মাতৃস্নেহ – ৰশ্মি ৰেখা দুৱৰা

মাতৃস্নেহ

ৰশ্মি ৰেখা দুৱৰা

অশ্ৰু নিগৰা মুখখন দেখিলে
বুকুখন বৰকৈ বিষাই
কঁপি উঠে সৰ্বশৰীৰ
মনটো ভাৰাক্ৰান্ত হৈ পৰে
ভিতৰি আঘাত পাইছে নেকি,

ক’ব পৰা হ’লে কৈ দিলেহেঁতেন
সেয়া যে অসম্ভৱ
থুনুক-থানাক মাতেৰে
ক’ব খুজিলেও বুজি পোৱাৰ অভাৱ।

টোপনি যাব খুজিও
মাতৃ উজাগৰে কটাই
সন্তানৰ মোহত,
চকুৰ গুৰি ক’লা পৰি গৈছে
দিন-ৰাত একাকাৰ।

কষ্ট নোহোৱাৰ ভাও ধৰি
নিজকে লুকুৱাই ৰাখিছে
সন্তানৰ মুখৰ হাঁহিতেই
স্বৰ্গীয় সুখ।