মাজুলী মহাবিদ‍্যালয়ৰ উদ‍্যোগত ‘জৈৱ-বৈচিত্ৰ‍্য সজাগতা আৰু প্ৰকৃতিৰ বহনক্ষমতা’ সম্পৰ্কীয় সজাগতা অনুষ্ঠান

মাজুলী মহাবিদ‍্যালয়ৰ উদ‍্যোগত ‘জৈৱ-বৈচিত্ৰ‍্য সজাগতা আৰু প্ৰকৃতিৰ বহনক্ষমতা’ সম্পৰ্কীয় সজাগতা অনুষ্ঠান

‘প্ৰকৃতিক সুৰক্ষিত কৰিব নোৱৰালৈকে মানুহৰ সুৰক্ষা নিশ্চিত হ’ব নোৱাৰে’— ডঃ দেৱজিৎ শইকীয়া

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলীৰ উচ্চ শিক্ষাৰ প্ৰথম অনুষ্ঠান মাজুলী মহাবিদ্যালয়ৰ ইক’ক্লাৱৰ উদ্যোগত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা তথা পৰিৱেশ পৰিষদৰ অৰ্থ সাহায্যত আজিৰে পৰা পূব মাজুলীৰ ঐতিহ‍্যমণ্ডিত মাগুৰমাৰী বিলৰ পাৰত আৰম্ভ হয় বিশেষ এক প্ৰাকৃতিক শিৱিৰ। দুদিনীয়াকৈ অনুষ্ঠিতব‍্য শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ পুৱা ১০ বজাত শালমৰা উচ্চ মাধ‍্যমিক বিদ‍্যালয়ত আয়োজন কৰা হয় এক উদ্বোধনী অনুষ্ঠানৰ। শিবিৰত অংশগ্ৰহণকাৰী পূব মাজুলীৰ ১২খন শিক্ষানুষ্ঠানৰ শতাধিকগৰাকী ছাত্ৰ-ছাত্ৰীৰ উপৰি তত্ত্বাৱধায়ক শিক্ষক, স্থানীয় ৰাইজ তথা প্ৰকৃতিপ্ৰেমীৰ উপস্থিতিত প্ৰকৃতি সুৰক্ষাৰ বাবে সজাগতা সৃষ্টিৰ লগতে বহনক্ষম উন্নয়ন সম্পৰ্কে উঠি অহা প্ৰজন্মক সচেতন কৰি তোলাৰ উদ্দেশ্যে ‘জৈৱবৈচিত্ৰ‍্যৰ প্ৰতি সচেতনতা আৰু প্ৰকৃতিৰ লগত বহনক্ষম সম্পৰ্ক’ শীৰ্ষক এই শিৱিৰটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয়, “প্ৰকৃতিক সুৰক্ষিত কৰিব নোৱৰালৈকে মানুহে নিজৰ সুৰক্ষা নিশ্চিত কৰিব নোৱাৰে।মানুহ প্ৰকৃতিৰ দাস সেই কথা সততে মনত ৰাখি চলাটো মানবীয় ধৰ্ম হোৱা উচিত।” মহাবিদ‍্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ জুলী গগৈয়ে আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে মাজুলী মহাবিদ্যালয়ৰ ইক’ক্লাৱৰ সমন্বয়ক ডঃ মঃ আমিনুল ইছলামে উপস্থিত বিশিষ্ট অতিথিসকলক অংগবস্ত্ৰৰে সম্ভাষণ তথা আদৰণি জনায়।

মহাবিদ‍্যালয়ৰ ইক’ক্লাবৰ যুটীয়া সমন্বয়ক তথা মহাবিদ‍্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ‍্যাপক ডঃ বিশাল ভূঞাই ইক’ক্লাৱৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে সকলোকে অৱগত কৰে। শিৱিৰৰ উদ্বোধনী অনুষ্ঠানত মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া আৰু অভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক বসন্ত বৰা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি শিক্ষাৰ্থীসকলক সম্বুধি প্ৰেৰণামূলক বক্তব্য প্ৰদান কৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শালমৰা হাইস্কুলৰ প্ৰধান শিক্ষক ভূপেন ভূঞা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হৰেন বৰা, সহকাৰী প্ৰধান শিক্ষক লোহিত শইকীয়া, সহকাৰী শিক্ষক চন্দ্ৰ শইকীয়া, প্ৰশান্ত শইকীয়া, বুবুল বৰা, কমলাবাৰী একাডেমিৰ বিজ্ঞান শিক্ষক পম্পী হাজৰিকা, ৰঞ্জন শইকীয়া, ৰঞ্জন নাথ, বিকাশ বৰা, দীপ্তি বৰা প্ৰমুখ‍্যে তত্বাৱধায়ক শিক্ষকসকল। শিৱিৰত সমল ব্যক্তিৰূপে উপস্থিত থাকে মাজুলী মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ অৰূপ বুঢ়াগোহাঁই আৰু সহকাৰী অধ‍্যাপিকা ডঃ পল্লৱী দুৱৰা, উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ জুলী গগৈ আৰু সহযোগী অধ‍্যাপিকা ইন্দিৰা বড়া। সমল ব্যক্তিসকলে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাত জৈৱ-বৈচিত্ৰ্যৰ ভূমিকা, জলভূমিসমূহৰ সংৰক্ষণ, বহনক্ষম উন্নয়নৰ প্ৰয়োজনীয়তা, পৰিৱেশ সুৰক্ষাত আত্মনিয়োজন আদি বিভিন্ন বিষয়ত বক্তব্য আগবঢ়াই শিৱিৰত অংশগ্ৰহণকাৰীসকলৰ লগতে উপস্থিত স্থানীয় ৰাইজক আপ্লুত কৰে। উদ্বোধনী অনুষ্ঠানৰ পাছতে অংশগ্ৰহণকাৰী শিক্ষাৰ্থী আৰু শিক্ষকসকলে মাজুলীৰ ঐতিহাসিক মাগুৰিমাৰী বিল, গা-খজুৱা বিল, চৰলা বিল, কাপোৰ-ধোৱা বিল আদি জৈৱ-বৈচিত্ৰ‍্য ক্ষেত্ৰসমূহত ক্ষেত্ৰভিত্তিক অধ‍্যয়ন কৰে। কালিলৈ বিয়লি এই বিশেষ প্ৰাকৃতিক শিৱিৰৰ অন্ত পৰিব।