মাজুলী দেওদিআটী গাঁৱৰ এশ বছৰীয়া জীউৰাম বৰাৰ মৃত্যু

মাজুলী দেওদিআটী গাঁৱৰ এশ বছৰীয়া জীউৰাম বৰাৰ মৃত্যু
বিকাশ শইকীয়া, মাজুলী‍,ৰঙিলী বাৰ্ত্তাসেৱা-  মধ্য মাজুলীৰ দেওদিআটী গাঁৱৰ নিবাসী এশ বছৰীয়া আদৰ্শ কৃষক, ধৰ্মপ্ৰাণ ব্যক্তি জীউৰাম বৰাৰ আজি পুৱা ৬ বাজি ৫৫ মিনিটত নিজ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে। এগৰাকী আদৰ্শ কৃষক জীউৰাম বৰাই মৃত্যুৰ কিছুদিন পূৰ্বলৈকে পথাৰত খেতি-বাতি কৰা, হালবোৱা আদি কাম নিয়মীয়াকৈ কৰি গৈছিল। নামনি মাজুলীৰ সোৱাপাৰা গাঁৱত জন্মগ্ৰহণ কৰা জীউৰাম বৰাই নদীৰ খহনীয়াত পতিত হৈ মাটি-ভেটি হেৰুৱাই দেওদিআটী গাঁৱৰ বাসিন্দা হৈছিলহি। নামনি মাজুলীৰ বাসিন্দা হৈ থকা কালতো তেখেতে বিঘাই বিঘাই মাটিত ধান খেতি, ৰবি শস্য আদি কৰি এগৰাকী সম্ভ্ৰান্ত কৃষক হিচাপে পৰিগণিত হৈছিল। এগৰাকী অমায়িক স্বভাৱৰ ধৰ্মপ্ৰাণ ব্যক্তি জীউৰাম বৰাৰ মৃত্যুত মাজুলীৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেখেতে দুগৰাকী পুত্ৰ, দুগৰাকী বোৱাৰী, চাৰিগৰাকী জী, দুগৰাকী জোঁৱাই, কেইবাগৰাকীও নাতি-নাতিনী আৰু বহু ইষ্ট-কুটুম্বক এৰি থৈ যায়। উল্লেখযোগ্য যে জীউৰাম বৰা ৰাজ্যিক কৃতী শিক্ষক বঁটাপ্ৰাপক দেওদিআটী উচ্চ বুনিয়াদী বিদ্যালয়ৰ বিজ্ঞান শিক্ষক জীৱন বৰাৰ পিতৃ।