মাথোঁ তোমাৰ বাবে…….. – দুৰ্লভ গগৈ

মাথোঁ তোমাৰ বাবে…….. 

দুৰ্লভ গগৈ
ধেমাজী

মাথোঁ তোমাৰ বাবেই
 হেঁপাহৰ হুমুনিয়াহবোৰ
 সাঁচি ৰাখিছোঁ
 নীল নয়নৰ সিপাৰে,
 পাহৰিব খুজিছোঁ
এমুঠি হিম শীতল ক’লাজ।
শিতানৰ আবিৰে
 গুজিব খুজিছোঁ
এজোপা ইউকেলিপ্তাচ,
 ঠিক তোমাৰ দৰে
শান্ত সম্য স্থিতপ্ৰজ্ঞ ।
তোমাৰ আবদাৰবোৰ
 এক্কেবাৰে টেমছ নদীৰ দৰে,
 চিৰকাল প্ৰবাহমান।
নিৰ্লিপ্ত যৌৱনৰ পিপাশো নহয় মই,
 কিন্তু এইয়াও সঁচা যে
 তোমাৰ অবিহনে আধৰুৱা মই।
 এজাক অনাবিল সপোন,
 অযুত তৰা, ফৰিংফুটা জোনাক কাম্য নহয় মোৰ,
মাথোঁ তোমাৰ এটি স্পৰ্শই সাক্ষী এই নিৰ্জম ৰাতিবোৰৰ।।