মাজুলী মহাবিদ্যালয়ত সংগীত নাটক অকাডেমিৰ বৰ্ণাঢ্য অনুষ্ঠান ‘প্ৰাতিজ্ঞ’ ;
তিনিগৰাকী শিল্পীৰ সত্ৰীয়া নৃত্য, মুখা সংস্কৃতি আৰু অংকীয়া ভাওনা সম্পৰ্কীয় প্ৰদৰ্শনমূলক বক্তৃতা:
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ অন্তৰ্গত সংগীত নাটক অকাদেমিৰ উদ্যোগত আৰু মাজুলী মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হয় এক বিশেষ বৰ্ণাঢ্য অনুষ্ঠান ‘প্ৰাতিজ্ঞ’। বিয়লি ৩ বজাৰ পৰা মাজুলী মহাবিদ্যালয়ৰ কেশৱৰাম বৰা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সংগীত নাটক অকাদেমী বঁটাপ্ৰাপক শিল্পী যোগেন দত্ত বায়ন, হৰিচৰণ ভূঞা বৰবায়ন, কৰুণা বৰা, ভৱেন বৰবায়ন প্ৰমুখ্যে বিশিষ্ট শিল্পীসকলে। অনুষ্ঠানৰ আৰম্ভণিতে অকাডেমিৰ তৰফৰ পৰা সমল ব্যক্তি অসমৰ তিনিগৰাকী পৰিৱেশ্য কলা বিশাৰদ ক্ৰমে পদ্মশ্ৰী হৰিচৰণ শইকীয়া, হেমচন্দ্ৰ গোস্বামী, গুণীন্দ্ৰ নাথ ওজা, মাজুলীৰ জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক, মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়া, সংগীত নাটক অকাদেমীৰ উত্তৰ পূব কেন্দ্ৰৰ সঞ্চালক ডঃ অৰূপ বৰদলৈ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলক আনুষ্ঠানিকভাৱে সম্ভাষণ জনোৱা হয়।

আদৰণী ভাষণ আগবঢ়ায় সংগীত নাটক অকাদেমীৰ উত্তৰ পূব কেন্দ্ৰৰ সঞ্চালক ড° অৰূপ বৰদলৈয়ে। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় মাজুলীৰ জিলাৰ আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই সংগীত নাটক অকাডেমিৰ উদ্যোগত দেশৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠানসমূহত অনুষ্ঠিত কৰি অহা ‘প্ৰাতিজ্ঞ’ শীৰ্ষক এই অনুষ্ঠানৰ অষ্টাদশটি অনুষ্ঠান মাজুলীৰ প্ৰাচীনতম উচ্চ শিক্ষানুষ্ঠান মাজুলী মহাবিদ্যালয়ত অনুষ্ঠিত কৰাৰ বাবে অকাডেমিক মাজুলীবাসীৰ হৈ কৃতজ্ঞতা জনায়। অনুষ্ঠানত অসমৰ পৰিৱেশ্য কলাৰ তিনিগৰাকী পাৰংগত পুৰুষ ক্ৰমে লখিমপুৰৰ সত্ৰীয়া শিল্পী পদ্মশ্ৰী হৰিচৰণ শইকীয়াই সত্ৰীয়া নৃত্য, মাজুলীৰ নতুন চামগুৰি সত্ৰৰ মুখাশিল্পী পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামীই মুখাশিল্প সংস্কৃতি আৰু বৰপেটা সত্ৰৰ লোকশিল্পী গুণীন্দ্ৰ নাথ ওজাই অংকীয়া ভাওনা আৰু বৰগীত শীৰ্ষক বিষয়ত কেইবাগৰাকীও সহঃ শিল্পীৰে সৈতে প্ৰদৰ্শনমূলক বক্তৃতা আগবঢ়াই সমৱেতসকলক আপ্লুত কৰে। সত্ৰীয়া শিল্পী তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ যাদৱ বৰাই অনুষ্ঠানটোৰ আঁত ধৰাৰ লগতে শলাগ জ্ঞাপন কৰে।

অনুষ্ঠানত মহাবিদ্যালয়ৰ অভ্যন্তৰীণ মান নিশ্চিকৰণ কোষৰ সমন্বয়ক বসন্ত বৰা, শিক্ষক গোটৰ সভাপতি ডঃ ব্ৰজেন চন্দ্ৰ নেওগ, ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ মহাবিদ্যালয়ৰ নডেল বিষয়া দেৱজ্যোতি খাটনিয়াৰ, প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সম্পাদক তুলসী ৰাজখোৱা, প্ৰাক্তন অধ্যক্ষ সৰ্বেশ্বৰ হাজৰিকা, নৰেন চন্দ্ৰ ঠাকুৰীয়া, শিক্ষাবিদ হিতেশ্বৰ বৰা, কমল চন্দ্ৰ শইকীয়া, লক্ষ্মীনাৰায়ণ ব্যাস, লোহিত বৰা, ডিম্বেশ্বৰ শইকীয়া, সত্ৰীয়া শিল্পী প্ৰভাত বৰা বুঢ়াভকত, কৃষ্ণ ভূঞা গায়ন, প্ৰভাত গোস্বামী, খগেন গোস্বামী, অনাতাঁৰ শিল্পী অনিমা শইকীয়া, দীপক বৰুৱা, নৃপেন কলিতা, মুহিকান্ত বৰবায়ন, জিলা সাংবাদিক সন্থাৰ সম্পাদক ডিম্বেশ্বৰ দত্ত, ৰুবী সভাপণ্ডিত, মাজুলী মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ ৰূপজ্যোতি বৰা, ডঃ জয়া কলিতা গগৈ, ডঃ পল্লৱী দুৱৰা, ৰুবী বৰা, সুদৰ্শনা ফুকন, বিদিশা ভট্টাচাৰ্য, ডঃ শ্বাহনাজ আহমেদ, গ্ৰন্থাগাৰিক প্ৰদীপ চন্দ্ৰ দাস, সংগীত নাটক অকাদেমী, নতুন দিল্লী বিষয়া দীপক যোশী, সত্ৰীয়া কেন্দ্ৰৰ দিগন্ত বৰা উপৰি মাজুলীৰ বিভিন্ন সত্ৰানুষ্ঠানৰ বৈষ্ণৱ শিল্পীসকল, শিক্ষা-সংস্কৃতি তথা সামাজিক ক্ষেত্ৰৰে জড়িত বিশিষ্ট ব্যক্তিসকল, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰমুখ্যে দ্বিশতাধিক লোক উপস্থিত থাকে ৷

