মাজুলী বিধানসভা সমষ্টিত ১,৪৬৪ গৰাকী ছাত্ৰীক মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত আৰ্থিক অনুদান প্ৰদান
বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ‘মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি’ৰ অধীনত চৰকাৰী আৰু প্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ বৰ্ষত নামভৰ্ত্তি কৰা চৰকাৰী আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰীসকলক আৰ্থিক অনুদান প্ৰদানৰ ৰাজ্যযোৰা কাৰ্যসূচী আজি কেন্দ্ৰীয়ভাৱে গুৱাহাটীৰ পৰা শুভাৰম্ভণি কৰে । ৰাজ্যৰ অন্য জিলাসমূহৰ লগতে মাজুলী জিলাতো এই আচঁনিৰ অধীনত আনুষ্ঠানিক অনুদান প্ৰদানৰ কাৰ্যসূচী হাতত লোৱা হয়। শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত উক্ত অনুষ্ঠানত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ সৰ্বমুঠ ১,৪৬৪ গৰাকী ছাত্ৰীক চেকৰ জৰিয়তে প্ৰথম কিস্তিৰ ধন প্ৰদান কৰা হয়। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মাজুলী বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন গামে এনে এক ব্যতিক্ৰমী অভিলাষী আঁচনিৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে । ‘মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি’ৰ অধীনত লাভ কৰা অনুদান ছাত্ৰীসকলে এক উজ্জ্বল ভৱিষ্যত গঢ়িবলৈ ব্যৱহাৰ কৰিব বুলি বিধায়ক গৰাকীয়ে আশা ব্যক্ত কৰে । অনুষ্ঠানটিত ভাষণ প্ৰদান কৰি মাজুলী জিলাৰ জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে ‘মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি’ৰ অনুদানৰ অন্ততঃ ৫০% ধন কিতাপ-পত্ৰত খৰচ কৰিবলৈ ছাত্ৰীসকলক আহ্বান জনায় । জিলা আয়ুক্তগৰাকীয়ে চৰিত্ৰ গঠনৰ ওপৰত গুৰুত্ব দিবলৈও ছাত্ৰীসকলক আহ্বান জনায়। সাম্প্ৰতিক সময়ত প্ৰতিযোগিতামূলক মনোভাৱৰ প্ৰয়োজনীয়তাৰ ওপৰতো ছাত্ৰীসকলক গুৰুত্ব আৰোপ কৰিবলৈ তেখেতে আহবান জনায় । আজিৰ অনুষ্ঠানত অনুদানপ্ৰাপ্ত ছাত্ৰীসকলৰ উপৰিও শিক্ষানুষ্ঠানসমুহৰ অধ্যক্ষসকলৰ লগতে জিলা প্ৰশাসনৰ সকলো বিষয়া উপস্থিত থাকে ।