মাদকদ্ৰব্য আৰু নৱপ্ৰজন্ম – সঞ্জীৱ গগৈ

মাদকদ্ৰব্য আৰু নৱপ্ৰজন্ম

সঞ্জীৱ গগৈ
মেলেংগ্ৰাণ্ট ভোগপুৰ ,যোৰহাট 

বৰ্তমান সমাজত দেখা দিয়া এটা অতি ভয়াবহ ব্যাধি হ’ল- যুৱপ্ৰজন্মৰ মাজত মাদকদ্ৰব্যৰ অবাধ প্ৰচলন। মাদকদ্ৰব্যৰ অবাধ প্ৰচলনে উচ্ছৃংখল যুৱমানসিকতাৰ সৃষ্টি কৰিছে।মাদকদ্ৰব্যৰ সেৱনৰ ফলত যুৱপ্ৰজন্মৰ সিংহ ভাগেই পথভ্ৰষ্ট হৈছে। শিষ্যই গুৰুক নামানে, পুত্ৰই পিতাকক নুবুজে, কন্যাই মাতৃক নিচিনে, পতি পত্নীৰ মাজত কাজিয়া, ওচৰ চুবুৰীয়াৰ মাজত সদ্ভাৱ নাই, ৰাস্তাই ঘাটে মদৰ নিচাত অসভ্যালি। এয়াই আধুনিকতাৰ সংজ্ঞাবাহী বৰ্তমান সমাজ আৰু ভৱিষ্যত প্ৰজন্ম।

যুৱপ্ৰজন্মৰ মাজত আজি কালি মদ খোৱাটো এক ‘ফেশ্বন’ হৈ পৰিছে।পথৰ কাষেদি যাৱ নোৱাৰি, নিচাসক্ত তৰুণ বাইক চালকৰ দৌৰাত্ম্য। উৎসৱ-পাৰ্বন, বিয়াসবাহ সকলোতে মাথো মদৰ আড্ডা। এক কথাত ক’বলৈ গ’লে যুৱপ্ৰজন্মৰ মাজত মাদকদ্ৰব্যৰ প্ৰচলনে সমাজলৈ আন্ধাকাৰ কঢ়িয়াই আনিছে। কিন্তু ইয়াৰ বাবে সাম্প্ৰতিক পৰিস্থিতিও যথেষ্ট দায়ী। আধ্যাত্মিক, নৈতিকতা আদি শিক্ষাৰ অভাৱ, ভৱিষ্যৎ নিৰাপত্তাহীনতা, কৰ্মসংস্থাপনহীনতা আদিৰ বাবেও বহু সংখ্যক যুৱশক্তিয়ে এনে পথ বাচি লৈছে। অতীতৰ সমাজব্যৱস্থাত কিন্তু এনে ভোগবাদী তৰল চিন্তাই প্ৰাধান্য পোৱাৰ উদাহৰণ নগণ্য আছিল। গাওঁবোত এজন বা দুজন মদাহী আছিল। তেওঁলোকৰ কথা সকলোৱে জানিছিল। কিন্তু আজিৰ পৰিস্থিতি তাৰ সম্পূৰ্ণ ওলোটা।

নৱপ্ৰজন্মৰ মাজত সুস্থ সামাজিকৰণ অভাৱ, অতিপাত আধুনিকতা আদি বৰ্তমান উশৃংখল পৰিস্থিতিৰ বাবে যথেষ্ট দায়ী। সৰুৰ পৰাই যদি ছাত্ৰ-ছাত্ৰীসকল নৈতিক প্ৰমূল্য, আধ্যাত্মিক জ্ঞান, সু-অভ্যাস গঢ়ি তুলিব পৰা শিক্ষা আদি প্ৰদান কৰা হয়, তেনহ’লে বৰ্তমান পৰিস্থিতিক যথেষ্ট দমাব পৰা যাব। ছাত্ৰ-ছাত্ৰীসকল মাজত সজাগতামূলক অনুস্থান আয়োজন কৰি মাদকদ্ৰব্য সেৱনে সৃষ্টি কৰা ভয়াবহ পৰিস্থিতিৰ বিষয়ে অবগত কৰিব লাগে। আজিৰ যুৱপ্ৰজন্ম কাইলৈ দেশৰ ভৱিষ্যৎ গতিকে তেওঁলোকক ভাল দৰে গঢ় দিয়াটো আমাৰ কত্তৰ্ব্য। আমি সকলোৱে আমাৰ নবীন প্ৰজন্মক উচিত শিক্ষা প্ৰদান কৰি দেশৰ ভৱিষ্যৎ সুস্থিৰ কৰাৰ চেষ্টা কৰিব লাগে।