মাজুলী মহাবিদ্যালয়ৰ উদ্যোগত ‘সনিৰ্বন্ধ সোঁৱৰণ’ অনুষ্ঠান ;
কমাৰগাঁৱত টিপেশ্বৰ কলিতা স্মাৰক বক্তৃতা সম্পন্ন:
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- ‘সনিৰ্বন্ধ সোঁৱৰণ’— মাজুলী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপকসকললৈ গভীৰ শ্ৰদ্ধাজ্ঞাপক এক ব্যতিক্ৰমী অনুষ্ঠান। ঊনৈশ শ বাষষ্ঠি চনৰ প্ৰলয়ংকৰী বানৰ বিভীষিকাৰ মাজতে প্ৰতিষ্ঠিত মাজুলীৰ প্ৰথমখন উচ্চ শিক্ষাৰ অনুষ্ঠান মাজুলী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপকসকলৰ পূত স্মৃতিত ৰূপায়ণ কৰি অহা এই অনুষ্ঠানৰ অংশ হিচাপে আজি কমাৰগাঁৱত অনুষ্ঠিত কৰা হয় ‘সনিৰ্বন্ধ সোঁৱৰণ’ৰ ত্ৰয়োদশটি অনুষ্ঠান। এই উপলক্ষে মাজুলীৰ শৈক্ষি amaraditi10@gmail.com ক উত্তৰণত বিশিষ্ট ভূমিকা পালন কৰা ত্যাগী পুৰুষ, মহাবিদ্যালয়খনিৰ অন্যতম প্ৰতিষ্ঠাপক, কমাৰগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক, মুক্তিযোদ্ধা টিপেশ্বৰ কলিতাৰ পৱিত্ৰ সোঁৱৰণত তেওঁৰ জন্মভূমি কমাৰগাঁৱত দিনৰ ১১.০৫ বজাৰ পৰা আয়োজিত ‘টিপেশ্বৰ কলিতাৰ ত্যাগ আৰু আদৰ্শ’ শীৰ্ষক বক্তৃতানুষ্ঠানটিৰ সভাপতিত্ব কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই। কমাৰগাঁও ৰূপালী যুৱক সংঘৰ আতিথ্যত, কমাৰগাঁওবাসী ৰাইজৰ সহযোগত ৰূপালী যুৱক সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বক্তৃতানুষ্ঠানৰ আৰম্ভণিতে টিপেশ্বৰ কলিতাৰ প্ৰতিছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষদ্বয় ক্ৰমে সৰ্বেশ্বৰ হাজৰিকা, নৰেন চন্দ্ৰ ঠাকুৰীয়া আৰু শিক্ষাবিদ শিশুবন্ধু ইন্দ্ৰেশ্বৰ ৰাজখোৱাই। টিপেশ্বৰ কলিতাৰ পুত্ৰ সমাজকৰ্মী, বেঙেনাআটী সত্ৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বলোৰাম কলিতা, পূত্ৰবধূ-অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী দীপা কলিতাই অতিথিসকলক অংগবস্ত্ৰেৰে আদৰণি আৰু সম্ভাষণ জনায়। মহাবিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সম্পাদক অধ্যাপক তুলসী ৰাজখোৱা আৰু কমাৰগাঁও ৰূপালী যুৱক সংঘৰ পৰিচালক, শিক্ষক-শিল্পী দীপক বৰুৱাই আঁত ধৰা অনুষ্ঠানটো কমাৰগাঁৱৰ ‘বৰগীত মাধুৰী শিল্পীদল’ৰ দ্বাৰা পৰিৱেশিত এটি বৰগীতেৰে শুভাৰম্ভ কৰা হয়। টটয়া মিলনজ্যোতি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষেশ্বৰ শইকীয়াই সভাখনি উদ্বোধন কৰে।

