মাজুলী মহাবিদ্যালয়ত দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সফল সামৰণি
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ উচ্চশিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ মাজুলী মহাবিদ্যালয়ত কালিৰে পৰা অনুষ্ঠিত ‘Bioresources Conservation: Challenges and Opportunity on the Dynamic Climate Changes in Northeast India’ শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনা চক্ৰখনিৰ সফলতাৰে সামৰণি পৰে। ‘অনুসন্ধান নেশ্যনেল ৰিচাৰ্ছ ফাউণ্ডেশ্যন’ আৰু ‘জৈৱ প্ৰযুক্তিবিদ্যা বিভাগ’ ৰ অৰ্থ সাহায্যেৰে মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগ, প্ৰাণী বিজ্ঞান বিভাগ, ইক’ ক্লাৱ তথা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত অনুষ্ঠিত আলোচনাচক্ৰখনিৰ দ্বিতীয় দিনা প্ৰায় শতাধিক অংশগ্ৰহণকাৰীয়ে অনলাইন মাধ্যমেৰে নিজৰ গৱেষণা পত্ৰ পাঠ কৰে। বিয়লিৰ ভাগত আনুষ্ঠানিকভাৱে আলোচনাচক্ৰখনিৰ সামৰণি অনুষ্ঠান আয়োজন কৰ হয়। সামৰণী অনুষ্ঠানত সভাপতিত্ব কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই আলোচনাচক্ৰখনিত হোৱা আলোচনাসমূহে জৈৱ সম্পদ সুৰক্ষাৰ দিশত নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰে। লগতে মাজুলী মহাবিদ্যালয়ত এনে এটি প্ৰাসংগিক বিষয়ত আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ সুবিধা প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ দুয়োটা গৱেষণা প্ৰতিষ্ঠানকে কৃতজ্ঞতা জ্ঞাপন কৰে। ইয়াৰ পিছত উপস্থিত অংশগ্ৰহণকাৰীসকলক মানপত্ৰ প্ৰদান কৰা হয়। সামৰণি অনুষ্ঠানত আৰ্য মহাবিদ্যালয়ৰ অধ্যাপক ডঃ অজয় দাস, ধেমাজি মহাবিদ্যালয়ৰ অধ্যাপক ভাস্কৰ শৰ্মা, মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, আই কিউ এ চিৰ সমন্বয়ক ডঃ দেৱজ্যোতি ভট্টাচাৰ্য, জ্যেষ্ঠ অধ্যাপক গীতাৰাণী গোস্বামী, ইন্দিৰা বড়া, ডঃ ৰূপজ্যোতি বৰা, সুৰেন চন্দ্ৰ দাস, তুলসী ৰাজখোৱা, বসন্ত বৰা, অপূৰ্বজ্যোতি হাজৰিকা, ডঃ দুলাল হাজৰিকা, ডঃ প্ৰফুল্ল বৰা, প্ৰণৱজ্যোতি বৰা, নৱজিৎ চেলেং, দিনেশ পেগু, ডঃ জুলি গগৈ, ডঃ পল্লৱী দুৱৰা, বিজয় টিমুং, ডঃ অৰূপ বুঢ়াগোহাঁই, ডঃ জয়া কলিতা গগৈ, লেঃ কংকন বৰদলৈ, আচাৰ্য মোহন দাস, ডঃ বিশাল ভূঞা, সুদৰ্শনা ফুকন, অভিনৱ শংকৰ গোস্বামী, বিদিশা ভট্টাচাৰ্য, বিশাল শইকীয়া, প্ৰজ্ঞা পাৰমিতা কৌশিকে প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশ লৈ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহায় কৰে। আলোচনাচক্ৰখনি সাফল্যমণ্ডিত হোৱাত অৰিহণা যোগোৱা সকলোকে শলাগ জ্ঞাপন কৰে সমন্বয়ক ডঃ মহঃ আমিনুল ইছলামে। উল্লেখ্য, মাজুলীৰ উচ্চশিক্ষাৰ প্ৰাণকেন্দ্ৰ মহাবিদ্যালয়খনত অনুষ্ঠিত এই বিশেষ আলোচনাচক্ৰখনত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুই শতাধিক অংশগ্ৰহণকাৰীয়ে নিজৰ গৱেষণা পত্ৰ পাঠ কৰে।