মাজুলী জিলা ৰেডক্ৰছ ছ’চাইটিৰ সাধাৰণ সভা সম্পন্ন ;
নতুন সমিতি গঠন ;
জিলা আয়ুক্তক সভাপতি যদু কলিতাক জিলা সম্পাদক নিৰ্বাচিত:
ড০ আনন্দ হাজৰিকাক মেনেজিং সমিতিৰ অধ্যক্ষ নিৰ্বাচিত :
নতুন সমিতিৰ শপত গ্ৰহণ:
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় ৰেডক্ৰছ ছ’চাইটিৰ মাজুলী জিলা সমিতিখন আজি পূৰ্ণাংগ পৰ্যায়ত গঠন কৰা হয়। মাজুলী জিলা ৰেডক্ৰছ ছ’চাইটিৰ অনুষ্ঠিত হোৱা সাধাৰণ সভাত উক্ত জিলা ৰেডক্ৰছ ছ’চাইটি গঠন কৰা হয়। মাজুলী জিলা ৰেডক্ৰছ ছ’চাইটিৰ সভাপতি তথা মাজুলীৰ জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকৰ আহ্বান ক্ৰমে অসম ৰাজ্যিক ৰেডক্ৰছ ছ’চাইটিৰ উদ্যোগত মাজুলী জিলা ৰেডক্ৰছ ছ’চাইটিৰ সাধাৰণ সভাখন অনুষ্ঠিত হয়। মাজুলীৰ জিলা আয়ুক্তৰ কনফাৰেন্স হলত আজি দুপৰীয়া এঘাৰ বজাৰ পৰা আৰম্ভ হোৱা উক্ত সাধাৰণ সভাত সভাপতিত্ব কৰে মাজুলী জিলাৰ অতিৰিক্ত উপায়ুক্ত শ্ৰুভম আদিত্য বৰাই। মাজুলী জিলা ৰেডক্ৰছ ছ’চাইটিৰ তদৰ্থ সমিতিৰ সম্পাদক যদু কলিতাই আঁত ধৰা উক্ত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আহ্বায়ক মণ্ডলীৰ হৈ প্ৰাক্তন সম্পাদক ডা০ থানেশ্বৰ মূদৈয়ে। সভাত মাজুলী জিলা ৰেডক্ৰছ ছ’চাইটিৰ অৰ্ধ শতাধিক আজীৱন সদস্য- সদস্যা আৰু স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰে। উক্ত সাধাৰণ সভাত চিনাকি পৰ্ব অনুষ্ঠানৰ পাছতে পৰ্যবেক্ষক তথা অসম ৰাজ্যিক ৰেডক্ৰছ ছ’চাইটিৰ উপাধ্যক্ষ হেমন্ত কুমাৰ গোঁহাইয়ে ৰেডক্ৰছ ছ’চাইটিৰ নীতি আদৰ্শ ব্যাখ্যা কৰে আৰু জিলা সমিতি গঠনৰ সকলো নিয়মাৱলী দাঙি ধৰে। উক্ত, সাধাৰণ সভাত মাজুলী জিলা ৰেডক্ৰছ ছ’চাইটিৰ লাইফ মেম্বাৰ সকলে মাজুলীত ৰেডক্ৰছ ছ’চাইটিৰ শক্তিশালী আৰু গতিশীলতা প্ৰদান কৰিবলৈ সকলোকে আহ্বান জনায়। সভাত মাজুলী জিলা ৰেডক্ৰছ ছ’চাইটিৰ সোণালী ইতিহাস,বিগত সময়ত ৰূপায়ন কৰা বিভিন্ন জনকল্যাণমূলক কামসমূহ আজীৱন সদস্য সদস্যাসকলে আলোকপাত কৰে।