নিৰ্দিষ্ট বক্তাৰ ভাষণ আগ বঢ়াই পটীয়াগাঁও শ্ৰীমন্ত শঙ্কৰদেৱ হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক দধিৰাম বৰুৱাই কয়, “সমাজৰ শৈক্ষিক উত্তৰণ বাবে আজিৰ পৰা প্ৰায় ছটা দশকৰ পূৰ্বেই পিছপৰা মাজুলীত শিক্ষাবিদ টিপেশ্বৰ কলিতাই কৰা ত্যাগ তথা নিঃস্বাৰ্থ সেৱাৰ কথা মাজুলীবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে।” সভাপতিৰ ভাষণত অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই বিভিন্ন সমস্যাৰে জৰ্জৰিত মাজুলীত মুক্তিযোদ্ধা টিপেশ্বৰ কলিতাই জ্ঞান প্ৰসাৰৰ বাবে কৰা উৎসৰ্গীকৃত সেৱা অবিস্মৰণীয় বুলি উল্লেখ কৰি কয়, “কলিতাৰ দৰে ব্যক্তিসকলে নিঃস্বাৰ্থ ত্যাগেৰে নিৰ্মাণ কৰা বাটেৰে আগুৱাই গৈ কতই নিজৰ জীৱন গঢ়িলে, তাৰ হিচাপ নাই।” মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, শিক্ষক গোটৰ সভাপতি ডঃ ব্ৰজেন চন্দ্ৰ নেওগ, শিক্ষাবিদ ডঃ আনন্দ হাজৰিকা, ৰেৱ বৰা, কুশল হাজৰিকা, কোষেশ্বৰ বৰা, অৰুণ কলিতা, জিলা সাংবাদিক সন্থাৰ সভাপতি দিবাকৰ শইকীয়া, সম্পাদক ডিম্বেশ্বৰ দত্ত, জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল কুমাৰ বৰুৱা, সম্পাদক সঞ্জীৱ বৰা, বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটিত পৰিয়ালবৰ্গৰ ফালৰ পৰা বক্তব্য আগবঢ়ায় কলিতাৰ সু-পুত্ৰ শিক্ষাবিদ বলোৰাম কলিতাই। আজিৰ অনুষ্ঠানতে সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা বুটলিবলৈ সক্ষম হোৱা মাজুলীৰ কমাৰগাঁৱৰ সন্তান সৰ্বজ্যোতি কলিতা আৰু ঢোৱাচলাৰ সন্তান ভাস্কৰজ্যোতি বৰাক মাজুলী মহাবিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। শিশুশিল্পী নিহান নীলাভ কলিতাই এটি জুবিনৰ গীত পৰিৱেশন কৰে। মহাবিদ্যালয়ৰ অভ্যন্তৰীণ মান নিশ্চিকৰণ কোষৰ সমন্বয়ক বসন্ত বৰা, ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ মহাবিদ্যালয়ৰ নডেল বিষয়া দেৱজ্যোতি খাটনিয়াৰ, মহিলা কোষৰ সভানেত্ৰী প্ৰণীতা ৰাজখোৱা, সম্পাদিকা ডঃ অনন্যা বৰুৱা, জ্যেষ্ঠ অধ্যাপক ডঃ ৰাজেন চন্দ্ৰ বৰা, সহযোগী অধ্যাপক ইন্দিৰা বড়া, ডঃ দুলাল হাজৰিকা, ডঃ প্ৰফুল্ল বৰা, প্ৰণৱজ্যোতি বৰা, বিজয় টিমুং, আচাৰ্য মোহন দাস, কাৰ্তিক নাথ, প্ৰজ্ঞা পাৰমিতা কৌশিক, ডঃ শ্বাহনাজ আহমেদ, গ্ৰন্থাগাৰিক প্ৰদীপ চন্দ্ৰ দাস, স্থানীয় শিক্ষাবিদ গজেন বৰা, দিলীপ শইকীয়া, ব্ৰজেন কলিতা, ৰেৱ কলিতা, সমাজকৰ্মী সোমেশ্বৰ কলিতা, গোলাপ কলিতা, ৰবিৰাম কলিতা, তৰুণ বৰুৱা, শশীধৰ বৰুৱা, সমৰজিৎ সেন, নৃপেন কলিতা, ৰণজিৎ সেন প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ উপৰি সভাত তিনি শতাধিক লোক উপস্থিত থাকে।
