মাজুলী জিলা ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন-‘শিক্ষাকোষ’ৰ সাহায‍্য প্ৰদান অনুষ্ঠান

‘এলাহ হৈছে শিক্ষাৰ্থী জীৱনৰ প্ৰধান শত্ৰু’

মাজুলী জিলা ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন-‘শিক্ষাকোষ’ৰ সাহায‍্য প্ৰদান অনুষ্ঠান

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ‍্যোগত এইবাৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ‍্যমিক চূড়ান্ত পৰীক্ষাত সুখ‍্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক বিশেষ অভিনন্দন জনোৱাৰ লগতে জিলা ছাত্ৰ সন্থাৰ ‘শিক্ষাকোষ’ৰ তৰফৰ পৰা শৈক্ষিক সাহায‍্য প্ৰদান উদ্দেশে আজি মাজুলী মহাবিদ‍্যালয়ত এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। মধ‍্য মাজুলী কমলাবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আয়োজিত এই অনুষ্ঠান উপলক্ষে পুৱা মহাবিদালয়ৰ এন চি চিৰ পৰিচালক কৰ্মচাৰী নাৰায়ণ শইকীয়া, অনাময় কৰ্মচাৰী দীপক দাস আৰু নৈশ চৌকীদাৰ মাণিক ৰেগনৰ নেতৃত্বত মহাবিদ‍্যালয়ৰ এন চি চিৰ কেডেটসকলে মহাবিদ‍্যালয়ৰ চৌহদ পৰিষ্কাৰ কৰে। পুৱা ৯ বজাত জিলা ছাত্ৰ সন্থাৰ ভাঃ সভাপতি প্ৰাঞ্জল শইকীয়াই পতাকা উত্তোলন কৰাৰ পাছতে মহাবিদ‍্যালয় প্ৰাংগণত থকা ছহিদ বেদীত পুষ্পাঞ্জলি তৰ্পণ কৰে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ ৰাজখোৱাই। দিনৰ ১১ বজাৰ পৰা কেশৱৰাম বৰা প্ৰেক্ষাগৃহত জিলা ছাত্ৰ সন্থাৰ ভাঃ সভাপতি প্ৰাঞ্জল শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনি মাজুলী মহাবিদ‍্যালয়ৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা পৰিৱেশিত এটি সমবেত সংগীতেৰে শুভাৰম্ভ কৰা হয়। মুকলি সভাখনি  উদ্বোধন কৰি দিয়া ভাষণত মাজুলী মহাবিদ‍্যালয়ৰ অধ‍্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয়, “এলাহ হৈছে শিক্ষাৰ্থী জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু। সময়ৰ কাম সময়ত নকৰাটোৱেই এসময়ত হৈ পৰে মানসিক দ্বন্দ্বৰ ঘাই কাৰক, যি শাৰীৰিক-মানসিক স্বাস্থ‍্য বিঘ্নিত কৰে।” জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ ৰাজখোৱা আৰু শিক্ষা সম্পাদক যদুমণি হাজৰিকাই আঁত ধৰা সভাখনত মুখ‍্য অতিথি হিচাপে উপস্থিত থাকি মাজুলী জিলাৰ আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে আজিৰ প্ৰতিযোগিতাৰ যুগত শিক্ষাৰ্থীসকলে আৰম্ভণিৰপৰাই প্ৰতিযোগিতামূলক পৃথিৱীত তিষ্টি থাকিবৰ বাবে প্ৰস্তুতি চলোৱাৰ প্ৰয়োজন বুলি উল্লেখ কৰে। মাজুলী জিলা ছাত্ৰ সন্থাৰ মুখ‍্য উপদেষ্টা সূৰ্য কুমাৰ ভূঞাই সন্থাৰ দৃষ্টিভংগী ব‍্যাখ‍্যা কৰাৰ পাছতে সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক বিতোপন শৰ্মা আৰু জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা পৱিত্ৰ গোস্বামীয়ে উপস্থিত শিক্ষাৰ্থীসকলক উদ্দেশি বক্তব‍্য আগবঢ়ায়। আজিৰ অনুষ্ঠানত জিলাৰ সহকাৰী আয়ুক্ত সীমান্ত বৰগোহাঁই, মাজুলী মহাবিদ‍্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ‍্যাপক তথা জিলা ছাত্ৰ সন্থাৰ ‘শিক্ষাকোষ’ৰ প্ৰতিষ্ঠাপক সভাপতি উমাকান্ত ৰাজখোৱা, ৰঙাচাহী মহাবিদ‍্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ‍্যক্ষ ৰামসাগৰ নাথ, পূব মাজুলী মহাবিদ‍্যালয়ৰ প্ৰতিষ্ঠাপক অধ‍্যক্ষ ডঃ অৰূপ কুমাৰ বৰা, ৰঙাচাহী মহাবিদ‍্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ‍্যক্ষ আনন্দ নাথ, মাজুলী জিলা সাহিত‍্য সভাৰ সভাপতি প্ৰফুল্ল কুমাৰ বৰুৱা, মাজুলী জিলা সাংবাদিক সন্থাৰ সম্পাদক ডিম্বেশ্বৰ দত্ত, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস‍্য ৰংগৰস মহন্ত, ‘শিক্ষাকোষ’ৰ ভূতপূৰ্ব সম্পাদক, প্ৰবক্তা যদু কলিতা, সাংবাদিক দীপু বৰা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জীৱন চন্দ্ৰ শইকীয়া, প্ৰধান শিক্ষক পদুম মহন্ত, পৰিৱেশকৰ্মী-শিক্ষাবিদ অতুল হাজৰিকা, ‘শিক্ষাকোষ’ৰ উপসভাপতি গুণেশ্বৰ গায়ন, অসম সেনাৰ কেন্দ্ৰীয় আহ্বায়ক দীপক নেওগ, শিক্ষাকোষ’ৰ সম্পাদক ৰঞ্জিৎ সেন, অসম উন্নতি সভাৰ সাধাৰণ সম্পাদক দুলাল ভূঞা, শিক্ষাবিদ উপেন বৰা, কুমুদ বৰা, অঞ্জন দত্ত প্ৰমুখ‍্যে বিশিষ্ট ব‍্যক্তিসকল উপস্থিত থাকে। সভাত আৰ্থিকভাৱে পিছপৰা মেধাৱী শিক্ষাৰ্থীসকলক প্ৰয়াত গোলাপ চন্দ্ৰ নাথ, সভাৰাম নাথ, হেমপ্ৰভা দত্ত, তিলেশ্বৰ শইকীয়া আৰু সুভদ্ৰা শইকীয়া, গোলোক কলিতা, মোলাৰাম নাথ আৰু ডাবহী নাথ, ভোলাৰাম নাথ আৰু দুষ‍্যন্ত গায়ন স্মাৰক বঁটাসমূহ প্ৰদান কৰাৰ লগতে ৭০ গৰাকী মেধাৱী অথচ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীক ‘শিক্ষাকোষ’ৰ বিশেষ আৰ্থিক সাহায‍্য প্ৰদান কৰা হয়। আজিৰ সভাতে মধ‍্য মাজুলী কমলাবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা কমলাবাৰী অঞ্চলৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক মানপত্ৰেৰে সম্ভাষণ জনোৱা হয়।