মাজুলী মহাবিদ্যালয়ৰ পৰিৱেশ কোষৰ বিশেষ কৰ্মশালা সম্পন্ন

মাজুলী মহাবিদ্যালয়ৰ পৰিৱেশ কোষৰ বিশেষ কৰ্মশালা সম্পন্ন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদৰ বিশেষ অৰ্থ সাহায্যেৰে মাজুলী মহাবিদ্যালয় পৰিৱেশ কোষৰ উদ্যোগত এখন এদিনীয়া বিশেষ কৰ্মশালা সম্পন্ন হয়। মহাবিদ্যালয়ৰ সত্ৰাধিকাৰ পদ্মকান্ত দেৱ গোস্বামী প্ৰেক্ষাগৃহত ‘গোটা আৱৰ্জনাৰ ব্যৱস্থাপনা, কেঁচুসাৰ প্ৰস্তুতকৰণ আৰু বৰষুণৰ পানী সংৰক্ষণ’ শীৰ্ষক বিষয় সন্দৰ্ভত অনুষ্ঠিত আজিৰ কৰ্মশালাত সমল ব্যক্তি  হিচাপে উপস্থিত থাকি জিলা কৃষি বিভাগৰ অৱসৰী উপ সঞ্চালক অৰুণ কুমাৰ পাঠকে কেঁচুসাৰ প্ৰস্তুতকৰণৰ পৰা লাভালাভ, মাজুলী মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ অৰূপ বুঢ়াগোহাঁয়ে গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ গুৰুত্ব আৰু ভূগোল বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক আচাৰ্য মোহন দাসে বৰষুণৰ পানী সংৰক্ষণ তথা ব্যৱহাৰৰ গুৰুত্ব সম্পৰ্কে বিশদভাৱে ব্যাখ্যা কৰে। উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী ইন্দিৰা বড়াই আঁত ধৰা অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে মহাবিদ্যালয় পৰিৱেশ কোষৰ সমন্বয়ক ডঃ মহম্মদ আমিনুল ইছলামে। অনুষ্ঠানটোৰ উদ্বোধন কৰি দিয়া ভাষণত মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয় যে প্ৰকৃতিক আমাৰ বাসোপযোগী কৰি লোৱাৰ দায়িত্ব আমাৰ সকলোৰে থাকিব লাগিব। তেওঁ লগতে পৰিৱেশ সচেতনতাৰ বীজ শিশু অৱস্থাতেই সমাজত ৰোপণ কৰিব লাগিব বুলিও বক্তব্য আগ বঢ়ায়। সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া আৰু ইংৰাজী বিভাগৰ জ্যেষ্ঠ সহযোগী অধ্যাপক অজয় প্ৰসাদ সিঙে ভাষণ প্ৰদান কৰে। মহাবিদ্যালয়ৰ শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, সহকাৰী অধ্যাপক ডঃ অনুপ কুমাৰ দলে, ডঃ জুলি গগৈ, ডঃ দিগন্ত হাতীবৰুৱা, কংকন বৰদলৈ, খাৰজানপাৰ ট্ৰাইবেল উচ্চ মাধ্যমিক বিদ্যালয়, কমলাবাৰী একাডেমী, গড়মূৰ পীতাম্বৰদেৱ উচ্চ বালিকা বিদ্যালয়, কানকুৰিকা উচ্চ বুনিয়াদী বিদ্যালয়, গৰমূৰ পীতাম্বৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বেঙেনাআটী ৰমাকান্তদেৱ গোস্বামী উচ্চ মাধ্যমিক বিদ্যালয়, আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়, কেশৱৰাম বৰা উচ্চ মাধ্যমিক বিদ্যালয় আদি শিক্ষানুষ্ঠানৰ তত্ত্বাৱধায়ক শিক্ষকসকল প্ৰমুখ্যে প্ৰায় ডেৰশতাধিক শিক্ষাৰ্থী উপস্থিত থাকে। শেষত শলাগৰ শৰাই আগবঢ়ায় শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক বিজয় টিমুঙে।