মাজুলী মহাবিদ্যালয়ৰ সৌজন্যত ধ্ৰুপদী সংগীতানুষ্ঠান ;
“সংগীতৰ সাধনাই মানুহক সুখী কৰে”—ডঃ দেৱজিৎ শইকীয়া
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ বিশিষ্ট শিল্পী উপেন বৰা বৰগায়নৰ উদ্যোগত তথা মাজুলীৰ উচ্চ শিক্ষাৰ প্ৰথমখন শিক্ষানুষ্ঠান মাজুলী মহাবিদ্যালয়ৰ সৌজন্যত আজি এক ধ্ৰুপদী সংগীতানুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়খনিৰ কেশৱৰাম বৰা প্ৰেক্ষাগৃহত বিয়লি অনুষ্ঠিত সংগীতানুষ্ঠানটিৰ আৰম্ভণিতে শিল্পী উপেন বৰা বৰগায়নে সকলোকে আদৰণি জনায়। শিল্পী প্ৰদ্যুৎ মিশ্ৰ, দ্বীপেন শৰ্মা, ঋষিকেশ শৰ্মা আৰু অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াক আয়োজক সকলৰ তৰফৰ পৰা অংগ বস্ত্ৰেৰে সম্বৰ্ধনা জনোৱা হয়। শিল্পী তীৰ্থ ভূঞা বৰগায়নে আঁত ধৰা অনুষ্ঠানটি উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই। অধ্যক্ষ ডঃ শইকীয়াই কয়, “সংগীতৰ সাধনাই মানুহক সুখী কৰে। শৰীৰ আৰু মনৰ উৎকৰ্ষ সাধনৰ যোগেদি সংগীত সাধনাই মানুহক যি সুখ দিব পাৰে তাৰ তুলনা নাই।” অনুষ্ঠানটিত অসমৰ প্ৰথিতযশা সংগীত শিল্পী প্ৰদ্যুৎ মিশ্ৰই ধ্ৰুপদী ৰাগত খ্যাতিসম্পন্ন শিল্পী দ্বীপেন শৰ্মাৰ বেহেলা বাদন আৰু ঋষিকেশ শৰ্মাৰ তবলাৰ সুৰত কণ্ঠ সংগীত পৰিৱেশন সকলোকে আপ্লুত কৰে। অনুষ্ঠানত সত্ৰীয়া অনুষ্ঠানটিত শিল্পী শিক্ষাবিদ কৰুণা বৰা, ভবেন বৰবায়ন, যোগেন দত্ত বৰগায়ন, মথুৰা হাজৰিকা, সাংবাদিক দীপু বৰা, সমাজকৰ্মী তিলক ৰাজখোৱা, সাংস্কৃতিক কৰ্মী ধ্ৰুৱজ্যোতি বৰা, মুন দত্ত, গোলাপ বৰুৱা, পাপুল শইকীয়া, নিৰঞ্জন শইকীয়া বৰবায়ন, হেমন্ত সত্ৰীয়া হাজৰিকা, পৰমা গায়ন, জুমন বৰা, ৰক্তিম ৰঞ্জন নাথ, প্ৰশান্ত পায়েং প্ৰমুখ্যে ডেৰ শতাধিক শিক্ষাৰ্থী উপস্থিত থাকে।