মাজুলী মহাবিদ‍্যালয়ত বিশ্ব পৰিৱেশ দিৱস পালন

মাজুলী মহাবিদ‍্যালয়ত বিশ্ব পৰিৱেশ দিৱস পালন

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ উচ্চ শিক্ষাৰ প্ৰথমখন অনুষ্ঠান মাজুলী মহাবিদ্যালয়ত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা তথা পৰিৱেশ পৰিষদৰ সাহায্যত তথা মহাবিদ্যালয়ৰ ইক’ ক্লাৱ, পৰিৱেশ কোষ, উদ্ভিদ বিজ্ঞান আৰু প্ৰাণী বিজ্ঞান বিভাগৰ যৌথ সহযোগত আজি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱা মহাবিদ‍্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ পৰিচালক নাৰায়ণ শইকীয়া আৰু অনাময় কৰ্মী দীপক দাসৰ তত্ত্বাৱধানত কেডেটসকলে মহাবিদ‍্যালয় চৌহদত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছতে মহাবিদ‍্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকসকলে তত্ত্বাৱধায়ক অধ‍্যাপক ডঃ অৰূপ বুঢ়াগোহাঁইৰ নেতৃত্বত স্থানীয় ২ নং মৰিটুনী গাঁৱৰ লগতে মহাবিদ‍্যালয়ৰ চৌহদৰ বিভিন্ন স্থানত গছ পুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। দিনৰ ১১.৩০ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয়ৰ পদ্মকান্ত দেৱগোস্বামী সভাকক্ষত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক বিশেষ সজাগতা সভা অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ইন্দিৰা বড়াই উদ্দেশ্য বাখ্যা কৰা সভাৰ আৰম্ভণিতে সকলোকে আদৰণি জনায় ইক’ ক্লাৱৰ সমন্বয়ক ডঃ মঃ আমিনুল ইচলামে। সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য ব‍্যাখ্যা কৰি পৰিৱেশ সুৰক্ষাৰ কথা উল্লেখ কৰে। লগতে প্লাষ্টিকক মহাভাৰতৰ জৰাসন্ধৰ চৰিত্ৰৰ লগত তুলনা কৰি ইয়াক নিঃশেষ কৰিবলৈ সকলো লগ হৈ কৌশলগতভাৱে আগবাঢ়িব লাগিব বুলি মত পোষণ কৰে। সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি মহাবিদ্যালয়ৰ  ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ দেৱজ্যোতি ভট্টাচাৰ্যই প্লাষ্টিকৰ ভয়াবহতাৰ ছবি দৃশ্য-শ্ৰব্য মাধ্যমেৰে উপস্থাপন কৰি কিদৰে প্লাষ্টিকৰ পুনৰ্ব্যৱহাৰৰ জৰিয়তে প্ৰকৃতিক সুৰক্ষা প্ৰদান কৰিব পাৰি সেই বিষয়ে বাখ্যা কৰে। লগতে প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থত নিজকে নিয়োগ কৰা বিভিন্নজন প্ৰকৃতিপ্ৰেমীৰ উদাহৰণৰে সেইসকলৰ আদৰ্শৰে ছাত্ৰ-ছাত্ৰীসকলক উদ্বুদ্ধ হ’বলৈ আহ্বান জনায়। আনজন সমল ব্যক্তি তথা মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ সহকাৰী অধ্যাপক আচাৰ্য মোহন দাসে পৰিৱেশ দিৱসৰ ইতিহাসৰ বিষয়ে উল্লেখ কৰি জাবৰ বোটলা সাধাৰণ লোক এজনৰো এইবাৰৰ পৰিৱেশ দিৱসৰ বিষয়বস্তু সফলভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত থকা গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। সভাত উপস্থিত থাকি মহাবিদ্যালয়ৰ প্ৰসাশনিক সমন্বয়ক প্ৰশান্ত শইকীয়া আৰু মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি ড০ ৰাজেন চন্দ্ৰ বৰাই নিজৰ বক্তব্যৰে সকলোকে আপ্লুত কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ‘প্লাষ্টিকমুক্ত পৃথিৱীৰ সপোন’ শীৰ্ষক এক ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ডঃ জুলী গগৈয়ে আঁত ধৰা সভাৰ অন্তত সকলোকে শলাগ জ্ঞাপন কৰে প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ডঃ পল্লৱী দুৱৰাই।