“মাটিৰ মানুহ” ৰ একাদশ সংখ্যা উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- বৰ্ণসংকৰ বীজ আৰু ৰাসায়নিক সাৰৰ গ্ৰাসৰ পৰা জীৱকূল ৰক্ষাৰ বাবে প্ৰকাশিত পষেকীয়া “মাটিৰ মানুহ” ৰ একাদশ সংখ্যা আজি অসমৰ বিভিন্ন স্থানত উন্মোচন কৰা হয়৷মাটিৰ মানুহৰ মুখ্য উপদেষ্টা তথা বিশিষ্ট সমাজকৰ্মী তথা সাম্যবাদী নেতা দীপ্তি কুমাৰ বৰুৱাদেৱৰ আকস্মিক বিয়োগৰ বাবে তেখেতৰ প্ৰতি সন্মান জনাই মাটিৰ মানুহৰ একাদশ উন্মোচনী অনুষ্ঠান সমূহ অনুষ্টুপীয়াকৈ উদ্যাপন কৰা হয়। দিনৰ এক বজাত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্যালয়ত আপোচহীন জাতীয়তাবাদী নেতা হাচিবুৰ ৰহমানে মাটিৰ মানুহৰ একাদশ সংখ্যা উন্মোচন কৰে। গোলাঘাট জিলাৰ তেলগৰম অঞ্চলত থকা শংকৰদেৱ শিশুনিকেতন ৰাজ্যিক পুৰষ্কাৰপ্ৰাপ্ত শিক্ষক তিতাৰাম দাসে উন্মোচন কৰে। দৰং-ওদালগুৰি জিলাৰ টেঙাবৰিত সমাজ কৰ্মী লীলা বৰ্মন, পৱিত্ৰ চৌধুৰী, অৱসৰ প্ৰাপ্ত শিক্ষক বীৰেন চহৰীয়া, অৱসৰ প্ৰাপ্ত শিক্ষক অচ্যুৎ ৰায় চৌধুৰী, শ্ৰী শ্ৰী গোবিন্দ্ৰ মিশ্ৰ সাহিত্য সভাৰ প্রাক্তন সভপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰেমানন্দ বৰা উন্মোচন কৰে। মঙলদৈ জিলাৰ বিষ্ণুপ্ৰভু সেৱাশ্ৰমত বিষ্ণুপ্ৰভু সেৱাশ্ৰমৰ মুখ্যসচিব খগেন ডেকাই উন্মোচন”কৰে। কামৰূপ জিলাৰ বিজুলী ঘাটত প্ৰাক্তন অধ্যক্ষ লক্ষ্মী কান্ত দাস আৰু দিলীপ চন্দ্ৰ কলিতাই উন্মোচন কৰে৷মাটিৰ মানুহৰ উন্মোচনৰ পূৰ্বে এক শোকসভা অনুষ্ঠিত কৰি সদ্য প্ৰয়াত মাটিৰ মানুহৰ মুখ্য উপদেষ্টা দিপ্তীকুমাৰ বৰুৱাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়।ফেব্ৰুৱাৰী, ২০২৬ ত মাটিৰ মানুহৰ উদ্যোগত জৈৱিক কৃষকৰ এক সমাৱেশ গুৱাহাটীত অনুষ্ঠিত হ’ব বুলি মাটিৰ মানুহৰ মুখ্য সম্পাদক ৰাজকুমাৰ বৈশ্যই গুলাহাটী কাৰ্যালয়ত ঘোষণা কৰে৷উল্লেখযোগ্য যে- মহানায়ক নিবাৰণ বৰাৰ নেতৃত্বত ১৯৯২ চনৰ ১৪ এপ্ৰিল তাৰিখৰ পৰা প্ৰকাশ হোৱা আৰু ২০০৫ চনৰ পৰা বন্ধ হৈ থকা এই বাৰ্তালোচনী খন পুনৰ ১৮ জুন, ২০২৫ তাৰিখৰ পৰা প্ৰকাশ কৰা হৈছে। কৃষকৰ বিভিন্ন সমস্যা যেনে- মাটিহীন কৃষকৰ সমস্যা, বানপানী আৰু খৰাং বতৰৰ সমস্যাৰ লগতে কৃষকে উৎপাদন কৰা বস্তুৰ কোনো উপযুক্ত বজাৰ নথকাৰ ফলত পানীৰ দামত মধ্যভোগী সকলক বিক্ৰী কৰিব লগা হোৱা সমস্যাকে ধৰি কৃষকৰ বিভিন্ন সমস্যা আলোচনা কৰি তেওঁলোকক সজাগ-সচেতন কৰি তুলিবলৈ এই বাৰ্তালোচনীখনৰ মাধ্যমত প্ৰয়াস কৰা হৈছে। এই কাকতখন কৃষক সকলৰ মত প্ৰকাশৰ বাবে আৰু ংকৃষকৰ বিভিন্ন সমস্যা আলোচনাৰ বাবে এক আছুটীয়া মঞ্চ হিচাপেও ব্যৱহাৰ হ’ব।
