মাজুলী জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগ ‘অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ’ৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উদযাপন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- ‘অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ’ ৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা বৰ্ণিল কাৰ্যসূচীৰে মাজুলী জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত, পূব মাজুলী মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়খনিত অনুষ্ঠিত হয় ৷ পুৱা ১০ বজাত ’অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ’ৰ পতাকা উত্তোলন কৰে মাজুলী জিলা সমিতিৰ উপ-সভাপতি জয়ন্ত হাজৰিকাই ৷ বন্তি প্ৰজ্বলন কৰে মাজুলী জিলা সমিতিৰ উপ-সভাপতি মালা গায়নে ৷ মাজুলী জিলা সমিতিৰ সম্পাদক যতীন্দ্ৰনাথ মুদৈয়ে আঁত ধৰা অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে মাজুলী জিলা সমিতিৰ উপদেষ্টা ড.অৰূপ কুমাৰ বৰাই ৷ মাজুলী জিলা সমিতিৰ সভাপতি দিগন্ত শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত সম্পাদক যতীন্দ্ৰনাথ মুদৈয়ে ‘অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ’ৰ দৃষ্টিভংগী ব্যাখ্যা কৰে ৷
মুখ্য অতিথি হিচাপে উপস্থিত থাকি আবৃত্তি সম্পৰ্কে তত্ত্বগধুৰ বক্তৃতা দিয়াৰ লগতে তিনিটা বিখ্যাত অসমীয়া কবিতা আবৃত্তি কৰে বিশিষ্ট আবৃত্তিকাৰ , ঘোষিকা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দীপাঞ্জলি দাস পাঠকে ৷ তেখেতৰ আবৃত্তিয়ে আজিৰ অনুষ্ঠানত উপস্থিত থকা সকলোকে আপ্লুত কৰে ৷ মাজুলী জিলা সমিতিৰ উপ-সভাপতি ডিম্বেশ্বৰ ভূঞাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি অসমীয়া কবিতা সম্পৰ্কে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ৷ আজিৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক বিপিন শইকীয়া , শিক্ষাবিদ মুহিন গায়ন,যুগল চন্দ্ৰ হাজৰিকা , বৰ্ণালী বৰা ভূঞা , যুগল হাজৰিকা ৷ কেইবাগৰাকীও আবৃত্তিকাৰে দলীয় আবৃত্তি আৰু একক আবৃত্তি পৰিৱেশনে অনুষ্ঠানটিক বিশেষ মাত্ৰা প্ৰদান কৰে ৷ বিশিষ্ট আবৃত্তিকাৰ মৃণালী দেৱী , নিতুল কুমাৰ ভূঞা , অনন্ত কুমাৰ শইকীয়া, চুমচুম মুদৈ , আশাপ্ৰিয়া কলিতা , লক্ষীনাৰায়ণ শৰ্মা , জ্যোৎস্না দত্ত , দীপাংকৰ শইকীয়া , কৃষ্ণা প্ৰীতম দত্ত , অনুষ্কা শৰ্মা , অমিয়া দেৱী বৰঠাকুৰ , শ্যামন্ত পায়েং , পাৰুল বৰা মিলি , পিংকুমণি হাজৰিকা আদিয়ে ৷