মাধ্যমিক শিক্ষা সঞ্চালকৰ বিদ্যালয়সমূহলৈ এক গুৰুত্বপূৰ্ণ নির্দেশ জাৰি

Pc The Sentinel Assam

মাধ্যমিক শিক্ষা সঞ্চালকৰ বিদ্যালয়সমূহলৈ এক গুৰুত্বপূৰ্ণ নির্দেশ জাৰি

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ  মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ এক গুৰুত্বপূৰ্ণ নির্দেশ জাৰি কৰিছে।এই নির্দেশনাৱলী ২০২৫-২৬ শৈক্ষিক বর্ষত প্রতিখন বিদ্যালয়ে কঠোৰভাৱে মানি চলিব লাগিব। নির্দেশনা অনুসৰি সকলো শিক্ষকে ৯ বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হোৱাটো এতিয়াৰে পৰা হ’ব বাধ্যতামূলক। সেইদৰে শৈক্ষিক দিনপঞ্জীত নিৰ্ধাৰণ কৰি দিয়া সময়তহে বিদ্যালয় এৰিব পাৰিব। লগতে বিদ্যালয়লৈ অহা-যোৱাৰ সঠিক তথ্য ‘শিক্ষা সেতু’ এপত উপলব্ধ হ’ব লাগিব। প্ৰত্যেক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি -লিপিবদ্ধ কৰাৰ ক্ষেত্ৰত শ্রেণী শিক্ষকজন ব্যক্তিগতভাৱে দায়বদ্ধ হ’ব লাগিব বুলিও স্পষ্ট কৰি দিয়া হৈছে। স্নাতকোত্তৰ শিক্ষকসকলে বাধ্যতামূলকভাৱে হাইস্কুল শাখা অর্থাৎ নৱম-দশম শ্রেণীত পাঠদান কৰিব লাগিব।বিদ্যালয়ত নিয়োজিত অ-শৈক্ষিক কর্মচাৰীসকলৰো অহা-যোৱাৰ সময় নির্ধাৰণ কৰি দিয়া হৈছে। এই সন্দর্ভত নির্দেশনাটোত উল্লেখ কৰা মতে, সকলো অ-শৈক্ষিক কর্মচাৰীয়ে পুৱা ১০ বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হ’ব লাগিব আৰু বিয়লি ৪.৩০ বজা পর্যন্ত থাকিব লাগিব। যদিহে প্রয়োজন হয়, দাখিল কৰিব পৰাকৈ তেওঁলোকৰ প্ৰতিবেদন প্রস্তুত কৰি ৰাখিবলৈ কোৱা হৈছে। এই নির্দেশনাসমূহ কঠোৰভাৱে বলৱৎ কৰাৰ ক্ষেত্ৰত বিদ্যালয়ৰ মুৰব্বীজন দায়বদ্ধ হ’ব বুলি স্পষ্ট কৰি দিছে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে। মন কৰিবলগীয়া যে বিদ্যালয়সমূহত অনলাইন উপস্থিতিক লৈ ইতিপূৰ্বৰে পৰা শিক্ষা বিভাগ আৰু শিক্ষক সমাজৰ মাজত সংঘাত অব্যাহত আছে। উপস্থিতিৰ বাবে ইতিমধ্যে বিদ্যালয়সমূহলৈ চৰকাৰীভাৱে যোগান-ধৰা হৈছে টেবলেট। সেই টেবলেটতে শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ লগতে নিজৰো উপস্থিতি নিশ্চিত কৰিব লাগে। কিন্তু একাংশ শিক্ষকে উত্থাপন কৰি অহা অভিযোগ মতে, প্রধান শিক্ষকে সহকাৰী শিক্ষকক ব্যক্তিগত ম’বাইলেৰে নিজৰ আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি ল’বলৈ হেঁচা প্রয়োগ কৰিছে। কাৰণ সেই বিদ্যালয়সমূহৰ টেবলেটসমূহ অকামিলা হৈছে বা প্রধানসকলে টেবলেটসমূহ ৰিচাৰ্জ কৰিবলৈ অসমৰ্থ। সমগ্র শিক্ষাই অনলাইন উপস্থিতি নাপালে ছাত্র-ছাত্ৰীসকলৰ বাবে দৈনিক আহাৰৰ ধন যোগান নধৰাৰ বাবেই প্রধান শিক্ষকে সহকাৰী শিক্ষকসকলক ব্যক্তিগত ম’বাইলেৰে হ’লেও উপস্থিতি দিবলৈ হেঁচা প্রয়োগ কৰে। প্ৰাথমিক পৰ্যায়ৰ শিক্ষাত এনেধৰণৰ পৰিৱেশ অব্যাহত থকাৰ সময়তে মাধ্যমিক পর্যায়তো শিক্ষক তথা অ-শৈক্ষিক কৰ্মচাৰীৰ অহা-যোৱাৰ সময়সীমা নির্ধাৰণ কৰি দিয়াত ‘শিক্ষা সেতু’ত সঠিক তথ্য উপলব্ধ কৰোৱাৰ বাবে দিয়া নির্দেশনা লক্ষণীয়ৰূপে বিবেচিত হৈছে।