মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত Victim Compensation Scheme  ২০১২ আৰু কৈশোৰ ন্যায় সংবেদনশীলতা সম্পৰ্কীয় সভা সম্পন্ন

মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত Victim Compensation Scheme  ২০১২ আৰু কৈশোৰ ন্যায় সংবেদনশীলতা সম্পৰ্কীয় সভা সম্পন্ন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত মাজুলী জিলা আয়ুক্তৰ সভাকক্ষত আজি মাজুলী  জিলা আৰু সত্ৰ ন্যায়াধীশ তথা জিলা আইন সেৱা প্ৰাধিকৰণ মাজুলীৰ অধ্যক্ষ  উৎপল প্ৰসাদৰ উপস্থিতিত এখনি কৈশোৰ ন্যায় সংবেদনশীলতা সম্পৰ্কীয় সভা অনুষ্ঠিত হয়। সভাখনিত জিলা সহকাৰী আয়ুক্ত সৰোজ সোনোৱাল আৰু কাৰ্যবাহী দণ্ডাধীশ নেত্ৰ কমল বৰা, জিলা কৈশোৰ সুৰক্ষা পৰিষদৰ বিষয়ববীয়া, জিলা সমাজ কল্যাণ বিভাগৰ বিষয়ববীয়া, কিশোৰ বিশেষ সুৰক্ষা আৰক্ষী গোট, জিলা আইন সেৱা প্ৰাধিকৰণৰ নিয়োজিত অধিবক্তা সকল, মাজুলী জিলা মুখ্য আইন সহায়ক প্ৰতিৰক্ষা বিভাগৰ অধিবক্তা সকল  আৰু এন জি অ’ তথা অন্যান্য বিভাগৰ বিষয়ববীয়া সকল উপস্থিত থাকে। সভাখিত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব সৰস্বতী জহৰী পাদুনে নিজৰ ভাষণ প্ৰসংগত  অসম Victim Compensation Scheme ২০১২ অধীনত কোনবোৰ ভুক্তভোগীয়ে, কেনেধৰনে আৰু কি পৰ্যায়ৰ মাজেৰে কিমান টকালৈকে ক্ষতিপুৰন লাভ কৰিব পাৰে আৰু কোন কৰ্তৃপক্ষই ক্ষতিপুৰনৰ আদেশ দিব পাৰে সেই সম্পৰ্কে বিস্তৃত ভাবে জানিব দিয়াৰ লগতে মহিলা সকলে কোনবোৰ শিতানত কিমান টকালৈকে ক্ষতিপুৰণ লাভ কৰিব পাৰে সেই সম্পৰ্কে উল্লেখ কৰে। জিলা আৰু সত্ৰ ন্যায়াধীশ  উৎপল প্ৰসাদে কিশোৰ ন্যায় যত্ন আৰু সুৰক্ষা আইনৰ ধাৰা ৫১ ৰ বিষয়ে বিশ্লেষণ ডাঙি ধৰি নিৰ্ভয়া কাণ্ডৰ ঘটনাৰ পিছত লোৱা কাৰ্যব্যৱস্থা সম্পৰ্কেও অবগত কৰে। তেখেতে সভাৰ আলোচিত সমগ্ৰ বিষয় সমুহৰ ব্যৱহাৰ আৰু সফলতাৰ ক্ষেত্ৰত ফলপ্ৰসু সূত্ৰৰ আৱিষ্কাৰ আৰু ব্যৱহাৰ আৰু সেই ক্ষেত্ৰত কিশোৰ ন্যায় যত্ন আৰু সুৰক্ষা পৰিষদৰ ষ্টেক হলদাৰ আৰু বিভাগ সমূহৰ মাজত থাকিব লগা যোগসুত্ৰ আৰু সহযোগিতা সম্পৰ্কে বিস্তৃত ভাবে বক্তব্য প্ৰদান কৰে। সভাত সমল ব্যক্তি হিচাবে জিলা আইন সেৱা প্ৰাধীকৰণত নিয়োজিত অধিবক্তা ববীতা বৰাই কিশোৰ ন্যায় যত্ন আৰু সুৰক্ষা আইন ২০১৫ ৰ বিভিন্ন ধাৰা আৰু বিধি সমুহৰ ওপৰত  বক্তব্য ৰাখে। তেখেতে আইন খনত উল্লেখ কৰা কিশোৰৰ নিৰাপত্তা, যত্ন লোৱা, শিক্ষা, স্বাস্থ্য, কিশোৰ ন্যায়ালয় গঠন, পুনৰ্বাসন আদি বিষয়ৰ ওপৰত বিস্তৃতভাবে জনাই। মাজুলী জিলা মুখ্য আইন সেৱা প্ৰতিৰক্ষা অধিবক্তা বোধেশ্বৰ পামেগামে আগবঢ়োৱা শলাগৰ শৰাইয়ে আনুষ্ঠানটিৰ সামৰণি পৰে ।