‘মাতৃভাষাত শিক্ষা- গুৱাহাটী বিশ্ববিদ্যালয়ৰ আদৰ্শ হাইস্কুলৰ ঐতিহ্য’ শীৰ্ষক বক্তৃতানুষ্ঠান

‘মাতৃভাষাত শিক্ষা- গুৱাহাটী বিশ্ববিদ্যালয়ৰ আদৰ্শ হাইস্কুলৰ ঐতিহ্য’ শীৰ্ষক বক্তৃতানুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে প্ৰাগজ্যোতিষপুৰ সাহিত্য সভা আৰু ৰূপালীম সাহিত্য সমাজৰ উদ্যোগত আৰু বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহযোগত আয়োজন কৰা বছৰজোৰা বক্তৃতানুষ্ঠানৰ ষষ্ঠ লানি ’মাতৃভাষাত শিক্ষা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ আদৰ্শ হাইস্কুলৰ ঐতিহ্য শীৰ্ষক প্ৰয়াত ৰমেশ চন্দ্ৰ শৰ্মা স্মাৰক বক্তৃতা সভা শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আদৰ্শ হাইস্কুলত অনুষ্ঠিত হয় । অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী আৰু  শিক্ষয়িত্ৰী সকলে বিশ্ববিদ্যালয় সঙ্গীত আৰু বিদ্যালয় খনৰ নিজস্ব সঙ্গীত পৰিৱেশন কৰে । প্ৰয়াত ৰমেশ চন্দ্ৰ শৰ্মাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাৰ্ঘ অৰ্পণ কৰে তেওঁৰ জ্যেষ্ঠা আৰু কণিষ্ঠা বোৱাৰী মনিৰূপা মিশ্ৰ আৰু বিণীতা দেৱীয়ে। প্ৰয়াত শিক্ষাবিদ জনৰ বিষয়ে স্মৃতিচাৰণ কৰে মনিৰূপা মিশ্ৰই। বক্তৃতা সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদক অধ্যাপক ড°বিকাশ গগৈয়ে। বিষয় বস্তুৰ ওপৰত তথ্য সম্বৃদ্ধ বক্তৃতা প্ৰদান কৰে বিদ্যালয়খনৰ প্ৰাক্তন উপ প্ৰধান শিক্ষক  লীলাধৰ হাজৰিকা,প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী নিৰূপা পটঙ্গীয়া শইকীয়া আৰু প্ৰাক্তন ছাত্ৰ তথা বজালীৰ ভট্টদেৱৰ বিশ্ববিদ্যালয়ৰ  সহকাৰী অধ্যাপক ড° সত্যজিত দাসে । সভাসদ সকলৰ পৰা মন্তব্য আগবঢ়াই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গীতিমা ডেকা, অৱসৰী শিক্ষক হৰমোহন দাস আৰু বিদ্যালয়খনৰ শিক্ষক গণেশ কুমাৰে । সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই ৰূপালীম   সাহিত্য সমাজৰ সাধাৰণ সম্পাদক উজ্জ্বল শৰ্মাই । এই অনুষ্ঠানটিত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী কেইবাটাও শ্ৰুতিমধুৰ গীত মাত পৰিৱেশিত হয়৷ সভাখনত পৌৰোহিত্য কৰে বিশিষ্ট কবি নিবন্ধকাৰ তথা প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ উপ-সভাপতিৰ জীটুমনি শৰ্মাই।