্যালয় চৌহদত আয়োজন কৰা জনসভাত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই অসমীয়া জাতিৰ অন্যতম প্রাণ প্রতিষ্ঠাপক মহাপুৰুষ শ্রীশ্রীমাধৱদেৱলৈ গভীৰ প্ৰণিপাত জনাই কয় যে এক গৰিমামণ্ডিত ইতিহাসৰ স্বাক্ষৰ বহন কৰা বিহপুৰীয়াৰ কাচিকটা আৰু ৰঙাজান নৈৰ মাজত অৱস্থিত লেটেকুপুখুৰীত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ জন্ম হৈছিল। মায়ামৰা সত্ৰ সম্প্ৰদায়ৰ প্ৰৱৰ্তক অনিৰুদ্ধদেৱৰ ধলপুৰৰ ডকুৱা গাঁৱৰ বিষ্ণু বালিকুঞ্চিত জন্ম হৈছিল আৰু সেই স্থানতে গুৰুজনাৰ থান অৱস্থিত। আনহাতে অনিৰুদ্ধদেৱৰ সমাধিস্থল নাহৰআটি থান বিহপুৰীয়া নগৰৰ সমীপৰ নাহৰআটিত অৱস্থিত। নাৰায়ণপুৰ নগৰৰে সমীপত বদলা পদ্ম আতা আৰু হৰিদেৱৰ জন্মস্থান থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ মণিকাঞ্চন সংযোগৰ স্থান হিচাপে পৰিচিত মাজুলীৰ ধুৱাহাট বেলগুৰি সত্ৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ বাবে স্থানান্তৰিত হৈ পুনৰ প্ৰতিষ্ঠিত হৈছিল নাৰায়ণপুৰতে। বেলগুৰি সত্ৰৰ নাতিদূৰত থকা বদলা সত্র, পদ্ম আতাৰ দ্বাৰা প্ৰতিষ্ঠাপিত ফুলনিথান নাৰায়ণপুৰ নগৰতে অৱস্থিত হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে বিহপুৰীয়াৰ বদতিঘাটৰ সমীপত মহাপুৰুষ শংকৰদেৱ এবাৰ পদার্পণ কৰা চাংগিনী থান, ধলপুৰৰ গণকদলনিত পেটুৱা গোসাঁনীৰ থান, ধলপুৰৰ ভাটোকুছিত কেশৱ চৰণ আতা থান, নাৰায়ণপুৰৰ ফুলবাৰীত মাঘনোৱা দ’ল, খেৰাজখাটৰ গোসাঁইবাৰী আৰু নাৰায়ণপুৰৰ বৰখামতি গাঁৱত বাপুচাং আৰু বুদ্ধদেৱৰ মূৰ্তি থকা বৌদ্ধ মন্দিৰ, বিহপুৰীয়াৰ হমৰা কাচিকটা গাঁৱত বদলা পদ্ম আতাৰ জিৰণি স্থান হিচাপে চিহ্নিত ৰঘুগুৰি আৰু হমৰা থান আৰু খেৰাজখাটৰ ফুলবাৰী দেৱালয় আদিয়ে নাৰায়ণপুৰ-বিহপুৰীয়াত ৰাজ্যৰ অন্যতম আধ্যাত্মিক স্থানলৈ ৰূপান্তৰ কৰিছে। ভাষণত মুখ্যমন্ত্রী ড° শর্মাই কয় যে ২০১৬ চনত বিত্তমন্ত্রী হিচাপে প্রথম বাজেট দাখিল কৰাৰ সময়ত তেওঁ হোজাই মহাবিদ্যালয়ক উন্নীত কৰি ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, বজালী মহাবিদ্যালয়ক উন্নীত কৰি ভট্টদেৱ বিশ্ববিদ্যালয় আৰু মাধৱদেৱ মহাবিদ্যালয়ক উন্নীত কৰি মাধৱদেৱ বিশ্ববিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰিছিল। যিটো সময়ত কোনেও ভবা নাছিল যে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিছত অসমত অন্য কোনো বিশ্ববিদ্যালয় হ’ব পাৰে, সেই সময়তে আমি ২০১৬ চনত নতুনকৈ তিনিখন বিশ্ববিদ্যালয় স্থাপনৰ সপোনৰ অংকুৰণ ঘটাইছিলোঁ। সময়ৰ সোঁতত ৰাজ্য চৰকাৰে শিক্ষা ব্যৱস্থাৰ প্ৰতি থকা অসীম আগ্ৰহৰ বাবে ২৫খন বিশ্ববিদ্যালয়ৰ কাম হাতত লৈছে আৰু এনে বহুকেইখন বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম আৰম্ভ হৈছে। ২০১৯ চনৰ ১৪ জুনত উপাচাৰ্যৰ কাৰ্যভাৰ গ্রহণেৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ কাম-কাজ আৰম্ভহোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে সম্প্রতি সমাজ বিজ্ঞান, বিজ্ঞান এই দুয়োটা ফেকাল্টীৰে বিশ্ববিদ্যালয়খনৰ স্নাতক পাঠ্যক্ৰমৰ ১৫টা বিভাগ, স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ১৩টা বিভাগত শিক্ষাদানৰ সুবিধা আগবঢ়াই অহা হৈছে। তদুপৰি ১১টা বিভাগত পিএইচডি ডিগ্ৰীৰো সুবিধা আগবঢ়োৱা হৈছে। মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উত্তৰণৰ যি যাত্রা, সেই যাত্ৰাত আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী ড° শর্মাই কয় যে আজি প্রায় ৫৭ কোটি টকা ব্যয়েৰে ৫৫ বিঘা ভূমি সামৰি নিৰ্মাণ কৰা বিশ্ববিদ্যালয়খনৰ নতুন চৌহদৰ শুভ উদ্বোধন কৰা হৈছে। এই নতুন চৌহদত চাৰি মহলীয়া শৈক্ষিক ব্লক, উপাচার্য, পঞ্জীয়ক আৰু অধ্যাপকৰ আৱাস, দুমহলীয়া অতিথিশালা, মুখ্য প্ৰৱেশদ্বাৰ, আভ্যন্তৰীণ পথ-নলা, চাৰিসীমাৰ দেৱাল আদি নিৰ্মাণ কৰা হৈছে। এই নতুন আন্তঃগাঁথনিৰ বিশ্ববিদ্যালয়খন আগবাঢ়ি যোৱাত সহায়ক হ’ব বুলি উল্লেখ কৰি কয় যে আধ্যাত্মিকতাৰ বন্তি নাৰায়ণপুৰৰ পৰাই জ্বলিছিল আৰু নতুন পৃথিৱীৰ বিজ্ঞানৰ বন্তিও নাৰায়ণপুৰৰ পৰাই জ্বলিব লাগিব। এই বিশ্ববিদ্যালয়খনে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত শৈক্ষিক জাগৰণৰ যাত্ৰা আৰম্ভ কৰিছে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে এখন ৰাজ্যিক বিশ্ববিদ্যালয়ক ভৱিষ্যতৰ পৰিকল্পনাৰে শিক্ষাৰ উচ্চ মন্দিৰলৈ ৰূপান্তৰ কৰিবৰ বাবে অতিকমেও ৩০০ বিঘা ভূমিৰ প্ৰয়োজন হয়। মাধৱদেৱ বিশ্ববিদ্যালয়ৰ বৰ্তমানে থকা ১২০ বিঘা ভূমিৰ সৈতে সমীপত নতুনকৈ ১৮০ বিঘা ভূমি সংলগ্ন কৰি ৩০০ বিঘা চৌহদ গঠনৰ দিশত পদক্ষেপ ল’বলৈ জিলা আয়ুক্তক পৰামৰ্শ দিয়ে আৰু বিশ্ববিদ্যালয়খনৰ দ্বিতীয় পৰ্যায়ৰ আন্তঃগাঁথনি নিৰ্মাণৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে ৭৫ কোটি টকা আগবঢ়োৱাৰ কথাও মুখ্যমন্ত্রী ড° শর্মাই ঘোষণা কৰে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে আজিৰ সমাজ দ্রুতগতিত পৰিৱৰ্তন হৈছে আৰু প্ৰতিদিনেই নিত্যনতুন চিন্তা-চৰ্চাৰ আগমন ঘটিবলৈ ধৰিছে। ম’বাইল ফোনৰ আৱিষ্কাৰে সমগ্ৰ পৃথিৱীৰ চিন্তাধাৰা সলনি কৰি পেলাইছে আৰু আজিৰ যুগৰ মানুহে হাতত লৈ থকা ফোনটোৰেই ধনৰ লেনদেনৰ পৰা আৰম্ভ কৰি যিকোনো তথ্য সংগ্ৰহ কৰিব পৰা হৈছে। সাধাৰণ মানুহে কৰা কল্পনাতকৈও আজিৰ পৃথিৱীখন দ্রুতগতিত আগবাঢ়িছে। লখিমপুৰত দুখনকৈ বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, গহপুৰত বিশ্ববিদ্যালয় আদি নির্মাণ বা নুমলীগড়-গহপুৰ সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ আদি নিৰ্মাণৰ দৰে কথাবোৰ একপ্ৰকাৰ কল্পনাতীত আছিল। ৰাজ্যত এক শৈক্ষিক নৱজাগৰণ সৃষ্টিৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে নতুন নতুন বিশ্ববিদ্যালয় স্থাপন কৰিছে। এনে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহত উদ্ভাৱনীমূলক কাম-কাজত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰচুৰ সমৰ্থ আছে। আজিৰ পৃথিৱী যিটো গতিত আগবাঢ়িছে, সেই গতিৰ সৈতে সমতা ৰাখি আমি আগবাঢ়িব লাগিব। আগন্তুক ৫০ বছৰৰ পৃথিৱীখনলৈ আমাৰ অৰিহণা কি হ’ব সেই ধৰণৰ চিন্তা-চৰ্চা বিশ্ববিদ্যালয়সমূহত হ’ব লাগিব। আমাৰ ভৱিষ্যৎ ইনকুৱেচন আৰু উদ্ভাৱনৰ সৈতে জড়িত হৈ আছে। ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহত ষ্টার্টআপ পৰিৱেশতন্ত্র গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে কৃত্রিম বুদ্ধিমত্তা, আহিব ধৰা কোৱান্টাম কম্পিউটাৰ আদিৰ দৰে আজিৰ যুগৰ প্রযুক্তিৰ সৈতে বিশ্ববিদ্যালয়সমূহে শিক্ষার্থীসকলৰ চিন্তাধাৰাক সংপৃক্ত কৰি তুলিব পাৰিব লাগিব। মুখ্যমন্ত্রী ড° শৰ্মাই কয়-‘নাৰায়ণপুৰ হৈছে ১২ বৈষ্ণৱৰ জন্মস্থান। যদি এসময়ত আধ্যাত্মিকতাৰ বন্তি নাৰায়ণপুৰৰ পৰা জ্বলিব পাৰিছিল, নতুন পৃথিৱীৰ বিজ্ঞানৰ বন্তিও এই স্থানৰ পৰাই জ্বলিব পাৰে, মাত্র আমি প্রত্যাহ্বান গ্ৰহণ কৰিব পাৰিব লাগিব।’ এই অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ড, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক অৰূপজ্যোতি চৌধুৰী, বিধায়ক ড° অমিয় কুমাৰ ভূঞা, মানৱ ডেকা, উৎপল বৰা, সাংসদ ৰঞ্জিত দত্ত, প্রাক্তন বিধায়ক প্ৰেমধৰ বৰা, কেশৰাম বৰা, দেৱানন্দ হাজৰিকা, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য ভৈৰৱ দেউৰী, অসম খাদী উন্নয়ন ব’ৰ্ডৰ উপাধ্যক্ষ হৰেন দেউৰী, সমাজকৰ্মী ৰঞ্জিত ভট্টাচার্য, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° ক্ষীৰপ্ৰদ দত্ত, জিলা আযুক্ত প্ৰণৱজিৎ কলিতা আদি উপস্থিত থাকে।