মাধ্যমিক শিক্ষা বিভাগে বৃদ্ধি কৰিলে ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা মাচুল

Pc The Janambhumi

মাধ্যমিক শিক্ষা বিভাগে বৃদ্ধি কৰিলে ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা মাচুল

ৰঙিলী বাৰ্ত্তাসেৱা-  কাগজ আৰু উত্তৰ বহী ছপা ব্যয় বৃদ্ধিৰ দোহাই দি মাধ্যমিক শিক্ষা বিভাগে বৃদ্ধি কৰিলে ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা মাচুল।নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ছয়মাহিলি, বার্ষিক আৰু প্ৰি-ব’ৰ্ড পৰীক্ষাৰ মাচুল বৃদ্ধি কৰা হৈছে। পূৰ্বৰ ৭০ টকাৰ পৰিৱৰ্তে প্ৰতিগৰাকী ছাত্র-ছাত্রীয়ে ১২০ টকাকৈ আদায় দিব লাগিব।মাধ্যমিক শিক্ষা বিভাগে প্রশ্নকাকতৰ নামত ৫২ টকা, উত্তৰ বহীৰ নামত ২৮ টাকা, বহী মূল্যায়নৰ বাবে ২০ টকা আৰু অনলাইন, পুনৰীক্ষণ আদি সেৱাৰ বাবে ২০ টকাসহ মুঠ ১২০ টকা মাচুল নিৰ্ধাৰণ কৰিছে।