অণুগল্প
মাতৃৰ স্নেহ
দীপাংকৰ শইকীয়া,ধেমাজি
বৃদ্ধাশ্ৰমৰ থাপনাত এগৰাকী মাতৃৰ প্ৰাৰ্থনা “প্ৰভূ মোৰ পোনা দুটিক ভালে ৰাখিব । আজিৰ পৰা সাত বছৰৰ আগত মীৰাক পুত্ৰ বোৱাৰীয়ে চুচৰাই ঘৰৰ পৰা বাহিৰ কৰি দিছিল। কিন্তু এতিয়াও মীৰাই পুত্ৰ বোৱাৰীৰ আৰ্শীষ বিচাৰি ভগৱানৰ ওচৰত মূৰ দুৱাইছে।
