মাতৃহাৰা সন্তানৰ বেদনা
আব্দুৰ ৰশিদ
বৰপেটা, মইনবৰী
মা , অ’ মা ……………
তুমি কিয় ইমান অভিমানী হৈছা ?
তুমি মোৰ লগত খং কৰি
চিৰতৰে টোপনি গৈছা ।
তুমি জানাই দেখোন
তোমাৰ ল’ৰাজনে তোমাৰ অবিহনে
কেতিয়াও ভাত নাখায়
মোৰ বহুত ভোক লাগিছে মা
উঠা , উঠা মা….
বহুত ভোক লাগিছে ।।
মই টোপনি অহাৰ আগতে
কেতিয়াও তুমি টোপনি যোৱা নাছিলা ।
মই গভীৰ ৰাতিতো যদি ঘৰমুৱা হৈছিলো
তুমি মোৰ কাৰণে অপেক্ষা কৰিছিলা ।
আজি ক’ত তুমি মা ?
এটা শব্দও শুনিবলৈ পোৱা নাই ।
ঘৰটো আজি নিস্তব্ধ
কাৰো মাত এষাৰো শুনিবলৈ পোৱা নাই।
মা, তুমি মোক কথা দিছিলা-
মোক এৰি তুমি ক’তো নাযাবা ।
কিন্তু আজি তুমি ক’ত গৈছা মা ?
অভিমান নকৰিবা মা
উঠা মা উঠা …..
মই আৰু কেতিয়াও পলমকৈ নাহো
কথা দিছো মা ।।
ৰাতিপুৱা টোপনিৰ পৰা সাৰ পাওতে
পলম হ’লে
তুমি মোক জগাই তুলিছিলা ।
কিন্তু আজি ন টা বাজি গ’ল
তোমাৰ মাত এষাৰো শুনা নাই ।
ক’ত গৈছা মা ?
তোমাৰ এটা শব্দও শুনিবলৈ পোৱা নাই।
হঠাৎ কিয় ইমান অভিমানী হ’লা যে
মোৰ লগত খং কৰি
চিৰতৰে গুছি গ’লা মা ।।
তুমি কেতিয়াও মোৰ লগত অভিমান কৰা নাই
কিন্তু আজি কিয় তুমি অভিমান কৰিলা মা ?
কোৱা মা কোৱা….
এনেকুৱা কি ঠাই আছে
য’ত গ’লে মানুহ কেতিয়াও ঘূৰি নাহে ।
কোৱা মা কোৱা….
নীৰৱ হৈ নাথাকিবা ।।
পৰিপাটীকৈ সজাই থোৱা
সংসাৰখনৰ কথা মনত নপৰে নে ?
তোমাৰ অনুপস্থিতিত
মই যে পাগল হৈ পৰো মা ।
উঠা মা
এতিয়া আৰু অভিমান নকৰিবা মা
বহুত হ’ল
এতিয়া উঠা মা উঠা…….. ।।