সভাত আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে মাজুলী জিলা ৰেডক্ৰছ ছ’চাইটিৰ নতুন সমিতিখন গঠন কৰা হয়। উক্ত, নতুন সমিতিত ৰেডক্ৰছৰ সংবিধান অনুসৰি মাজুলীৰ জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকক সভাপতি, যদু কলিতাক সাধাৰণ সম্পাদক, ড০ আনন্দ হাজৰিকাক মেনেজিং সমিতিৰ অধ্যক্ষ,ডা০ থানেশ্বৰ মূদৈক উপাধ্যক্ষ হিচাপে লৈ ৩১ জনীয়া সদস্যৰে এখন পূৰ্ণাংগ জিলা সমিতি গঠন কৰা হয়। জিলা সমিতি গঠনৰ পাছতে মাজুলী জিলা ৰেডক্ৰছ ছ’চাইটিৰ অধীনত ” দুৰ্যোগ ব্যৱস্থাপনা সমিতি”, “জুনিয়ৰ ৰেডক্ৰছ সমিতি” আৰু “বিত্ত উপ-সমিতি” গঠন কৰা হয়। উক্ত দুৰ্যোগ ব্যৱস্থাপনা সমিতিৰ সভাপতি হিচাপে ডিম্বেশ্বৰ দত্তক, সম্পাদক হিচাপে গুণেশ্বৰ গায়ন,বিত্ত উপ-সমিতিৰ সভাপতি হিচাপে ডা০ থানেশ্বৰ মূদৈ, সম্পাদক হিচাপে কৃষ্ণ কমল শইকীয়া আৰু জুনিয়ৰ ৰেডক্ৰছ ছ’চাইটিৰ সভাপতি হিচাপে ড০ অৰূপ কুমাৰ বৰা আৰু সম্পাদক হিচাপে ৰঞ্জিত সেনক নিৰ্বাচিত কৰা হয়। উক্ত, নতুন সমিতি গঠনৰ পাছতে ৰেডক্ৰছ ছ’চাইটিৰ নীতি অনুসৰি নতুন সমিতিয়ে শপত গ্ৰহণ কৰে। শপত বাক্য পাঠ কৰোৱায় পৰ্যবেক্ষক হেমন্ত কুমাৰ গোঁহাইয়ে। উক্ত, সাধাৰণ সভাতে মাজুলী জিলা ৰেডক্ৰছৰ কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিবলৈ জিলা আয়ুক্তৰ কাৰ্যালয় প্ৰাংগণত এটা কোঠা বিচাৰি আবেদন কৰা, মাজুলী ৰেডক্ৰছ ছ’চাইটিৰ নামত থকা মাটিত স্থায়ী কাৰ্যালয় স্থাপন কৰা, মাজুলীৰ মৃত ৰেডক্ৰছাৰ সকলক এখন কৃতজ্ঞতা পত্ৰ প্ৰদান কৰা, ৰেডক্ৰছাৰ সকলৰ বাবে পৰিচয় পত্ৰ বনোৱা, দুৰ্যোগ পৱন অঞ্চলত কাম কৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। উক্ত, সাধাৰণ সভাত মাজুলী ৰেডক্ৰছ ছ’চাইটিৰ সন্দৰ্ভত ড০ আনন্দ হাজৰিকা, ডিম্বেশ্বৰ দত্ত, কিশোৰী মোহন পাল, ডা০ থানেশ্বৰ মূদৈ, যদু কলিতা, আনন্দ নাথ,ড০ অৰূপ কুমাৰ বৰা, জয়ন্ত বৰা, মিনতি শইকীয়া, তিলক শৰ্মা, গুণেশ্বৰ গায়ন, ৰেণুমালা দত্ত, সুভদ্ৰা বৰা, নীলমণি ভূঞা, বীৰেন শৰ্মা আদিয়ে বিভিন্ন পৰামৰ্শ প্ৰদান কৰে। অনুষ্ঠানত শলাগ জ্ঞাপন কৰে যদু কলিতাই। উক্ত, সাধাৰণ সভাৰ পাছতেই ড০ আনন্দ হাজৰিকাৰ সভাপতিত্বত এখন কাৰ্যনিৰ্বাহক সভাও আজি বিয়লি অনুষ্ঠিত হয়। উক্ত, কাৰ্যনিৰ্বাহক সভাতো কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
