মাজুলী মহাবিদ্যালয়ত ‘জ্ঞাননিৰ্ভৰ অৰ্থনীতি’ শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
“জ্ঞান, ভক্তি আৰু কৰ্ম প্ৰগতিৰ আধাৰ”—ডঃ জিতেন হাজৰিকা
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- “ভাৰতীয় পৰম্পৰা আৰু আধ্যাত্মিকতাৰ আঁৰত বিজ্ঞান নিহিত হৈ আছে। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এনে পৰম্পৰাক বিশেষভাৱে নতুন প্ৰজন্মৰ মাজত দাঙি ধৰি বিকাশৰ পথ ৰচনা কৰিব বুলি আশা কৰা যায়।”—এই বক্তব্য ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক ডঃ জিতেন হাজৰিকাৰ। ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৌৰৱময় হীৰক জয়ন্তীৰ লগত সংগতি ৰাখি মাজুলীৰ উচ্চশিক্ষাৰ ধ্বজাবাহক মাজুলী মহাবিদ্যালয়ত জিলাভিত্তিক অনুষ্ঠিত বিশেষ শৈক্ষিক বক্তৃতানুষ্ঠান উদ্বোধনী ভাষণ দি উপাচাৰ্য ডঃ হাজৰিকাই সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰি লগতে কয় “জ্ঞান, ভক্তি আৰু কৰ্ম প্ৰগতিৰ আধাৰ। কেৱল তথ্যভিত্তিক অধ্যয়ন জ্ঞান অৰ্জনৰ মাধ্যম হ’ব নোৱাৰে বুলি অভিহিত কৰে।”
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু মহাবিদ্যালয় উন্নয়ন পৰিষদৰ উদ্যোগত মাজুলী মহাবিদ্যালয়ৰ পদ্মকান্তদেৱ গোস্বামী সভাকক্ষত আয়োজিত “জ্ঞাননিৰ্ভৰ অৰ্থনীতি আৰু ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত ভাৰতৰ জ্ঞান ব্যৱস্থা” শীৰ্ষক বক্তৃতানুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই সকলোকে আদৰণি জনায়। বক্তব্যত ডঃ শইকীয়াই কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ প্ৰসংগৰে নতুন শিক্ষা নীতিত জ্ঞানভিত্তিক অৰ্থনীতিৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। লগতে এই কাৰ্যসূচী অনুষ্ঠিত কৰাৰ সুবিধা দিয়াৰ বাবে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে।
কাৰ্যসূচীত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰাধ্যাপক ডঃ অমৰজ্যোতি মহন্তই জ্ঞানভিত্তিক অৰ্থনীতিৰ বিষয়ে দৃশ্য-শ্ৰব্য মাধ্যমেৰে এক মনোগ্ৰাহী উপস্থাপন সকলোৰে আগত ব্যাখ্যা কৰি আপ্লুত কৰে। বিখ্যাত পিটাৰ দ্ৰোকাৰৰ এখন গ্ৰন্থৰ প্ৰসংগৰে তেওঁ মানসিক আৰু দৈহিক শক্তিৰ প্ৰকৃত সংমিশ্ৰণেৰে অসাধ্যকো সাধন পাৰি বুলি উল্লেখ কৰি সৃজনীশীলতা আৰু দক্ষতাক বৌদ্ধিক সম্পদ বুলি অভিহিত কৰে।
মাজুলীৰ কেউখন মহাবিদ্যালয়ৰ শিক্ষক প্ৰতিনিধি উপস্থিত থকা কাৰ্যসূচীত মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৱ কুমাৰ গাম, উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জাহ্নৱী লহকৰ বৰুৱা, পূব মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ দীপক বৰা, গড়মূৰ পীতাম্বৰদেৱ গোস্বামী মহাবিদ্যালয়ৰ অধ্যক্ষ অৰূপজ্যোতি শইকীয়া, শিক্ষাবিদ সৰ্বেশ্বৰ হাজৰিকা, ভোলা বৰা, ডঃ আনন্দ হাজৰিকা, জিতেন্দ্ৰ নাথ ডেকা, মহাবিদ্যালয়ৰ শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, শিক্ষক গোটৰ সভাপতি ডঃ ৰাজেন বৰা, জ্যেষ্ঠ অধ্যাপক গীতাৰাণী গোস্বামী, ডঃ ব্ৰজেন নেওগ, বিপুল ৰাজখোৱা, ডঃ ৰূপজ্যোতি বৰা, সুৰেন দাস, প্ৰণীতা ৰাজখোৱা, বসন্ত বৰা, অপূৰ্বজ্যোতি হাজৰিকা, ডঃ দুলাল হাজৰিকা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ উপৰি দ্বিশতাধিক লোক উপস্থিত থাকে । মহাবিদ্যালয়ৰ অধ্যাপক তুলসী ৰাজখোৱাই আঁত ধৰা কাৰ্যসূচীৰ শেষত শলাগ জ্ঞাপন কৰে অধ্যাপিকা প্ৰীতিৰেখা গগৈয়ে।