মাজুলী জিলা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত , মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগিতাত বিশ্ব পৰিৱেশ দিৱস পালন

মাজুলী জিলা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত , মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগিতাত বিশ্ব পৰিৱেশ দিৱস পালন

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলী জিলা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত, মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।  পীতাম্বৰ দেৱ গোস্বামী  জিলা অসামৰিক চিকিৎসালয় আৰু পীতাম্বৰ দেৱ গোস্বামী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰৰ পূৰ্ণ সহযোগত আজি  দিনজোৰা কাৰ্যসূচীৰে এই বিশ্ব পৰিৱেশ দিৱস কাৰ্যসূচী ৰূপায়ন কৰা হয়। মাজুলী চিভিল ডিফেন্সৰ দুই শতাধিক কৰ্মীয়ে প্ৰথমে পীতাম্বৰ দেৱ গোস্বামী জিলা অসামৰিক চিকিৎসালয় প্ৰাংগনত পৰিৱেশ পৰিস্কৰণ কাৰ্যসূচী ৰূপায়ন কৰে।

উক্ত কাৰ্যসূচী শুভ উদ্বোধন কৰে মাজুলী জিলা চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডা০মাণিক মিলিয়ে । এই পৰিস্কৰণ কাৰ্যসূচীত চিভিল ডিফেন্সৰ স্বেচ্ছাসেৱকসকলে নৱ নিৰ্মিত মাজুলী জিলা আয়ুক্ত কাৰ্যালয়, শংকৰদেৱ শিশু বিদ্যা নিকেতন, গড়মূৰ; পীতাম্বৰ দেৱ গোস্বামী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় আৰু পীতাম্বৰ দেৱ গোস্বামী মহাবিদ্যালয় প্ৰাংগনতো ৰূপায়ন কৰে।

পীতাম্বৰ দেৱ গোস্বামী  জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব  সন্দিপ কৌশিকে এটি গছপুলি ৰোপনেৰে শুভাৰম্ভ কৰে।  দুপৰীয়া বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অধ্যক্ষ অজিত সভাপণ্ডিতৰ সভাপতিত্বত এখনি সজাগতা সভা অনুষ্ঠিত হয়।  মাজুলী জিলা চিভিল ডিফেন্সৰ ডিভিজনেল ৱাৰ্ডেন তথা প্ৰৱক্তা ৰমেশ চন্দ্ৰ শইকীয়াই আঁত ধৰা  সজাগতা সভাখনিত সমল ব্যক্তি হিচাবে মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব সন্দিপ কৌশিক আৰু মাজুলী জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জিলা আঁচনি বিষয়া দিব্যজ্যোতি শইকীয়াই পৰিৱেশ সন্দৰ্ভত তত্বগধুৰ ভাষন প্ৰদান কৰে ।

সজাগতা সভা খনিত বিদ্যালয়ৰ শিক্ষক সকলৰ মাজৰ পৰা যদু কলিতা, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ স্বেচ্ছাসেৱক অতুল গাম, ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা অলিম্পিকা হাজৰিকা, হৰিদেৱ কমান, বাস্তৱ পেগু আৰু বিউতি হাজৰিকাই ভাষন প্ৰদান কৰে। অনুষ্ঠানত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মাজুলী জিলা চিভিল ডিফেন্সৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰদান কৰা হয়। শেষত,  অনুষ্ঠানটিৰ শলাগ জ্ঞাপন কৰে প্ৰৱক্তা যদু কলিতাই।