মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত সজাগতা মূলক সভা
বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত কমলাবাৰীস্থিত “সাংস্কৃতিক কেন্দ্র প্ৰেক্ষাগৃহত” এখনি আইন সজাগতা মূলক সভা অনুষ্ঠিত হয় । সভাখনিত সভাপতিত্ব কৰে জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব সৰস্বতী জহৰি পাদুনে । জিলাখনৰ জেষ্ঠ নাগৰিক আৰু সচেতন নাগৰিকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত কৰ্মচাৰী সকলৰ অভিভাৱক দায়বদ্ধতা আৰু জবাবদিহিতা নিৰীক্ষণ আইন, ২০১৭ । অভিভাৱক – জ্যেষ্ঠ নাগৰিকৰ ৰক্ষণাবেক্ষণ আৰু কল্যাণ আইন, ২০০৭ৰ ওপৰত অনুষ্ঠিত সভাখনিত সমল ব্যক্তি হিচাবে উপস্থিত থাকে অধিবক্তা ববিতা বৰা আৰু পুনম খাউণ্ডে উল্লেখিত দুয়োখন আইনৰ সন্দৰ্ভত উপস্থিত ৰাইজক বৃষ্টিত ব্যাখ্যা আগবঢ়োৱাৰ লগতে বিশেষকৈ অভিভাৱকৰ যতন , আৰ্থিক সাহায্য আৰু আৱেগিক সুস্থ তাৰ ওপৰত আইনি দিশসমূহ আলোকপাত কৰে ৷ ইয়াৰ উপৰিও সভাখনিত সমল ব্যক্তি দ্বয়ে জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধীনত চলি থকা সকলো ধৰণৰ বিনামূলীয়া আইন সাহায্য সন্দৰ্ভত ৰাইজক সজাগ কৰে। দুখীয়া – নিচলা মানুহে কি দৰে বিনামূলীয়াকৈ আইন লাভ কৰিব, বিনামূলীয়াকৈ কেনেকৈ কেচ – মোকৰ্দমা কৰিব পাৰিব সেই সন্দৰ্ভত সমল ব্যক্তি দ্বয়ে উপস্থিত ৰাইজক অৱগত কৰে। সভাত মাজুলী জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা সমন্বয়ক কুকি বৰাই জেষ্ঠ নাগৰিক সকলক বাবে থকা চৰকাৰী সা- সুবিধা সমূহ কেনেকৈ লাভ কৰিব পাৰি সেই সন্দৰ্ভত ভাষণত উল্লেখ কৰে। সভাখনিত উপস্থিত থাকে মাজুলী জিলা জেষ্ঠ নাগৰিক সন্থাৰ সভাপতি দেৱ বৰা , সম্পাদক হৰেন্দ্ৰ হাজৰিকা , কেন্দ্ৰীয় কমিটিৰ সভাপতি ললিত হাজৰিকা , মাজুলী জিলা সাংবাদিক সন্থাৰ সভাপতি দিবাকৰ শইকীয়া । সভাখনি আঁত ধৰে জিলা মুখ্য আইনী সাহায্য প্ৰতিৰক্ষা অধিবক্তা বুদ্ধেশ্বৰ পামেগামে আদৰণি ভাষণ প্ৰদান কৰে পাৰা আইনী স্বেচ্ছাসেৱক টংকেশ্বৰ দাসে ।