মাজুলী মহাবিদ‍্যালয়ত ‘কৰ্কট ৰোগ জয় কৰো আহক’ শীৰ্ষক সজাগতা সভা সম্পন্ন

মাজুলী মহাবিদ‍্যালয়ত ‘কৰ্কট ৰোগ জয় কৰো আহক’ শীৰ্ষক সজাগতা সভা সম্পন্ন

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  ঐতিহ‍্যমণ্ডিত মাজুলী মহাবিদ‍্যালয়ৰ মহিলা সৱলীকৰণ কোষ আৰু ডিব্ৰুগড়ৰ প্ৰতিশ্ৰতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ কেয়াৰ ট্ৰাষ্টৰ যৌথ উদ‍্যোগত আৰু মহাবিদ‍্যালয় অভ‍্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত কেঞ্চাৰ দিৱসৰ সৈতে সংগতি ৰাখি আজি মহাবিদ‍্যালয়ত ‘কৰ্কট ৰোগ জয় কৰো আহক’ শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। সমগ্ৰ বিশ্বতে উদযাপন কৰা ‘বিশ্ব কৰ্কট দিৱস’ৰ লগত সংগতি ৰাখি মাজুলী মহাবিদ্যালয়ত আয়োজিত সজাগতা সভাৰ আৰম্ভণিতে বৰগীত পৰিৱেশন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ বৰগীত প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰা মহাবিদ‍্যালয়খনৰ ছাত্ৰ চিৰঞ্জিৎ ভূঞাই। মহাবিদ্যালয়ৰ মহিলা সৱলীকৰণ কোষৰ সভাপতি প্ৰণীতা ৰাজখোৱাই সভাপতিত্ব কৰা সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়াই। মহিলা সৱলীকৰণ কোষৰ সম্পাদিকা ডঃ অনন্যা বৰুৱাই উদ্দেশ্য ব‍্যাখ্যা কৰাৰ পিছতেই অনলাইন যোগে আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই। নিজৰ বক্তব্যত  অধ্যক্ষ ডঃ শইকীয়াই প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ কেয়াৰ ট্ৰাষ্টে মাজুলীৰ দৰে পিচপৰা অঞ্চলত কৰ্কট ৰোগ সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত কৰি এক মহৎ কৰ্ম সম্পন্ন কৰি আগহিছে বুলি উল্লেখ কৰি স্বেচ্ছাসেৱী সংগঠনটোক মাজুলীবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰতিশ্ৰুতি ট্ৰাষ্টৰ বিষয়ে দৃশ্য-শ্ৰৱ্য মাধ্যমেৰে সকলোৰে আগত বক্তব্য প্ৰদান কৰে সম্পাদিকা পান্না ভৰালীয়ে। সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি প্ৰতিশ্ৰুতিৰ উপসভাপতি তথা অসম চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা ডঃ ৰীণা আহমেদে স্তন আৰু জৰায়ুৰ কৰ্কট ৰোগৰ কাৰক আৰু ইয়াৰ সজাগতাৰ বিষয়ে সকলোৰে আগত বক্তব্য প্ৰদান কৰে। সচেতনতা আৰু প্ৰকৃত সময়ত কৰা চিকিৎসাৰ দ্বাৰা কৰ্কট ৰোগৰ পৰা উপসম লাভ কৰিব পাৰি বুলি অভিহিত কৰি তেওঁ দৈনন্দিন কৰ্মসূচীৰ সামান্য সালসলনিৰ জৰিয়তেও ভয়াবহ কৰ্কটৰোগ দূৰ কৰিব পাৰি বুলি উল্লেখ কৰে। আন এজন সমল ব্যক্তি তথা চিকিৎসক ডাঃ গৌৰী শংকৰ বৰগোহাঁইয়ে বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগৰ পৰা উপশম লাভ কৰাৰ উপায়সমূহৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। সভাত প্ৰতিশ্ৰুতি ট্ৰাষ্টৰ হৈ চিকিৎসক ডাঃ প্ৰবীণ চন্দ্ৰ ঠাকুৰ, কাৰ্যকৰী সদস্য পদুম পোনা বৰুৱা আৰু অন্যান্য সদস্যসকল উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। সভাত মাজুলীৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ কিশোৰ কামান, গড়মূৰ অসামৰিক চিকিৎসালয়ৰ পৰিদৰ্শক ডাঃ মাণিক মিলি, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, শিক্ষক গোটৰ সভাপতি ডঃ ব্ৰজেন চন্দ্ৰ নেওগ, সম্পাদক ডঃ অনুপ কুমাৰ দলে, অসম কলেজ শিক্ষক সংস্থা, মাজুলী মণ্ডলৰ সম্পাদক ডঃ দেৱজ‍্যোতি ভট্টাচাৰ্য, অধ্যাপক ডঃ ৰাজেন চন্দ্ৰ বৰা, গীতাৰাণী গোস্বামী, ইন্দিৰা বড়া, ডঃ ৰূপজ্যোতি বৰা, সুৰেন দাস, ডঃ প্ৰফুল্ল বৰা, প্ৰণৱজ‍্যোতি বৰা, ডঃ জুলী গগৈ, মাজুলী মহাবিদ‍্যালয়ৰ প্ৰাক্তন উপাধ‍্যক্ষা আৰতি বৰা, মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ অধ‍্যক্ষ জগতজ‍্যোতি সাতোলা, জিলা সাংবাদিক সন্থাৰ সম্পাদক তথা ৰামধনু স্বৰ্ণ শাখা সাহিত‍্য সভাৰ সভাপতি ডিম্বেশ্বৰ দত্ত, ৰূপবৰণ চিত্ৰকলা বিদ‍্যালয়ৰ অধ‍্যক্ষ দীপু বৰা, তীৰ্থ ভূঞা, উপেন শইকীয়া, প্ৰাঞ্জল বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ উপৰি দুই শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে। সভাৰ অন্তত সকলোকে শলাগ জ্ঞাপন কৰে অভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহঃ সমন্বয়ক ডঃ দুলাল হাজৰিকাই।