মাজুলী মহাবিদ‍্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ নৱাগত আদৰণী সভাত ‘অৰ্থ-জেউতি’ উন্মোচন

মাজুলী মহাবিদ‍্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ নৱাগত আদৰণী সভাত ‘অৰ্থ-জেউতি’ উন্মোচন
“প্ৰৱল ইচ্ছাশক্তি হৈছে জীৱনত সাফল‍্য লাভৰ বীজমন্ত্ৰ”—ডঃ দেৱজিৎ শইকীয়া

বিকাশ শইকীয়া,মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী মহাবিদ‍্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ নৱাগত আদৰণী সভাখনি আজি মহাবিদ‍্যালয়ৰ ‘সত্ৰাধিকাৰ পদ্মকান্তদেৱ গোস্বামী সভাকক্ষ’ত অনুষ্ঠিত হয়। দিনৰ ১ বজাৰ পৰা বিভাগীয় মুৰব্বী ডঃ ব্ৰজেন চন্দ্ৰ নেওগৰ অনুষ্ঠিত সভাৰ আঁত ধৰাৰ লগতে উদ্দেশ‍্য ব‍্যাখ‍্যা কৰে তৃতীয় ষাণ্মাসিকৰ ছাত্ৰী সোণালিকা হাজৰিকাই। আৰম্ভণিতে বন্তি প্ৰজ্বালন কৰি সভাখনি উদ্বোধন কৰা হয়। বিভাগটোৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান জেংৰাইমুখ মহাবিদ‍্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ‍্যাপক বিনোদ দাসে শবনম সমৰ্পিত শইকীয়াৰ দ্বাৰা সম্পাদিত বিভাগীয় প্ৰাচীৰ পত্ৰিকা ‘অৰ্থজেউতি’ উন্মোচন কৰি সাৰুৱা বক্তব‍্য প্ৰদান কৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিভাগৰ প্ৰাক্তন ছাত্ৰী তথা শ্বহীদ মণিৰাম দেৱান মহাবিদ‍্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ‍্যাপিকা জোণ্টি দাসে বহুদিনৰ মূৰত বিভাগটোলৈ আহি আৱেগিক হৈ পৰা বুলি উল্লেখ কৰাৰ লগতে শিক্ষাৰ্থীসকলক সময়ানুৱৰ্তী হৈ আগবাঢ়ি যাবলৈ আহ্বান জনায়। অনুষ্ঠানত মুখ‍্য অতিথি হিচাপে উপস্থিত থাকি মহাবিদ‍্যালয়ৰ অধ‍্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয়—“প্ৰৱল ইচ্ছাশক্তি হৈছে জীৱনত সাফল‍্য লাভৰ বীজমন্ত্ৰ। পৃথিৱীত এনে কোনো শক্তি নাই, যাক ইচ্ছাশক্তিয়ে পৰাভূত কৰিব নোৱাৰে। কঠোৰ অধ‍্যৱসায় আৰু প্ৰৱল ইচ্ছাশক্তিৰ বলত জীৱন জাতিষ্কাৰ কৰা মহান ব‍্যক্তিৰ উদাহৰণ দেধাৰ আছে।” অধ‍্যক্ষ ডঃ শইকীয়াই লগতে জীৱনৰ সুন্দৰ অথচ জটিল এই পঢ়াশলীয়া সময়খিনিক সঠিকভাৱে ব‍্যৱহাৰ কৰাৰ ওপৰতে শিক্ষাৰ্থীসকলৰ ভৱিষ‍্যত নিৰ্ভৰ কৰে বুলিও উল্লেখ কৰে। সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি মহাবিদ‍্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া আৰু শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়াই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ‍্যি বক্তব‍্য আগবঢ়ায়। সভাত বিভাগৰ সহযোগী অধ‍্যাপিকা ডঃ ৰূপজ‍্যোতি বৰা, সহকাৰী অধ‍্যাপক দীনেশ পেগু আৰু মহাবিদ‍্যালয়ৰ প্ৰাক্তন ছাত্ৰী উদেষ্ণা দাসেও একাষাৰ কয়। প্ৰথম ষাণ্মাসিকৰ শিক্ষাৰ্থী উপাসনা বৰঠাকুৰৰ আধুনিক গীত আৰু আশিস শইকীয়াৰ গীটাৰ বাদনে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। উপস্থিত শিক্ষাৰ্থীসকলৰ ফালৰ পৰা শৱনম সমৰ্পিত শইকীয়া, পাৰমিতা হাজৰিকা আৰু ভাগ‍্যপ্ৰিয়া বৰাই বক্তব‍্য দাঙি ধৰে। আজিৰ সভাতে প্ৰাক্তন ছাত্ৰী অধ‍্যাপিকা জোণ্টি দাসে বিভাগীয় প্ৰাচীৰ পত্ৰিকাখন প্ৰকাশৰ সুবিধা হোৱাকৈ এটি স্থায়ী প্ৰস্তুত কৰিবৰ বাবে আৰ্থিক বৰঙণি আগ বঢ়ায়। সভাখনিত শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।