মাজুলী মহাবিদ্যালয়ত শুকান মাছৰ সংৰক্ষণ সম্পৰ্কীয় দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী
‘‘কৰ্মস্পৃহাৰ অভাৱেই দাৰিদ্যৰ মূল কাৰণ”-ডঃ দেৱজিৎ শইকীয়া।
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- “কৰ্মস্পৃহাৰ অভাৱেই আমাৰ দাৰিদ্যৰ মূল কাৰণ। ভৰিৰ তলত উপচি থকা সোণগুটিবোৰ বুটলি ল’বলৈ প্ৰয়াস আৰু প্ৰচেষ্টা নকৰাৰ বাবেই আমি অভাৱী জীৱন যাপন কৰিব লগা হয়।কৰ্তব্যৰ প্ৰতি থকা শ্ৰদ্ধা আৰুলনিষ্ঠাই আমাক সমৃদ্ধিশালী কৰে।”— এই বক্তব্য মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ। আজি কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ পৃষ্ঠপোষকতাত, অসম জনজাতি আৰু অনসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত মাজুলী মহাবিদ্যালয়ত ‘মাজুলীৰ জনজাতি সমাজত মৎস্য পালন আৰু শুকান মাছৰ সংৰক্ষণ’ শীৰ্ষক অনুষ্ঠিত দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী সঞ্চালকৰ মন্তব্যত অধ্যক্ষ ডঃ শইকীয়াই এইদৰে কয়।
মুক্তিযোদ্ধা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম জয়ন্তীৰ উপলক্ষে আৰু ‘জনজাতীয় গৌৰৱ বৰ্ষ’ৰ অংশস্বৰূপে অসম জনজাতি আৰু অনসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানে অনুষ্ঠিত কৰি অহা বিভিন্ন কাৰ্যসূচীৰ অংশস্বৰূপে মাজুলী মহাবিদ্যালয়ৰ সহযোগিতাত দুদিনীয়াকৈ আয়োজিত এই বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰাকমুহূৰ্তত বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই। জিলাখনৰ বিভিন্ন প্ৰান্তৰ অৰ্ধ শতাধিক অংশগ্ৰহণকাৰীয়ে ভাগ লোৱা প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধন কৰি মাজুলী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ডঃ ব্ৰজেন চন্দ্ৰ নেওগে স্বাৱলম্বনৰ উপায় হিচাপে মৎস্য পালন আৰু শুকান মাছৰ সংক্ষণৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা কৰে।
আয়োজক-প্ৰতিষ্ঠানটোৰ হৈ গৱেষণা প্ৰতিষ্ঠানৰ গৱেষণা বিষয়া তথা কাৰ্যসূচীৰ সমন্বয়ক ডঃ হৰিশ্চন্দ্ৰ মৰাঙে অসম জনজাতি আৰু অনসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে উল্লেখ কৰে। মুখ্য অতিথি হিচাপে উপস্থিত থাকি উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ডঃ উপেন বৰাই মৎস্য পালনৰ লগতে আনুষংগিক কামকাজৰ আৰ্থিক গুৰুত্ব সম্পৰ্কে সাৱলীল ব্যাখ্যা দাঙি ধৰে।
উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নিতাইপুখুৰী হেমচন্দ্ৰ দেৱ গোস্বামী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিৰিঞ্চি কুমাৰ বৰা, মাজুলী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপক ডঃ ৰূপজ্যোতি বৰা আৰু সহকাৰী অধ্যাপক দীনেশ পেগু। শেষত শলাগৰ শৰাই আগ বঢ়ায় মেট্ৰিক্স একাডেমিৰ অৰ্থনীতি বিভাগৰ স্নাতকোত্তৰ শিক্ষক ৰঞ্জন ৰেগনে।আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ মীন বিভাগৰ অৱসৰী বিষয়া, সমাজকৰ্মী যুগল হাজৰিকা।