মাজুলী জিলা আইন সেৱা প্ৰধিকৰণ আৰু জিলা ন্যায়পালিকাৰ সহযোগীতাত ৰাষ্ট্ৰীয় লোক আদালত

মাজুলী জিলা আইন সেৱা প্ৰধিকৰণ আৰু জিলা ন্যায়পালিকাৰ সহযোগীতাত ৰাষ্ট্ৰীয় লোক আদালত

বিকাশ শইকীয়াঃ মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশ মতে অন্যান্য জিলা সমূহৰ লগতে আজি মাজুলী জিলা আইন সেৱা প্ৰধিকৰণ আৰু জিলা ন্যায়পালিকাৰ সহযোগীতাত ৰাষ্ট্ৰীয় লোক আদালত  জিলাখনৰ কেইবাখনো আদালতত অনুষ্ঠিত কৰা হয়। আজিৰ এই লোক আদালত  জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত, মাজুলী জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালত আৰু কাৰ্যবাহী দণ্ডাধীশ আদালত সমুহত অনুষ্ঠিত হয়। আজিৰ লোক আদালতত ২২১ টা বেংক ৰিক’ভাৰি গোচৰ ধাৰ্য্য কৰাৰ ১২ টা ছেটলমেণ্ট হয় আৰু  ১০৪৬৬০৫ টকা ৰিক’ভাৰ হয়, বিদ্যুৎ বিলৰ গোচৰ ৩০০ টা ধাৰ্য্য কৰা হৈছিল তাৰে ৮৮ টা গোচৰ নিষ্পত্তি হয় আৰু ৭৫৯৪৬৩ টকা ৰিকভাৰ হয়। বি এছ এন এলৰ ৩৮ গোচৰ ধাৰ্য্য কৰা হৈছিল তাৰে ৭ টা গোচৰ নিষ্পত্তি হোৱাত ১৩০৩০ টকা ৰিক’ভাৰি হয় আৰু ২৭ টা ফৌজদাৰী আপোচযোগ্য গোচৰ ধাৰ্য্য কৰাৰ বিপৰীতে ৪ টা গোচৰ আপোচ মিমাংসা হয়।  মটৰ দুৰ্ঘটনা গোচৰ ৪ টা বৈবাহিক গোচৰ ৪ টা ধাৰ্য্য কৰা হৈছিল যদিও এটাও গোচৰ নিষ্পত্তি নহ’ল। ৰেভিনিউ গোচৰ ৩৮ টা ধাৰ্য্য কৰাৰ বিপৰীতে ১টা গোচৰ নিষ্পত্তি হয় আৰু ৫৫০০ টকা মুকলাই দিয়া হয়। ৪৪৭ টা যান বাহন অপৰাধ সম্পৰ্কীয় গোচৰ ধাৰ্য্য কৰাৰ বিপৰীতে ২৮৭ টা গোচৰ নিষ্পত্তি হয় আৰু ৫৮০০০ টকা আহৰন কৰা হয়। অন্যান্য ১ টা দেবানী গোচৰ ধাৰ্য্য কৰা হৈছিল যদিও নিষ্পত্তি নহ’ল। আজিৰ লোক আদালতত সৰ্বমুঠ ১০৮০ টা গোচৰ ধাৰ্য্য কৰা হৈছিল তাৰে ৩৯৯ টা গোচৰ নিষ্পত্তি হয় আৰু মুঠ ১৮৭১৫৯৮ টকা আহৰন কৰা হয়। আজিৰ লোক আদালত সমুহত উপস্থিত থাকে জিলা আৰু সত্ৰ ন্যায়াধীশ উৎপল প্ৰসাদ , জিলা মুখ্য ন্যায়িক দণ্ডাধীশ  বংকিম শৰ্মা, মহকুমা ন্যায়িক দণ্ডাধীশ ত্ৰিদিপ ভট্টাচাৰ্য আৰু জিলা আইন সেৱা প্ৰধীকৰণৰ তৰফৰ পৰা উপস্থিত থাকে জিলা আইন সেৱা প্ৰধীকৰণৰ সচিব সৰস্বতী জহৰী পাদুন, উপ মূখ্য আইন সহায়ক প্ৰতিৰক্ষা অধিবক্তা বৰ্ণালী চায়েঙ্গীয়া, ৰুনজুন দলে, আইন সহায়ক অধিবক্তা ঋতুপৰ্ণ শইকীয়া আৰু ববিতা বৰা। বিভিন্ন কাৰ্যালয়ৰ কাম কাজ সমুহ সম্পাদন কৰাত সহায়ৰ হাত আগবঢ়ায় আদালত সমুহৰ কৰ্মচাৰী আৰু জিলা আইন সেৱা প্ৰধীকৰণৰ অৰ্ধ আইন সেৱক সেৱিকা সকলে।