মাতৃৰ মৰম – ধীৰেন্দ্ৰ কুমাৰ নাথ

মাতৃৰ মৰম

ধীৰেন্দ্ৰ কুমাৰ নাথ

মাকৰ অসুখ বুলি জানিও স্বভাৱটো তাৰ সলনি নহ’ল।
“মা, দুৱাৰ খোল। মোক ভাত দি —বৰ ভোক লাগিছে।”

” এমুঠিমানহে চাউল আছিল; তাকে ৰান্ধি থৈছোঁ তোৰ বাবে । মোৰ তীৰ কোঁপে জ্বৰ উঠি আছে।নিজে লৈ খা।”