মাজৰফালে বা তলৰফালে থাকিম বুলিহে ভাবিছিলো, মেট্ৰিকত শীর্ষ স্থান লাভ কৰা ৰক্তোৎপল শইকীয়াৰ মনৰ কথা

pc- The Janambhumi

মাজৰফালে বা তলৰফালে থাকিম বুলিহে ভাবিছিলো, মেট্ৰিকত শীর্ষ স্থান লাভ কৰা ৰক্তোৎপল শইকীয়াৰ মনৰ কথা

ৰঙিলী বাৰ্ত্তাসেৱা- হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীর্ষ স্থান দখলৰ ধাৰাবাহিকতা অব্যাহত আছে লখিমপুৰ জিলাত৷পূৰ্বৰ দৰে এইবাৰো হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হ’ল লখিমপুৰৰ ছাত্ৰই৷ ৰাজ্যৰ ভিতৰতে শীর্ষ স্থান লাভ কৰে লখিমপুৰৰ ৬ নং ৱাৰ্ড নিবাসী দীপ শইকীয়া আৰু অৰুন্ধতী শইকীয়াৰ পুত্ৰ তথা চেইন্ট মেৰিজ স্কুলৰ ছাত্ৰ ৰক্তোৎপল শইকীয়াই।লখিমপুৰৰ চেইন্ট মেৰিজ স্কুলৰ ছাত্ৰ ৰক্তোৎপল শইকীয়াই ৫৯৭ নম্বৰেৰে ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হয়। শীৰ্ষ স্থান লাভ কৰাৰ পাছত সংবাদ মাধ্যমৰ ওচৰত নিজৰ মনৰ ভাব প্ৰকাশ কৰিলে ৰক্তোৎপল শইকীয়াই৷নিজৰ মনৰ ভাব প্ৰকাশ কৰি ৰক্তোৎপলে কয় যে,”প্ৰথম স্থান লাভ কৰিম বুলি কাহানিও ভবা নাছিলোঁ।আশা কৰিছিলোঁ,স্থানৰ তালিকাত মই মাজৰ ফালে বা তলৰফালে থাকিম বুলিহে ভাবিছিলো।শীৰ্ষ স্থান দখল কৰিম বুলি ভবা নাছিলোঁ।মোৰ সফলতাৰ আঁৰত এগৰাকী নহয় বহুতো ব্যক্তি আছে।বিশেষকৈ আমাৰ স্কুলৰ শিক্ষাগুৰুসকল, স্কুলৰ অনান্য কৰ্মচাৰীসকল আৰু তাৰ পাছত মোৰ পিতৃ-মাতৃ।ইয়াৰ পাছতেই নাম ল’ব বিচাৰিছো মোৰ টিউচন শিক্ষক সকলক।তেওঁলোকে মোক বহুত সহায় কৰিছে।ইয়াৰ লগতে বহু লোকে মোক লকডাউনৰ কঠিন সময়ছোৱাত পৰামৰ্শ দি আগুৱাই যোৱাত সহায় কৰিছিল।”বিজ্ঞান শাখাত অধিক গুৰুত্ব দিয়া ছাত্ৰ গৰাকীয়ে ভৱিষ্যতৰ সপোন সন্দৰ্ভত জানিবলৈ দি কয় যে, বৰ্তমান মই গুৱাহাটীৰ এলেন কেৰিয়াৰ ইনষ্টিটিউটত নামভৰ্তি কৰিছোঁ।এটা প্ৰফেশ্যন মই ঠিক কৰা নাই। কিন্তু মই বিজ্ঞানৰ লগত জড়িত যিকোনো প্ৰফেশ্যন যেনে: বিজ্ঞানী, অভিযন্তা আদিৰ দৰে কামত আগবাঢ়ি যাম বুলি ঠিক কৰিছোঁ।উল্লেখযোগ্য যে,ৰক্তোৎপলে পঢ়াৰ লগতে ছবি আঁকি আৰু বাতৰি কাকত পঢ়ি ভাল পায়।গান শুনি বিশেষকৈ ভাল পায় ৰক্তোৎপলে।