মাজুলী মহাবিদ‍্যালয় ছাত্ৰী নিৱাসৰ নৱাগত আদৰণি সভা

মাজুলী মহাবিদ‍্যালয় ছাত্ৰী নিৱাসৰ নৱাগত আদৰণি সভা
‘সাধনাই সফলতাৰ সঁচাৰকাঠি’—ডঃ দেৱজিৎ শইকীয়া
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী মহাবিদ‍্যালয় ছাত্ৰী নিৱাসৰ নৱাগতা আৱাসীসকলক আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ উদ্দেশ‍ে আজি বিয়লি মহাবিদ‍্যালয়ৰ কেশৱৰাম বৰা প্ৰেক্ষাগৃহত এখনি বিশেষ আদৰণী সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে ধূপ-দীপ আৰু কপালত চন্দনৰ তিলক পিন্ধাই নৱাগতা আৱাসীসকলক ছাত্ৰী নিৱাসৰ মুখ‍্য অধীক্ষক ডঃ ৰূপজ‍্যোতি বৰা, মণিটৰ ছায়াশ্ৰী মিছং, ৰেখা ভূঞা আৰু অণিমা হাজৰিকা প্ৰমুখ‍্যে পুৰণি আৱাসীসকলে আনুষ্ঠানিকভাৱে আদৰণি জনায়। মহাবিদ‍্যালয়ৰ অধ‍্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা আৰম্ভ হয় ন-পুৰণি আৱাসীসকলৰ দ্বাৰা পৰিৱেশিত সমৱেত সংগীতেৰে। আয়োজক সমিতিৰ আহ্বায়ক মিতালী কলিতাই আঁত ধৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মমী দলেয়ে। সভাপতিৰ মন্তব‍্যত অধ‍্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয়, ‘’সাধনাই সফলতাৰ সঁচাৰকাঠি। যিকোনো ক্ষেত্ৰত সফলকাম হ’বলৈ কঠোৰ সাধনাৰ প্ৰয়োজন। একেদিনাই নহয়, দীৰ্ঘদিনীয়া অধ‍্যৱসায়েই হৈছে জীৱনত জয়ী হোৱাৰ প্ৰকৃত বীজমন্ত্ৰ।’’ সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি মহাবিদ‍্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা ‘আমাৰ অসম’ কাকতৰ জ‍্যেষ্ঠ উপ-সম্পাদক আৰু ‘স্বদেশ পটভূমি’ৰ সম্পাদক ৰবীন ভূঞাই কয়, ‘’সাম্প্ৰতিক প্ৰতিযোগিতাৰ যুগত নিজকে খাপ খুৱাই আগ বঢ়াই নিবলৈ শিক্ষাৰ্থীসকল অনুসন্ধিৎসু মনৰ অধিকাৰী হ’ব লাগিব। অনুসন্ধিৎসাই নজনাটো জানিবলৈ আৰু নুবুজাটো বুজিবলৈ শিক্ষাৰ্থীক অনুপ্ৰাণিত কৰি থাকে।” সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মহাবিদ‍্যালয়ৰ শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, শিক্ষাৰ্থী নিৱাসৰ মুখ‍্য অধীক্ষক তথা অধ‍্যাপিকা ডঃ ৰূপজ‍্যোতি বৰা, ছাত্ৰী নিৱাসৰ অধীক্ষক অধ‍্যাপক দীনেশ পেগু, ছাত্ৰাৱাসৰ অধীক্ষক অধ‍্যাপক আচাৰ্য মোহন দাস, দুলুমণি শইকীয়া, ৰীতা বৰা শইকীয়া, মিলন পেগু, ৰাজেন ফুকন  প্ৰমুখ‍্যে লোকসকল উপস্থিত থাকে পল্লৱী দলেৰ বিহু নৃত্য প্ৰদৰ্শন, প্ৰিয়াংকী গামৰ ৰাভা সংগীত, পলী সেনাপতিৰ আধুনিক নৃত্য আৰু জুলিয়ানা পেগুৰ আধুনিক গীত প্ৰদৰ্শনে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। সভাত ৰেখা পায়েং, মাধৱী হলদাৰ, দীপা হলদাৰ, বাতাসী হলদাৰ, কল্পনা পায়েং, মংগলা পায়েং, প্ৰশান্ত পায়েং, দীপক দাসকে মুখ‍্য কৰি শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।