মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আইন সজাগতা সভা সম্পন্ন
বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত গড়মূৰৰ পীতাম্বৰ দেৱ চিনিয়ৰ চেকেণ্ডেৰী মহাবিদ্যালয়ত এখনি আইন সজাগতা সভা অনুষ্ঠিত হয়। সভাত সমল ব্যক্তি হিচাপে জিলা আইন সেৱা প্ৰাধিকৰনৰ মুখ্য আইন সেৱা প্ৰতিৰক্ষা অধিবক্তা বুদ্ধেশ্বৰ পামেগামৰ লগতে উপ মুখ্য আইন সেৱা প্ৰতিৰক্ষা অধিবক্তা প্ৰন্তিকা ডেকা, সহকাৰী আইন সেৱা প্ৰতিৰক্ষা অধিবক্তা পাপৰি শইকীয়া, মহাবিদ্যালয়খনিৰ অধ্যক্ষ অজিৎ সভাপণ্ডিত আৰু অন্যান্য শিক্ষক শিক্ষয়িত্রী সকল উপস্থিত থাকে।

সজাগতা সভাখনিত বাল্য বিবাহ প্ৰতিৰোধী আইন ২০০৬ , শিশুৰ যৌন নিৰ্যাতন সুৰক্ষা আইন ২০১২ , শিশু শ্ৰমিক প্ৰতিৰোধী আইন , অবৈধ মানৱ সৰবৰাহ আইন আৰু ৰেগিং বিৰোধী আইনৰ সম্পৰ্কে বিস্তৃতভাবে আলোকপাত কৰা হয়। আলোকপাত কৰে জিলা মুখ্য আইন সেৱা প্ৰতিৰক্ষা অধিবক্তা বুদ্ধেশ্বৰ পামেগামে । মুখ্য অধিবক্তা গৰাকীয়ে বক্তব্যত কয় যে , বাল্য বিবাহ এক মহামাৰী ইয়াৰ ফলত শিশু সকল শাৰীৰিক আৰু মানসিক ভাবে ক্ষতি গ্ৰস্ত হৈ জীৱন গঢ়াৰ পৰা বঞ্চিত হোৱাই নহয় ইয়াৰ ফলত এখন সুস্থ সবল সমাজ গঢ়াৰ ক্ষেত্ৰত বাধা হৈ থিয় দিয়ে , শিশু সকলৰ বৌদ্ধিক বিকাশ বিকশিত হ’বলৈ নাপায় লগতে নিজকে এখন সুস্থ ৰাষ্ট্ৰ গঠনত অংশীদাৰীত্ব হোৱাৰ পৰাও বঞ্চিত হ’ব লগা হয়। বাল্য বিবাহৰ ফলত শাৰীৰিক মানসিক বিকাশ হ’বলৈ নাপায় লগতে এই অপৰাধৰ জৰিয়তে শিশু যৌন নিৰ্যাতন সুৰক্ষা আইনৰ অপৰাধ সমূহ আপোন আপুনিকৈ উলঙ্ঘা কৰে। কম বয়সত বিবাহ পাশত আৱদ্ধ হৈ অনাকাঙ্কিত মাতৃত্বৰ বোজা বহন কৰিব লগীয়া হোৱা হেতু প্ৰসৱৰ সময়ত মাতৃ আৰু শিশু দুয়োৰে জীৱনলৈ অমানিশা কঢ়িযাই অনাৰ লগতে বিবাহৰ পিছৰ সময়ছোৱাত গাহস্থ হিংসা জনিত অপৰাধ , বিবাহ বিচ্ছেদ জনিত অপৰাধ আদি হোৱাৰ সম্ভাবনাৰ বিষয়েও মন্তব্যত দাঙি ধৰে। নিৰ্ভয়া কাণ্ডৰ পাছতেই ভাৰত চৰকাৰে শিশু যৌন নিৰ্যাতন প্ৰতিৰোধী আইনৰ দৰে কঠোৰ আইন প্ৰণয়ন কৰি নাবালিকা শিশু সকলক সুৰক্ষা প্ৰদানৰ দিহা লোৱাৰ কথা জানিব দিয়ে। সমাজত চলি থকা শিশু শ্ৰমিকৰ বিৰুদ্ধে থকা আইন, অবৈধ মানৱ সৰবৰাহ প্ৰতিৰোধী আইন সম্পৰ্কেও পুংখানুপুংখ ভাবে সমল ব্যক্তি গৰাকীয়ে সভা খনত বক্তব্য দাঙি ধৰে। বিভিন্ন বিদ্যালয় মহাবিদ্যালয় সমূহত সচৰাচৰ চলি থকা ৰেগিঙৰ দৰে অপৰাধ সমূহ সংঘটিত নকৰিবৰ বাবে ছাত্ৰ ছাত্ৰী সকলক আহ্বান জনোৱাৰ লগতে এই আইনৰ অধীনত সংঘটিত হোৱা অপৰাধ সমূহৰ শাস্তিৰ বিধান সম্পৰ্কে তেওঁ ছাত্ৰ ছাত্ৰী সকলক বহল ভাবে অৱগত কৰে।

সমল ব্যক্তি গৰাকীয়ে লগতে পীতাম্বৰ দেৱগোস্বামী চিনিয়ৰ চেকেণ্ডেৰী মহাবিদ্যালয়ত অধ্যয়নৰত কোনো ছাত্ৰ ছাত্ৰীয়ে অনাগত ভৱিষ্যতত যাতে বাল্য বিবাহ সংঘটিত নকৰে, ৰেগিঙৰ দৰে অপৰাধত লিপ্ত নাথাকে, লগতে শিশু সম্পৰ্কীয় যিকোনো ধৰণৰ অপৰাধৰ পৰা নিজক দূৰত ৰাখিব বুলি আশা প্ৰকাশ কৰি ছাত্ৰ ছাত্ৰী সকলৰ বসবাস কৰা অঞ্চল সমূহতো এই আইন সমূহৰ ওপৰত সৰ্বসাধাৰণ ৰাইজক পাকে প্ৰকাৰে সজাক কৰিবলৈ আহ্বান জনাই। উপস্থিত ছাত্ৰ ছাত্ৰী সকলে সভাখন সময় উপযোগী আৰু অতি প্ৰয়োজনীয় বুলি সভাৰ মাজতে জানিবলৈ দিয়ে। অনুষ্ঠানৰ শেষত মহাবিদ্যালয় খনৰ অধ্যক্ষ গৰাকীয়ে বৰ্তমান সময়ত অতিকৈ চৰ্চিত এই অপৰাধ সমূহৰ ওপৰত সজাগতা সভা তেওঁ লোকৰ মহাবিদ্যালয়ত অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰী সকলক সজাগ কৰি তোলাৰ বাবে মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব সৰস্বতী জহৰি পাদুনলৈ কৃতজ্ঞতা জ্ঞাপন কৰি পুনৰ অনাগত দিনত অন্যান্য আইন সজাগতা সভা মহাবিদ্যালয়খনিত অনুষ্ঠিত কৰিবৰ বাবে আহ্বান জনায় ।