মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ মূল ভৱন সহ ছাত্ৰীৰ হোষ্টেলৰ নিৰ্মাণ পূৰ্ণগতিত
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ গড়মূৰৰ নিকতৱৰ্তী লোহিতৰ পাৰত পূৰ্ণগতিত নিৰ্মাণ কাৰ্য চলি আছে অসম তথা মাজুলীবাসীৰ স্বাভিমানৰ প্ৰতীক স্বৰূপ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ চাৰিমহলা যুক্ত গাৰ্লছ হোষ্টেলৰ লগতে চাৰিটা মহলা যুক্ত পাঠদানৰ গৃহ ৷ দুয়োটা বৃহৎ গৃহৰ নিৰ্মাণ কাৰ্যত দুশৰো অধিক শ্ৰমিকে দৈনিক কাম কৰি আছে ৷ ইয়াৰে ছোৱালীৰ হোষ্টেলৰ নিৰ্মাণ কাৰ্য অহা ডিচেম্বৰত সম্পূৰ্ণ হ’ব বুলি নিৰ্মাণৰ দায়িত্ব লাভ কৰা প্ৰতিষ্ঠানটোৰ কনিষ্ঠ অভিযন্তা যতিন গগৈৰ পৰা জানিব পৰা গৈছে ৷ উল্লেখ যে, সাংস্কৃতিক বিশ্ববিদ্যালয়ত অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীয়ে নাম ভৰ্তি কৰি শিক্ষা গ্ৰহণ কৰি আছে ৷ বিশ্ববিদ্যালয়ৰ কিছু নাতি দূৰৈত থকা গড়মূৰ সত্ৰৰ এটি গৃহ অধ্যয়নৰত ছাত্ৰ সকলে হোষ্টেল ৰূপে ব্যৱহাৰ কৰি আছে ৷ ছাত্ৰী সকলে চিতাদাৰচুকস্থিত মেপ’ অকুম হোষ্টেল ৰূপে ব্যৱহাৰ কৰি আছে ৷ অন্যহাতে শ্ৰেণী কোঠাৰ গৃহ সম্পূৰ্ণ নোহোৱাৰ বাবে চিতাদাৰচুকস্থিত বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনত পাঠ্যক্ৰমৰ পাঠদান বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চলায় আছে। নৱনিৰ্মীত দুশ ছাত্ৰী থাকিব পৰা গৃহৰ লগতে অধ্যাপকৰ কোঠা, পাঠদানৰ কোঠা আদিৰ কাম সম্পূৰ্ণ হ’লে বিশ্ববিদ্যালয়খনে পূৰ্ণতা পাব ৷ গৃহ নিৰ্মাণৰ দায়িত্বত থকা ৰাগিয়া এন্টাৰপ্ৰাইজ নামৰ অৰুণাচলৰ প্ৰতিষ্ঠাটোৱে নিৰ্মাণৰ কাম ক্ষীপ্ৰতাৰে কৰিছে যদিও চাৰিমহলা যুক্ত পাঠদানৰ গৃহৰ কাম ২০২৫ ৰ মাৰ্চত সম্পূৰ্ণ হ’ব বুলি জানিবলৈ দিছে ৷ অৱশ্যে চাৰিমহলা যুক্ত ছোৱালী হোষ্টেলৰ কামে অগ্ৰগতি লাভ কৰিছে ৷ মাজুলীৰ লোক নিৰ্মাণ গৃহ বিভাগৰ তত্বাৱধানত নিৰ্মাণ হৈ থকা বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ কাম বিভাগৰ কাৰ্যবাহী অভিযন্তা শান্তনু বৰুৱাই নিৰীক্ষণ কৰি আছে। মাজুলীৰ নতুন জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে নিৰ্মাণস্থলী পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয় ৷ মাজুলীৰ সচেতন মহলে ক্ষীপ্ৰতাৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক গৃহ চমজাই দিবলৈ নিৰ্মাণ কোম্পানীক আহবান জনাইছে ৷