মাতৃশক্তি-ডাঃ যুতিকা ওজা

Pc NSW Government

মাতৃশক্তি

ডাঃ যুতিকা ওজা

নৱ প্ৰভাতৰ পোহৰেৰে
আমি নাৰীশক্তি
তেজস্বিনী মাতৃ আমি
ত্যাগৰ মহামন্ত্ৰেৰে
এক সফল জীৱনৰ মূলধন লৈ
আগুৱাই যাও জীৱন পথ।
উৰুৱাই শান্তিৰ কপৌ
মানৱ প্ৰেমেৰে জগত সজাও
অমৃত সুধাৰে পূৰ্ণ কৰো
ধৰিত্ৰীৰ ভূমি।
নহও দুৰ্বল আমি
নাই কোনো শংকা
আত্মবিশ্বাসেৰে পূৰ্ণ আমি
বজাও বিজয় ডংকা
নহও ক্লান্ত আমি
অতিক্ৰমী বাট একাবেকা
উজুটিতে সজাও আশাৰ দলিছা
সাহসৰ জ্বলাও শলিতা।
চেনেহৰ এনাজৰীৰে
মৰমৰ সাকো বান্ধো
গঢ়ো সম্প্ৰীতিৰ ভেটি
জীৱনৰ দস্তাবেজত
ঐক্যতানৰ সুৰেৰে
ইতিহাস যাও ৰচি।